বজালীৰ মালীপাৰাত বিবাহিত পুৰুষৰ দ্বাৰা কিশোৰীক বলাৎকাৰ

torture
বজালীৰ মালীপাৰাত এজন বিবাহিত পুৰুষে এগৰাকী দশম শ্ৰেণীত পঢ়ি থকা কিশোৰীক বলাৎকাৰ কৰাৰ দৰে লজ্জাজনক ঘটনা সংঘটিত হৈছে।
জানিব পৰামতে যোৱা সোমবাৰে গাওঁখনৰ অধয় মালাকাৰ নামৰ এজন ৪৫ বছৰীয়া বিবাহিত লোকে তেওঁৰ প্ৰতিৱেশী কিশোৰীজনীক সন্ধিয়াৰ সময়ত বাটত অকলে পাই নিজৰ দোকানৰ পিছফালে নি বলাৎকাৰ কৰে।
সূত্ৰটোৱে জনোৱা মতে ছোৱালীজনীয়ে তাইৰ দেউতাকক বিচাৰি ওলাই গৈছিল। তেনেকুৱাতে অধয় মালাকাৰে তাইক নিজৰ ফাৰ্নিচাৰ দোকানৰ পিছফাললৈ টানি নি এই অপকৰ্ম সংঘটিত কৰে। পিছত ছোৱালীজনীক ঘটনাৰ বিষয়ে মাক-দেউতাকক ক’লে তাইৰ নগ্ন ফটো ৰাজহুৱা কৰি দিব বুলি ভাবুকি দিয়ে।
ঘৰলৈ ঘূৰাৰৰ পিছত ছোৱালীজনীয়ে পৰিয়ালৰ লোকক ঘটনাৰ বিষয়ে জনায়। ঘটনাটোৰ বিষয়ে জনাজনি হোৱাৰ পিছত ক্ৰোধান্বিত স্থানীয় লোকসকলে অধয় মালাকাৰক বিচাৰি দোকানত উপস্থিত হয়। কিন্তু অধয় মালাকাৰ কোনোমতে পলাই সাৰে। উত্তেজিত লোকসকলে তেওঁৰ দোকানৰ ফাৰ্নিচাৰ আদি ভাঙি নষ্ট কৰে।
জানিব পৰামতে পৰিয়ালৰ লোকে অভিযুক্ত মালাকাৰৰ বিৰুদ্ধে এখন এজাহাৰ দাখিল কৰিছে।
ঘটনাটোৱে পৰিয়ালৰ লোকৰ লগতে স্থানীয় লোকসকলৰ মাজতো তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে। দক্ষিণ বজালী আছু গোটে অপৰাধীক তৎকালে গ্ৰেপ্তাৰৰ দাবী জনাইছে।
আনহাতে পাটাছাৰকুচিৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া বীৰেন কলিতাক যোগাযোগ কৰাত তেওঁ কয় যে অভিযুক্ত অধয় এতিয়াও পলাতক হৈ আছে। আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে আৰু নিৰ্য্যাতিতাগৰাকীক স্বাস্থ্য পৰীক্ষাৰ বাবে বৰপেটালৈ প্ৰেৰণ কৰা হৈছে। থানাখনত অভিযুক্তজনৰ বিৰুদ্ধে এটা গোচৰ ৰুজু কৰা হৈছে।