১৯৯৬ চনৰ অসম বিধানসভাৰ নিৰ্বাচনত নগাওঁ জিলাৰ যমুনামুখ সমষ্টিৰ পৰা মহম্মদ কামালুদ্দিন ওৰফে মহম্মদ কমৰুদ্দিন নামৰ এজন লোকে প্ৰতিদ্বন্দ্বিতা কৰিছিল। তেওঁ বাংলাদেশী আছিল। বাংলাদেশৰ মৌলবী বাজাৰ জিলাৰ বাসিন্দা এই বাংলাদেশীজনে অসমত অনুপ্ৰৱেশ কৰিছিল ১৯৮০ চনত। ১৯৯০ চনত নগাওঁ জিলাৰে লংকাৰ এগৰাকী যুৱতীক বাংলাদেশী কামালুদ্দিনে বিয়া কৰায় আৰু ওচৰৰে কপাহবাৰী গাঁৱত থাকিবলৈ লয়। চতুৰ কামালুদ্দিনে এইবাৰ জালিয়াতিৰে নিজৰ নামত নগাঁৱতেই ভূমি-সম্পত্তি ক্ৰয় কৰে আৰু ভোটাৰ তালিকাত নিজৰ নাম অন্তৰ্ভুক্ত কৰিবলৈ সক্ষম হয়।
বাংলাদেশীয়ে জালিয়াতিৰে ভোটাৰ তালিকাত নামটো সুমুৱাবলৈ অসমত অন্ততঃ বৰ কষ্ট কৰিবলগীয়া নহয়। এই কামটো সমাধা কৰিব কেনেকৈ লাগে সেই জালিয়াতিৰ বিষয়ে তেওঁলোকে খুব সুন্দৰকৈ জানে আৰু তেনে অবৈধ বাংলাদেশীবোৰৰ মাজত গোটেই অসমতেই পৰস্পৰে পৰস্পৰক সহায় কৰিবলৈ, ভাৰতীয় নাগৰিক সজাবলৈ, এটা ভাল বুজাপৰা থকা নে’টৱৰ্ক তেওঁলোকৰ আছে। চতুৰ বাংলাদেশী কামালুদ্দিনৰ এই জালিয়াতি হয়তো পোহৰলৈ নাহিলহেঁতেন যদিহে ভোটাৰ তালিকাত নামটো সুমুৱাবলৈ সক্ষম হোৱাৰ পাছতেই কামালুদ্দিনে বিধান সভা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা নকৰিলে হয়। তেনেকৈয়ে হয়তো এতিয়াও কিমান যে অবৈধ বাংলাদেশী অসমত সুন্দৰকৈ নিৰাপদে বাস কৰি আছে।
কামালুদ্দিনৰ কাহিনী ইমানতে সামৰণি পৰা নাই। ১৯৯৬ চনত নিৰ্বাচনী যুঁজ দিলে। ১৯৯৮ চনত কামালুদ্দিন অবৈধ বাংলাদেশী বুলি চিনাক্ত হ’ল আৰু অসমৰ পৰা বাংলাদেশলৈ বহিষ্কৃত হ’ল। ভাৰত-বাংলাদেশৰ উন্মুক্ত সীমান্তৰে কামালুদ্দিন আকৌ অসমত অনুপ্ৰৱেশ কৰিলে। পুনৰবাৰ ২০০০ চনত কামালুদ্দিন বাংলাদেশলৈ বহিষ্কৃত হয়। আকৌ একেই পথেৰে অসমলৈ আহি নগাঁৱত থিতাপি লয়। ২০০৮ চনৰ জুলাইত গুৱাহাটী উচ্চ ন্যায়ালয়ৰ কঠোৰ নিৰ্দেশমৰ্মে পুনৰবাৰ গ্ৰেপ্তাৰ কৰি কৰিমগঞ্জ সীমান্তৰে তৃতীয়বাৰৰ বাবে কামালুদ্দিনক বাংলাদেশলৈ বহিষ্কাৰ কৰা হয়।
২০০৮ৰ পৰা এতিয়া ২০১৮ চন। কোনে জানে এতিয়ালৈ চাগে কামালুদ্দিন আকৌ একেই উন্মুক্ত সীমান্তৰে পুনৰবাৰ অনুপ্ৰৱেশ কৰি অসমতেই আকৌ থিতাপি লৈ জীৱনৰ শেষ কালছোৱা কটাই আছে!
আকৌ নগাঁৱৰেই কাহিনী। এইবাৰ কাহিনীৰ নায়িকা জহুৰা খাতুন। জহুৰা নগাওঁ জিলাৰ ধিং থানাৰ অন্তৰ্গত এক নং কান্দুলীমাৰী গাঁৱৰ বাসিন্দা। বিদেশী ন্যায়াধীকৰণে জহুৰা খাতুনক ২০০৫ চনত বিদেশী বুলি চিনাক্ত কৰে। তাৰপিছতো ১২ বছৰ কাল নিৰ্বিবাদে জহুৰা নগাঁৱতেই বাস কৰি থাকে। এন আৰ চি আৰু আধাৰ কাৰ্ডৰ কামৰ তৎপৰতা বঢ়াৰ লগে লগে জহুৰাৰো গা লৰে। বিদেশী ন্যায়াধীকৰণে বিদেশী বুলি চিনাক্ত কৰাৰ ১২ বছৰৰ পাছত এতিয়া জহুৰাই ভোটাৰ পৰিচয় পত্ৰ, আধাৰ কাৰ্ড আৰু অন্যান্য বহু নথি-পত্ৰসহ ভাৰতীয় নাগৰিকত্বৰ দাবী তুলি গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ওচৰ চাপিছে।
জহুৰাৰ জালিয়াতি দেখি উচ্চ ন্যায়ালয়ে তবধ মানে আৰু জহুৰাৰ আবেদন নাকচ কৰি অসম আৰক্ষীক জহুৰাৰ বিৰুদ্ধে তৎকালীন ব্যৱস্থা ল’বলৈ নিৰ্দেশ দিয়ে। আমোদজনক কথা– আৰক্ষীয়ে জহুৰাৰ কোনো অস্তিত্বই ২৩ এপ্ৰিল, ২০১৮ চনলৈ বিচাৰিয়েই পোৱা নাছিল। ২৩ এপ্ৰিলৰ সন্ধিয়া জহুৰাক সীমান্ত আৰক্ষীয়ে আটক কৰে। উদ্বেগজনক কথা– জহুৰাই ভোটাৰ পৰিচয় পত্ৰকে আদি কৰি অন্যান্য নথি-পত্ৰৰ ভিত্তিত ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীত নাম অন্তৰ্ভুক্তিৰ বাবে আবেদন জনাইছে। এনে জহুৰা অসমত শ, হাজাৰ, লাখতো ওলাব পাৰে। জহুৰা মাথোঁ এটা উদাহৰণ।
তৃতীয় কাহিনীটো গোৱালপাৰা জিলাৰ দুধনৈৰ। অনুপ্ৰৱেশৰ জৰিয়তে গোৱালপাৰা জিলাৰ দুধনৈত বসতি লোৱা অবৈধ বাংলাদেশী নুৰ হুছেইন খলিফা, পুত্ৰ মহম্মদ আলী আৰু কন্যা নুৰজাহান ১৯৬৫ চনত তেতিয়াৰ মুখ্যমন্ত্ৰী বিমলা প্ৰসাদ চলিহাই বাংলাদেশলৈ বহিষ্কাৰ কৰা ১,৪৩,৪৩৮ জনৰ তিনিজন আছিল। সম্পূৰ্ণ দুটা দশক এই পৰিয়ালটোৱে বাংলাদেশৰ গাজীপুৰত বাস কৰাৰ পাছত ১৯৮৬ চনত মহম্মদ আলীৰ পত্নী হাছিনা আখতাৰা, দুই পুত্ৰ মামুন ৰছিদ আৰু হাৰুণ ৰছিদে সপৰিয়ালে অসমত অনুপ্ৰৱেশ কৰে আৰু দুধনৈৰ থেকাছু দ্বিতীয় খণ্ডত স্থায়ীভাৱে বাস কৰিবলৈ লয়। জালিয়াতিৰ জৰিয়তে ভোটাৰ তালিকাত নিজৰ নাম অন্তৰ্ভুক্ত কৰিবলৈ সক্ষম হোৱা (ক্ৰমিক নং ৭৬০ত হাছিনা আখতাৰা, ৭৬১ত মামুন ৰছিদ, ৭৬২ত হাৰুণ ৰছিদ) পৰিয়ালটোৱে সম্প্ৰতি বিভিন্ন জালিয়াতিৰ আশ্ৰয়তে ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীত নাম অন্তৰ্ভুক্ত কৰিবলৈ তৎপৰ হৈছে। এয়াও কামালুদ্দিন, জহুৰা খাতুনৰ দৰে অন্য এটা উদাহৰণ।
চতুৰ্থ ঘটনাটো যোৱা ২৩ এপ্ৰিলৰ। বৰপেটাত এন আৰ চিৰ বংশবৃক্ষ পৰীক্ষা কৰিবলৈ অহা বৰপেটা চহৰৰ এম চি কলেজ কেন্দ্ৰৰ পৰা ৰমেলা খাতুন নামৰ মহিলাগৰাকীৰ লগতে জুলমত আলী আৰু ৰঞ্জন আলী নামৰ আন দুজনক আৰক্ষীয়ে আটক কৰে। ইয়াৰে এজন ৰমেলাৰ পিতৃ আৰু আনজনৰ ৰমেলা হৈছে দ্বিতীয়া পত্নী। জালিয়াতিয়ে এই স্তৰ পাইছে– পঞ্চায়তৰ তথ্য দাখিল কৰিছে য’ত প্ৰথমা পত্নীৰ নামেৰেই দ্বিতীয়া পত্নীয়ে পৰিচয় দি এন আৰ চিত নাম সুমুৱাবলৈ দাবী কৰিছে। অৱশেষত পঞ্চায়তৰ সম্পাদকৰ তৎপৰতাত নথি জালিয়াতিৰে এন আৰ চিত নাম অন্তৰ্ভুক্ত কৰাৰ চেষ্টা চলোৱাৰ বাবে তিনিও আৰক্ষীৰ হাতত আটক হয়। ধৃত তিনিওৰে ঘৰ বৰপেটাৰ ৰাধাকুছি গাঁৱত।
এনে প্ৰেক্ষাপটত স্বাভাৱিকতে প্ৰশ্ন হয়– পানী নসৰকা ৰাষ্ট্ৰীয় নাগৰিক পঞ্জী এখন সৰ্বশেষত অসমীয়াই পাবনে! বিশ্বৰ সৰ্ববৃহৎ গণতন্ত্ৰৰ দেশত প্ৰশাসন ব্যৱস্থাত জালিয়াতি কিয় ইমান সহজ! আৰক্ষী বাহিনী কিয় ইমান দূৰ্বল! কিয় জহুৰাক আটক কৰিবলৈ অসম আৰক্ষীক ইমান বছৰ লাগিলে! কেনেকৈ এজন বাংলাদেশীয়ে নিৰ্বাচন খেলিব পাৰে! নেতাসৱে শঠতাৰ আশ্ৰয় লৈয়ো বাচি যাব পাৰে কেনেকৈ! সন্দেহ নাই, উচ্চতম ন্যায়ালয়ৰ প্ৰত্যক্ষ তদাৰকীত ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ উন্নীতকৰণে এক নিৰ্ণায়ক গতি লাভ কৰিছে।
তাৰপিছতো প্ৰশ্ন হয়– ১৯৬৫ চনত অসমৰ তদানীন্তন মুখ্যমন্ত্ৰী প্ৰয়াত বিমলা প্ৰসাদ চলিহাৰ দ্বাৰা Prevention of Infiltration from Pakistan Act, 1954, চমুকৈ PIP-ৰ অধীনত বহিষ্কৃত ১ লাখ ৭০ হাজাৰ লোকৰ (১,৪৩,৪৩৮ জন বহিষ্কৃত আৰু ২৫,০০০ জনে ভাৰত ত্যাগৰ জাননী পোৱাৰ পাছত স্বেচ্ছাই উভটি যায়) তেওঁলোকৰেই বা তেওঁলোকৰ উত্তৰপুৰুষৰ যিসকলৰ পিছত আকৌ অসমলৈ অনুপ্ৰৱেশ ঘটিল, তেওঁলোকৰ নাম ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীত সোমাল নেকি! এওঁলোকৰ সম্পৰ্কত উচ্চতম ন্যায়ালয়ৰ স্পষ্ট নিৰ্দেশনা আছেনে! ১৯৬৫ চনৰ ১ লাখ ৭০ হাজাৰৰ উত্তৰপুৰুষৰ সংখ্যাটো আজিৰ তাৰিখত অতি কমেও ২৫ লাখ নহৈছেগৈনে! প্ৰয়াত চলিহাই তাহানিতেই কৈছিল যে পাকিস্তানৰ পৰা তিনি লাখ অবৈধ অনুপ্ৰৱেশকাৰীয়ে তেতিয়ালৈ অসমত সোমাইছিল।
চলিহাৰ দ্বাৰা বহিষ্কৃতসকলৰ আটাইখিনিৰে নিশ্চিতভাৱে ১৯৫১ চনৰ ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীত নাম আছে আৰু ১৯৫১ৰ ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ আধাৰতেই বৰ্তমানে ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ উন্নীতকৰণৰ কাম চলি আছে। ১৯৬৫ চনত বাংলাদেশলৈ বহিষ্কৃত হোৱাৰ পাছত আৰু কিয়দংশই স্বেচ্ছাই বাংলাদেশলৈ উভটি যোৱাৰ পাছত আকৌ অসমত অনুপ্ৰৱেশ কৰিছে যে তাত সন্দেহ নাই। নিশ্চিতভাৱে তেওঁলোকে ভোটাৰ তালিকাৰ লগতে তেতিয়াৰ পৰৱৰ্তী নাগৰিক পঞ্জীত নাম অন্তৰ্ভুক্তিৰ বাবে জালিয়াতি কৰিছে।
জালিয়াতি এই কাৰণেই তেওঁলোকে কৰিছে বুলি ক’ব পাৰি– কাৰণ ইতিপূৰ্বে তেওঁলোকৰ ভাৰতীয় নাগৰিকত্ব নাকচ হৈছে। এই জালিয়াতিবোৰক প্ৰতিহত কৰি এতিয়া এখন বিশুদ্ধ এন আৰ চি প্ৰস্তুত কৰি তোলা সম্ভৱ হ’বনে! স্মৰ্তব্য যে এই বিষয়টো উচ্চতম ন্যায়ালয়ৰ দৃষ্টিগোচৰ কৰাৰ কথা আছিল ৰাজ্যখনৰ কেবিনেট উপ-সমিতিয়ে।
পৰৱৰ্তী সময়ত ষ্টে’টাছটো কি হ’ল জনা নাযায় যদিও তৰুণ গগৈয়ে চলিহাৰ মুখ্যমন্ত্ৰিত্বৰ কালত বহিষ্কৃত আৰু স্বেচ্ছাই বিতাড়িত হোৱাসকলৰ নাম-ধামেৰে এখন শ্বেতপত্ৰ প্ৰকাশ কৰাৰ সৎসাহস কৰিছিল।
উল্লেখৰ প্ৰয়োজন, ভাৰতীয় সংবিধানৰ সপ্তম অনুচ্ছেদে এইসকল পাকিস্তানীকো আকৌ এইদৰে নাগৰিকত্ব প্ৰদান কৰিছে—‘Rights of citizenship of certain migrants to Pakistan notwithstanding anything in Articles 5 and 6, a person who has after the first day of March, 1947, migrated from the territory of India to the territory now included in Pakistan shall not be deemed to be a citizen of India: Provided that nothing in this article shall apply to a person who, after having so migrated to the territory now included in Pakistan, has returned to the territory of India under a permit for resettlement or permanent return issued by or under the authority of any law and every such person shall for the purposes of clause (b) of Article 6 be deemed to have migrated to the territory of India after the nineteenth day of July, 1948.’ কিন্তু নাগৰিকত্ব আইন, ১৯৫৫ৰ Section 9 (2) আৰু নাগৰিকত্ব নিয়ম, ১৯৫৬ ৰ ৰুল ৩০এ স্বেচ্ছাই কোনো ব্যক্তিয়ে অন্য ৰাষ্ট্ৰৰ নাগৰিকত্ব লাভ কৰিলে সেইজন ব্যক্তিৰ ভাৰতীয় নাগৰিকত্ব খৰ্ব হয় বুলিও কৈছে।
একেদৰে দেশ বিভাজনৰ সময়ত অসমৰ বহু মুছলমান পৰিয়ালে ভাৰতীয় নাগৰিকত্ব স্বেচ্ছাই ত্যাগ কৰি তেতিয়াৰ পূব পাকিস্তানৰ হিন্দু বাঙালী পৰিয়ালৰ সৈতে ভূমি-সম্পত্তি বিনিময় কৰি পাকিস্তানৰ স্থায়ী নাগৰিকত্ব গ্ৰহণ কৰিছিল। কিন্তু পৰৱৰ্তী সময়ত সেই মুছলমান পৰিয়ালবোৰৰ অধিকাংশই, প্ৰায়খিনিয়ে, অসমলৈ অনুপ্ৰৱেশ কৰি উক্ত ভূমি-সম্পত্তি কাঢ়ি লয় আৰু অসমত স্থায়ীভাৱে থাকিবলৈ লয়। এনেদৰে কাঢ়ি লোৱা ভূমি-সম্পত্তি সম্পৰ্কত অবিভক্ত নগাওঁ জিলাৰ বহু থানাত বহুতো গোচৰ অদ্যপি নিষ্পত্তি নোহোৱাকৈ আছে। এইদৰে স্বেচ্ছাই ভাৰতীয় নাগৰিকত্ব ত্যাগ কৰি পাকিস্তানী বা বাংলাদেশী নাগৰিকত্ব গ্ৰহণ কৰা সেই পৰিয়ালৰ লোকবোৰে এতিয়া এন আৰ চিত নাম অন্তৰ্ভুক্ত কৰিব পাৰিবনে বা ভাৰতীয় নাগৰিকত্বৰ স্বীকৃতি পাবনে! এই সম্পৰ্কত উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশনা কি! এওঁলোকৰ জনসংখ্যাটোওতো এতিয়া কেবা লক্ষাধিক হ’বগৈ।
ভাৰতীয় সংবিধানৰ ষষ্ঠ অনুচ্ছেদে অথচ এইসকল পাকিস্তানী মুছলমানকো ভাৰতীয় নাগৰিকত্ব দি থৈছে এইদৰে—‘Rights of citizenship of certain persons who have migrated to India from Pakistan notwithstanding anything in Article 5, a person who has migrated to the territory of India from the territory now included in Pakistan shall be deemed to be a citizen of India at the commencement of this Constitution if (a) he or either of his parents or any of his grandparents was born in India as defined in the Government of India Act, 1935 (as originally enacted)’। নেহৰু-লিয়াকত চুক্তিখনো জানো এইচাম লোকক জীৱন, জীৱিকা আৰু সম্পত্তিৰ নিৰাপত্তা দিবলৈয়ে নকৰিছিল! নাগৰিকত্ব আইন, ১৯৫৫ৰ Section 9 (2) আৰু নাগৰিকত্ব নিয়ম, ১৯৫৬ৰ ৰুল ৩০ এওঁলোকৰ ক্ষেত্ৰতো নাখাটিবনে!
অনুপ্ৰৱেশৰ সমস্যাই জটিল কৰি তোলা অসমত আজি ধৰ্মৰ সংকট, ভাষাৰ সংকট, জাতিৰ সংকট। এখন পানী নসৰকা এন আৰ চিয়েই অসমক এই সংকটলানিৰ পৰা উদ্ধাৰৰ একমাত্ৰ মহৌষধ হ’ব পাৰে! কিন্তু ওপৰত আলোচিত কথাৰ পৰা এই প্ৰশ্নই হয়– মাইনাছ পাকিস্তানী মুছলমান এখন ৰাষ্ট্ৰীয় নাগৰিক পঞ্জী অসমে পাব নোৱাৰে নেকি! ওপৰত কৈ অহাসকলৰ নাম যদি নাগৰিক পঞ্জীখনত সোমায়, এইখন বিশুদ্ধ ৰাষ্ট্ৰীয় নাগৰিক পঞ্জী বুলি ক’ব পৰা যাব জানো!
এয়া ঠিক যে উন্মুক্ত আন্তঃৰাষ্ট্ৰীয় সীমান্ত থাকিলে অনুপ্ৰৱেশ হ’বই পাৰে। কিন্তু যিখন ৰাষ্ট্ৰত দশক দশক জুৰি অনুপ্ৰৱেশ ঘটিছে, সেই ৰাষ্ট্ৰৰ অনুপ্ৰৱেশ প্ৰতিহতকৰণৰ বাবে এটা শক্তিশালী ন্যায়িক আৰু প্ৰশাসনিক ব্যৱস্থা আজিকোপতি গঢ় লৈ নুঠাটোও বাৰুকৈয়ে বৰ বেদনাদায়ক আৰু হতাশাজনক নহয়নে! এই হতাশাজনক ছবিখনৰ এটা চমু আভাস দি এই লেখাটো সামৰণি মাৰিছোঁ।
চৰকাৰী তথ্যমতে বিদেশী ন্যায়াধীকৰণে বিগত সময়ছোৱাত ৮৬,৪৮৯ জন লোকক বিদেশী হিচাপে চিনাক্ত কৰিছে। এই সংখ্যাটো চৰকাৰে বিগত সময়ছোৱাত কেৱল বিদেশী চিনাক্তকৰণ আৰু বহিষ্কৰণৰ বাবেই খৰছ কৰা ধন আৰু নিয়োগ কৰা মানৱ শক্তিৰ তুলনাত লাখ লাখ বিদেশীৰ বৰ্তমানৰ বিপৰীতে তেনেই নগণ্য। এই নগণ্যসংখ্যক বিদেশীৰ মাত্ৰ ২৯,৬৬৩ জন বিদেশীক বিদেশী ন্যায়াধীকৰণে বাংলাদেশলৈ ‘পুচ বেক’ কৰাৰ বিপৰীতে মাত্ৰ ৭১ জন বিদেশীক বহিষ্কাৰ কৰিছে। আনহাতে ৮৩৩ জন বিদেশী বৰ্তমানে ডিটেনচন কেম্পত আছে আৰু ৪১,০৩৩ জন বিদেশী পলাতক হৈ আছে।
লাখ লাখ বিদেশীৰ অবাধ বিচৰণৰ সত্যতাৰ বিপৰীতে এয়া এক সামান্য পৰিসংখ্যা মাত্ৰ। এই পৰিসংখ্যায়েই স্পষ্ট কৰে বিদেশী চিনাক্তকৰণ আৰু বহিষ্কৰণক লৈ দেশৰ কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰ আৰু চৰকাৰৰ নেতাসকল আচলতে কিমান ছিৰিয়াছ! তাৰপিছত আকৌ দেশৰ নেতায়েই হিন্দূ্-মুছলমান বুলি ধৰ্মৰ আফিং খুৱাই বিদেশীৰ স্বাৰ্থত এইখন দেশত, এইখন ৰাজ্যত জাতি প্ৰেমৰ, ৰাষ্ট্ৰ নিৰ্মাণৰ ৰাজনীতি কৰে! অসমৰ জনসাধাৰণৰ বাবে ইছ্যু হিন্দু-মুছলমান নহয়, ইছ্যু ভাৰতীয় বনাম বিদেশীহে। এই সত্য ৰাষ্ট্ৰই উপলব্ধি কৰিব নোৱৰালৈকে অসমত সংঘাত, সংঘৰ্ষৰ অৱসান ঘটিব বুলি আশা কৰিব পৰা নাযায়। এই কথাষাৰো অৱশেষত মোৰ মনলৈ আহিল, যিষাৰ নক’লে আকৌ এতিয়া মোক পাপে চুব– ট্ৰেজেদি নে কমেডি, কমেডি নে ট্ৰেজেদি ধৰিব নোৱৰা পাক লগা কৌতুক এই স্বদেশী বিদেশীৰ কাহিনী– আব্দুৰ ৰৌফ নামৰ বিদেশী বুলি চিনাক্ত লোক এজনক বাংলাদেশী খেদা আন্দোলনৰ নেতা প্ৰফুল্ল কুমাৰ মহন্তয়ো অগপৰ টিকট দি বিধায়ক বনাইছিল। তেওঁৰ সতি-সন্ততিৰ নামো চাগে এন আৰ চিত প্ৰফুল্ল মহন্তৰ নামটোৰ কাষতে সোমাব। সেইকাৰণেই জয়ন্ত হাজৰিকাই গাইছিল–
‘শগুনে সদায় সভাকে পাতে
ভাষণ পৰি ৰ’ল,
আমাৰ জীৱন মৃত হৰিণৰ
বেঁকা শিং যেন হ’ল!’
ধ্ৰুৱাৰ্ক চৌধুৰী, গুৱাহাটীস্থিত এজন লেখক।
ই-মেইল : [email protected]