• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Tuesday, January 26, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

প্ৰি-জুডিমা মহোৎসৱ উপলক্ষে হাফলঙত বাইক ৰেলী

NE NOW NEWS পঙ্কজ কুমাৰ দেৱ
হাফলং , December 19, 2017 12:52 pm

2 min read

প্ৰি-জুডিমা মহোৎসৱ উপলক্ষে হাফলঙত বাইক ৰেলী
74
VIEWS
Share on FacebookShare on Twitter

বহু অপেক্ষিত ‘জুডিমা’ মহোৎসৱৰ তৃতীয় সংস্কৰণটো ডিমা হাচাও জিলাৰ দিবাৰাই গাওঁত  অহা ২৮-২৯ ডিচেম্বৰত দুদিনীয়াকৈ অনুষ্ঠিত হ’ব।

ডিমা হাচাও পৰ্যটন বিভাগৰ সহযোগত ডিবৰাই হাফলঙৰ জুডিমা মহোৎসৱ আয়োজক কমিটিয়ে আয়োজন কৰা এই মহোৎসৱখনি দুদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত কৰাৰ বাবে সকলো প্ৰস্তুতি সম্পূৰ্ণ হৈ উঠিছে। এই উৎসৱত স্থানীয়ভাৱে চাউলেৰে প্ৰস্তুত কৰা সোৱাদ পানী জুডিমাই বিশেষভাৱে সমাদৰ লাভ কৰিব।

সেয়েহে ইয়াৰ লগত সংগতি ৰাখি জিলাৰ বিভিন্ন জাতি জনগোষ্ঠীৰ মাজত  একতা তথা ভাতৃত্ববোধ সুদৃঢ় কৰাৰ লক্ষ্য আগত ৰাখি আজি প্ৰি-জুডিমা মহোৎসৱ বাইক ৰেলীৰ আয়োজন কৰা হয়। শতাধিক বাইকাৰ্ছে অংশগ্ৰহণ কৰা ৰেলীখন উদ্বোধন কৰে ডিমা হাচাও জিলাৰ জিলা উপায়ুক্ত দেবজ্যোতি হাজৰিকায়। ৰেলী উদ্বোধন কৰি উপায়ুক্ত গৰাকীয়ে কয় প্ৰাকৃতিক সৌন্দৰ্যতাৰে ভৰপুৰ ডিমা হাচাও জিলাত লাহে লাহে পৰ্যটকৰ সংখ্যা বৃদ্ধি পাবলৈ ধৰিছে। যাৰ ফলত এনে মহোৎসৱে পৰ্যটক সকলক ডিমা হাচাওৰ ফালে অধিক আগ্ৰহী কৰি তুলিব বুলি কয়। আজিৰ এই বাইক ৰেলী দিবাৰাই গাওঁ হৈ জায়ন গাওঁ যাব তাৰ পৰা ল’ৱাৰ হাফলং হৈ হাফলং চহৰৰ মাজেৰে আহি দিবাৰাইত ৰেলীৰ সামৰণি পৰিব।

লক্ষ্যণীয় যে এই মহোৎসৱৰ নাম ডিমাচা সম্প্ৰদায়ৰ পৰম্পৰাগত চাউলৰ পৰা বনোৱা সোৱাদ পানী ‘জুডিমা’ৰ নামেৰে  ৰখা হৈছে আৰু ই হৈছে ডিমাচাসকলৰ সমাজ জীৱনৰ এক অৱিচ্ছেদ্য অংগ।

জিলাখনৰ চহকী সাংস্কৃতিক ঐতিহ্যৰ এক সাংকেতিক উৎযাপনৰ উপৰিও স্থানীয় মদ প্ৰস্তুতকাৰীসকলৰ বিকল্প জীৱিকাৰ সন্ধান আৰু জিলাখনত বাস কৰা জনগোষ্ঠীয় গোটসমূহৰ মাজত পৰ্যটনৰ সম্ভাৱনাসমূহ দাঙি ধৰাই এই মহোৎসৱ আয়োজনৰ মূল উদ্দেশ্য।

Recent News

Story-8-3-750x375

সেনা বিষয়া ৰাণাপ্ৰতাপ কলিতা, ৰাজকুমাৰ পল্লৱ গোঁহাই আৰু প্ৰণৱজ্যোতি দাসলৈ সাহসিকতাৰ সন্মান

USA-TIKTOK/BYTEDANCE

উত্তৰত সন্তুষ্ট নহয় কেন্দ্ৰ; চিৰদিনৰ বাবে নিষিদ্ধ হোৱাৰ পথত TikTokকে ধৰি ৫৯টা চীনা এপ

WhatsApp Image 2021-01-26 at 9.33.43 AM

শাৰীৰিক সম্পৰ্ক স্থাপনত ৰাজী নহ’ল ষষ্ঠ পত্নী; সপ্তম পত্নীৰ সন্ধান ৬৩বছৰীয়া বৃদ্ধৰ

760672-traffic-08-dna-750x375

পুৰণি গাড়ী পুহি ৰখাসকলৰ বাবে নতুন ‘বোজা’ৰ সংকেত! ‘সেউজ কৰ’ লগাব চৰকাৰে

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd