প্ৰাক্তন বিধায়ক হিতেশ বসুমতাৰীক আটক

পূৰ্বৰ বিপিএফ চৰকাৰৰ দিনত বিভিন্ন বিতৰ্কত সাঙোৰ খাই পৰা বাক্সাৰ মুছলপুৰত চাপাগুৰি সমষ্টিৰ প্ৰাক্তন বিধায়ক হিতেশ বসুমতাৰীক আটক কৰা হৈছে ৷ এক সূত্ৰৰ মতে প্ৰাক্তন বিধায়ক বসুমতাৰীয়ে মুছলপুৰস্থ গড়কাপ্তানী বিভাগৰ কাৰ্যালয়ত এক বিল সংক্ৰান্তত আজি উপস্থিত হৈছিল ৷ তাত উপস্থিত হৈয়েই বসুমতাৰীয়ে তেওঁৰ পাবলগীয়া বিল অনাদায় সম্পৰ্কত  বিষয়াৰ সৈতে এক বিবাদত লিপ্ত হয় ৷ বিষয়াগৰাকীৰ সৈতে তেওঁৰ বাক্ বিতণ্ডাই চৰম পৰ্যায়ত উপনীত হোৱাৰ পিছত পৰিস্থিতি হতাহতিৰ পৰ্যায়লৈ উপক্ৰম ঘটে ৷ কাৰ্যালয়ৰ পৰা অভিযোগ পাই বসুমতাৰীক আৰক্ষীয়ে থানালৈ লৈ আহে ৷ আৰক্ষীয়ে বিধায়ক বসুমতাৰীৰ লগত থকা অনুজ্ঞাপত্ৰযুক্ত পিষ্টলটো জব্দ কৰে ৷ প্ৰাক্তন বিধায়কগৰাকীয়ে  সংবাদ মাধ্যমক জনোৱা  অনুসৰি তেওঁৰ পাবলগীয়া প্ৰায় ৭ কোটি টকাৰ এখন বিল অনাদায়ক লৈয়ে এই বাক-বিতণ্ডাৰ সৃষ্টি হৈছিল আৰু এইক্ষেত্ৰত তেওঁ কোনো অপৰাধ কৰা নাই ৷