প্ৰাক্তন কংগ্ৰেছী মন্ত্ৰী ৰছিদুল হকৰ দেহাৱসানত ভিন্ন দল-সংগঠনৰ শোক

nno

প্ৰাক্তন কংগ্ৰেছী নেতা তথা হিতেশ্বৰ শইকীয়া মন্ত্ৰী সভাৰ অন্যতম মন্ত্ৰী ৰছিদুল হকৰ যোৱা বৃহস্পতিবাৰে মৃত্যু ঘটে ৷
উল্লেখযোগ্য যে নগাঁও চহৰৰ দক্ষিণ হয়বৰগাঁও নিবাসী, প্ৰাক্তন মন্ত্ৰী ৰছিদুল হকৰ বৃহস্পতিবাৰে বিয়লি প্ৰায় ৫ বজাত নগাঁৱৰ এখন ব্যক্তিগত চিকিৎসালয়ত মৃত্যু হয়।

জানিব পৰা মতে বৃহস্পতিবাৰে পুৱা হক হঠাৎ অসুস্থ হৈ পৰাত ততাতৈয়াকৈ চিকিৎসালয়ত ভৰ্তি কৰে পৰিয়ালে৷ পুৱাৰে পৰা কৰা চিকিৎসাৰ অন্তত কালি বিয়লি শেষ নিশ্বাস ত্যাগ কৰে হকে।

প্ৰসংগক্ৰমে উল্লেখযোগ্য যে প্ৰয়াত মুখ্যমন্ত্ৰী হিতেশ্বৰ শইকীয়া চৰকাৰৰ পশুপালন বিভাগৰ ৰাজ্যিক মন্ত্ৰী ৰূপে কাৰ্যভাৰ গ্ৰহণ কৰিছিল হকে৷ নগাঁও জিলাৰ ৰূপহীহাট বিধানসভা সমষ্টিক প্ৰতিনিধিত্ব কৰা হকৰ মৃত্যুত অঞ্চলজুৰি শোকৰ ছাঁ পৰে। প্ৰবীণ সংখ্যালঘু নেতাগৰাকীৰ মৃত্যুৰ সময়ত বয়স হৈছিল ৮৮ বছৰ।