DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, May 24, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অৰুণাচল

পৰশুৰাম কুণ্ডৰ সৰ্বাত্মক বিকাশৰ বাবে অৰুণাচল প্ৰদেশৰ ৰাজ্যপালৰ পৰামৰ্শ

প্ৰনব কুমাৰ দাস by প্ৰনব কুমাৰ দাস
February 10, 2018 12:58 pm
Parashuram Kund (1)
478
VIEWS
Share on FacebookShare on Twitter

অৰুণাচল প্ৰদেশৰ ৰাজ্যপাল ব্ৰিগেডিয়াৰ বি ডি মিশ্ৰই শুকুৰবাৰে লোহিত জিলাত অৱস্থিত পৰশুৰাম কুণ্ড ভ্ৰমণ কৰে।

তীৰ্থস্থানখনৰ বিষয়ে জানিবলৈ ৰাজ্যপালগৰাকীয়ে লোহিত জিলাৰ উপায়ুক্ত কাৰ্মা লেকি আৰু আন জিলা বিষয়াসকলক লগত লৈ ৪০০ টা চিৰিৰে নামি কুণ্ডটোৰ তলিত থকা পৱিত্ৰ স্থানত উপস্থিত হৈ কুণ্ডটো পৰিদৰ্শন কৰে।

তেওঁ পৰ্যটকৰ বাবে  নিৰ্মাণ কৰা আন্ত:গাঁথনি তথা অন্যান্য সা-সুবিধাসমূহৰ বুজ লয়।

জিলা বিষয়াসকললেৰে সৈতে মত বিনিময় কৰি ৰাজ্যপাল গৰাকীয়ে অঞ্চলটোৰ সৰ্বাত্মক বিকাশৰ বাবে পৰামৰ্শ আগবঢ়ায়। স্থানীয় ৰাইজৰ অৰ্থনৈতিক বিকাশৰ লগতে তীৰ্থযাত্ৰীৰ বাবে সা-সুবিধাকে ধৰি ৰাজ্যখনৰ বিখ্যাত তীৰ্থস্থানখনৰ সামগ্ৰিক বিকাশৰ ওপৰত গুৰুত্ব আৰোপ কৰে। তেওঁ লগতে সকলো বিষয় সামৰি এটা ব্লুপ্ৰিন্ট তৈয়াৰ কৰিবলৈ আহ্বান জনায়।

ইয়াৰ আগেয়ে ৰাজ্যপালে ওৱাক্ৰো আৰু পৰশুৰাম কুণ্ড অঞ্চলৰ নেতৃস্থানীয় ব্যক্তি, গাওবুঢ়া, পঞ্চায়ত প্ৰতিনিধিকে ধৰি স্থানীয় ৰাইজক সাক্ষাৎ কৰি কানিৰ খেতি, মাদক দ্ৰব্যৰ প্ৰচলন আৰু বন্দুক সংস্কৃতিৰ বিষয়ত তেওঁৰ চিন্তা ব্যক্ত কৰে।

তেওঁ কয় যে শিশুসকলৰ মাজত মাদক দ্ৰৱ্য সেৱনৰ প্ৰতি অভিভাৱক, আত্মীয়. চুবুৰীয়াকে ধৰি গোটেই সমাজখনে নজৰ ৰাখিব লাগে। ৰাজ্যপালে খেতিয়কসকলৰ বাবে জীৱিকাৰ বিকল্প উৎসৰ ওপৰত গুৰুত্ব দিয়ে।

ৰাজ্যপালগৰাকীয়ে বন্দুক সংস্কৃতিৰ বিষয়ে উল্লেখ কৰি ৰাইজক ইয়াক প্ৰতিৰোধ কৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰে। তেওঁ কয় যে শান্তি আৰু উন্নয়নৰ বাবে আমাৰ জনসাধাৰণে হিংসা, লুণ্ঠন আৰু সন্ত্ৰাসবাদৰ বিৰুদ্ধে মাৰবান্ধি থিয় হ’ব লাগিব।

নামছাইলৈ বুলি যোৱাৰ আগেয়ে ৰাজ্যপাল আৰু তেওঁৰ পত্নীয়ে কুণ্ডৰ ওচৰত থকা পৰশুৰাম মন্দিৰত পূজা সেৱা আগবঢ়ায়।

 

Recent News

Dawood Ibrahim is in Karachi

ক’ত আছে আণ্ডাৰৱৰ্ল্ডৰ কুখ্যাত সম্ৰাট ডাউদ ইব্ৰাহিম! নিজ ভাগিনৰ ভাষ্যত বিস্ফোৰক তথ্য

Punjab CM Mann Sacks A Minister For Corruption

দুৰ্নীতিৰ অভিযোগ: নিজ কেবিনেটৰ স্বাস্থ্য মন্ত্ৰীক বৰ্খাস্ত কৰিলে পঞ্জাৱৰ মুখ্যমন্ত্ৰীয়ে, গ্ৰেপ্তাৰ অভিযুক্ত মন্ত্ৰী

Road Accident in Sipajhar

পূৰণ নহ’ল সেনাত ভৰ্তিৰ সপোন: ছিপাঝাৰত দ্ৰুতবেগী ট্ৰাকে প্ৰাণ ল’লে পাঁচজনৰ

বাহিৰৰ হস্তক্ষেপ সহ্য নকৰে! টাইৱানৰ সম্পৰ্কত বিডেনৰ বক্তব্যক উভতি ধৰিছে চীনে

বাহিৰৰ হস্তক্ষেপ সহ্য নকৰে! টাইৱানৰ সম্পৰ্কত বিডেনৰ বক্তব্যক উভতি ধৰিছে চীনে

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd