ফাৰ্মাচিউটিকেল কোম্পানিক আকৰ্ষিত কৰিবলৈ অসম চৰকাৰ বহু দুৰ যাবলৈ প্ৰস্তুত : হিমন্ত বিশ্ব

Himanta Biswa Sharma at Advantage Assam

ফাৰ্মাচিউটিকেল কোম্পানি সমূহক অসমত বিনিয়োগ কৰিবলৈ আকৰ্ষণ কৰাৰ উদ্দেশ্যে অসম চৰকাৰ বহু দুৰ যাবলৈ প্ৰস্তুত বুলি মন্তব্য কৰে ৰাজ্যৰ স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।

দেওবাৰে চলিত বিশ্ব বিনিয়োগকাৰী সন্মিলনত ভাষণ দি মন্ত্ৰী গৰাকীয়ে কয় যে যিহেতু অসমৰ এখন নিৰ্দিষ্ট ফাৰ্মা পলিচি নাই সেয়ে ৰাজ্যখনলৈ ফাৰ্মাচিউটিকেল কোম্পানি সমূহক উদ্যোগ স্থাপনৰ বাবে আনিবলৈ চৰকাৰে বৰ্তমানৰ বিনিয়োগ নীতিত কিছু সাল-সলনি কৰিবলৈ সাজু আছে।

বিনিয়োগকাৰী সকলক উদ্দেশ্যি শৰ্মাই কয়,’ আমাৰ এক সাধাৰণ বিনিয়াগ নীতি আছে। অৱশ্যে আপোনালোকৰ কিছু বেলেগ প্ৰয়োজনো থাকিব পাৰে, এই ক্ষেত্ৰত অসম চৰকাৰে নীতিসমূহৰ প্ৰয়োজনীয় সাল-সলনি কৰিবলৈ আগ্ৰহী’।

তেওঁ লগতে কয়,’ অসমত বিনিয়াগ কৰিবলৈ আপোনালোকক আমি সকলো ধৰণৰ সুবিধা আগবঢ়াম। ইয়াৰ চৰকাৰ আৰু ৰাজনৈতিক মহল আপোনালোকৰ বাবে অনুকুল। আমাক বিনিয়োগ লাগে, সেয়ে আপোনালোকক আমাৰ ৰাজ্যত পাবলৈ আমি যিকোনো পৰ্যায়লৈ যাম’।

 

স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগৰ আয়ুক্ত সমিৰ কুমাৰ সিনহাই জনাই যে ৯খনকৈ ফাৰ্মা প্ৰতিষ্ঠান স্থাপনৰ জৰিয়তে অসমলৈ ৯০০ কোটি টকাতকৈ অধিক বিনিয়োগ আহিছে।

‘ অসম চৰকাৰে স্বাস্থ্যসেৱা খণ্ডত সৰ্বাধিক গুৰুত্ব দি আহিছে। ২০১৬-১৭ৰ তুলনাত ২০১৭-১৮ বিত্তিয় বৰ্ষত স্বাস্থ্য আৰু পৰিয়াল কল্যাণৰ বাবে বাজেটৰ আবন্টন ১৭ শতাংশলৈ বৃদ্ধি কৰা হৈছিল’ তেওঁ কয়।

আজিৰ অনুষ্ঠানত আইআইটি গুৱাহাটী আৰু কালাম ইনষ্টিটিউট অব হেল্থ টেকন’লজিৰ মাজত এক বুজাবুজি চুক্তি চাক্ষৰিত হয়।