সাধাৰণ ম’বাইল চোৰক ধৰিবলৈ আৰক্ষীয়ে মাতিব লগীয়া হ’ল এছ ডি আৰ এফক

গুৱাহাটী মহানগৰীৰ খোদ ৰাজধানীতেই আৰক্ষীয়ে আজি এজন সাধাৰণ ম’বাইল চোৰক ধৰিবলৈ এছ ডি আৰ এফক (State Disaster Response Force) মাতিব লগীয়াৰ দৰে ঘটনা ঘটিল। আজি দুপৰীয়া মহানগৰীৰ দিচপুৰ থানাৰ একেবাৰে সন্মুখতেই আৰক্ষীৰ এই ব্যৰ্থতা লাজ লগাকৈ উদং খালে আৰু উপস্থিত বহু সংখ্যক লোক তাৰ সাক্ষী হৈ ৰ’ল। ঘটনাটোৰ কেন্দ্ৰবিন্দু ম’বাইল চোৰজনে আজি ১০.৩০ মান বজাত লাচিত নগৰৰ এটা নৱ নিৰ্মিত বিল্ডিঙৰ নিৰ্মাণ কাৰ্যত জড়িত তেওঁৰ সতীৰ্থ শ্ৰমিক এজনৰ ম’বাইল ফোন এটা লৈ পলায়ন কৰে।

লগে লগে সতীৰ্থ শ্ৰমিক কেইজনে চোৰজনক আটক কৰিবলৈ অহাত গণেশগুৰিৰ হনুমান মন্দিৰৰ ওচৰত দেখে। চোৰজনে সতীৰ্থক দেখা পোৱাৰ লগে লগে নিজকে ৰক্ষাৰ বাবে ওচৰৰে নলাত জঁপিয়াই দিয়ে।ঘটনা সন্দৰ্ভত শ্ৰমিককেইজনে দিচপুৰ আৰক্ষীক খবৰ দিয়ে। লগে লগে আৰক্ষী উপস্থিত হয় যদিও পথৰ কাষৰ নলাৰ ভিতৰৰ ফালে সোমাই আত্মগোপন কৰি থকা চোৰজনক কৰায়ত্ত কৰাৰ কৌশল বিচাৰি বহু সময় চেষ্টা অব্যাহত ৰাখে। ফলত বহু সংখ্যক লোকে তেওঁলোকৰ নাটকখন উপভোগ কৰি আমোদ লয়।

হাঁহি উঠা কথাটো হ’ল- এজন সাধাৰণ চোৰে হতবুদ্ধি কৰা দিচপুৰ আৰক্ষীয়ে অৱশেষত এছ ডি আৰ এফ বাহিনীক খবৰ দিয়ে। এছ ডি আৰ এফ বাহিনীও ঘটনাস্থলীত বহু সময় ধৰি চেষ্টা কৰিহে, তাকো স্থানীয় লোকৰ সহযোগত চোৰজনক কৰায়ত্ত কৰিবলৈ সক্ষম হয়। সম্প্ৰতি চোৰজনক দিচপুৰ থানাত জেৰা অব্যাহত ৰাখিছে। চোৰজনৰ পৰা আৰক্ষীয়ে ম’বাইলটো জব্দ কৰে। জানিব পৰা মতে চোৰজনে নিজকে গোৱালপাৰা জিলাৰ লক্ষীপুৰৰ নিবাসী ইনামূল আকন বুলি কৈছে।

উল্লেখযোগ্য যে এছ ডি আৰ এফ (State Disaster Response Force বা ৰাজ্যিক দুৰ্য্যোগ প্ৰশমন বাহিনী) হ’ল অসম চৰকাৰৰ গৃহ বিভাগৰ দ্বাৰা গঠিত  এনে এটা বাহিনী যিটোৰ কাম হ’ল ৰাজ্যখনত সংঘটিত বিভিন্ন প্ৰাকৃতিক তথা মানৱসৃষ্ট দুৰ্যোগৰ সময়ত জনসাধাৰণক সহায় কৰা তথা উদ্ধাৰ অভিযান চলোৱা। বাহিনীটো কেন্দ্ৰত থকা  National Disaster Response Force(NDRF) অনুকৰণত গঠন কৰা হৈছে।