• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Tuesday, January 26, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

বন্ধুত্ব দিৱসত নগাঁৱত আমিনুৰ ৰহমানৰ একেলগে পঞ্চাশখন শিশু গ্ৰন্থ উন্মোচন কৰিলে সহপাঠীয়ে

NE NOW NEWS মিণ্টু দাস
নগাঁও , August 6, 2018 12:36 pm

3 min read

সহপাঠী নগাঁও
356
VIEWS
Share on FacebookShare on Twitter

বিশ্বজুৰি বন্ধুত্ব দিৱস উদযাপনৰ ধামখুমীয়াৰ মাজত দেওবাৰে নগাঁৱৰ একাংশ সহপাঠীয়ে অসমীয়া সাহিত্য জগতত এক ইতিহাস সৃষ্টি কৰি বিশিষ্ট লিখক আমিনুৰ ৰহমানে লিখা ৫০ খন শিশু গ্ৰন্থ উন্মোচন কৰে। নগাঁও প্ৰেছ ক্লাৱত অনুষ্ঠিত এক গাম্ভীৰ্যপুৰ্ণ অনুষ্ঠানত এই গ্ৰন্থকেইখন উন্মোচন কৰে নগাঁৱৰ সহপাঠী ৮৮’ৰ সদস্যবৃন্দ‌ই।

সীমান্ত বৰাই আঁত ধৰা উন্মোচনী অনুষ্ঠানত গ্ৰন্থকেইখন উন্মোচন কৰি দিয়া ভাষণত সহপাঠী-৮৮’ৰ অন্যতম সদস্য তথা অসম সৰ্বশিক্ষা অভিযান মিশ্যনৰ পৰিকল্পনা বিষয়া তুষাৰ দেৱ গোস্বামীয়ে কয় যে লিখক আমিনুৰ ৰহমানে ছদ্ম নামত লিখা ৫০খন গ্ৰন্থ উন্মোচন কৰা কাৰ্য এক বিৰল ঘটনা হিচাপে পৰিগণিত হৈছে। এনে গ্ৰন্থ‌ই শৈশৱৰ কথা মনত পেলাই দিছে, যিয়ে কল্পনাৰ পৃথিৱীখন জনাত সহায় কৰিব।

এই অনুষ্ঠানত উদ্যোক্তা সংগঠনৰ সভাপতি তথা বিধায়ক ৰূপক শৰ্মাই কয় যে শিশু গ্ৰন্থ‌ই শিশুসকলৰ মনত মানসিক আৰু শৈক্ষিক বিকাশত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰি আহিছে। আজিৰ ডিজিটেল যুগত সাধুকথাৰ প্ৰাসংগিকতা হ্ৰাস পোৱা বুলি উল্লেখ কৰি বিধায়কগৰাকীয়ে কয় যে প্ৰতিটো সাধুকথাত এটা ভাল বাৰ্তা থাকে যিয়ে শিশুৰ মানসিক বিকাশত সহায় কৰে। আজিৰ প্ৰজন্ম‌ৰ নীতি শিক্ষাৰ অভাৱত তেওঁলোকৰ চৰিত্ৰ বহু দিশত স্খলন হৈছে। সেয়ে শিশু গ্ৰন্থৰ গুৰুত্ব আছে বুলি উল্লেখ কৰি লিখক আমিনুৰ ৰহমানৰ প্ৰচেষ্টাৰ শলাগ লয়।

অনুষ্ঠানত নগাঁও প্ৰেছ ক্লাৱৰ সভাপতি কনক হাজৰিকাই অংশ গ্ৰহণ কৰি কয় যে গ্ৰন্থ‌ৰ সুবাসে মানুহৰ মনক আনন্দ দিয়ে। ইয়ে মানুহৰ জ্ঞানৰ পৰিসৰ বৃদ্ধি কৰে বুলিও তেওঁ উল্লেখ কৰে। এই অনুষ্ঠানত উদ্যোক্তা সংগঠনৰ সদস্য ক্ৰমে এ চি এচ বিষয়া চৰফ্ৰাজ হক, আক্ৰাম জামান, লিখক আমিনুৰ ৰহমান প্ৰমুখ্যে বহু কেইগৰাকী শুভাকাংক্ষী তথা পৰিয়ালৰ লোক উপস্থিত থাকে।

আনহাতে, আমিনুৰ ৰহমানে চিত্ৰভানু ছদ্ম নামেৰে লিখা এই পঞ্চাশখন শিশু গ্ৰন্থ কুবেৰ প্ৰকাশনে প্ৰকাশ কৰি উলিয়াইছে।  উন্মোচন কৰা শিশু গ্ৰন্থ কেইখনৰ ভিতৰত অন্যতম হৈছে – ৰজাৰ ডিঙিত মাছৰ কাঁইট, অভিশপ্ত ৰাজকোঁৱৰ, শিয়াল পণ্ডিতৰ পৰিনতি, চাৰি সহোদৰ, সোনালী মাছ, মিছলীয়াৰ পৰিনতি, দৈত্য বধ, সিংহৰ বিলৈ, শিয়ালৰ বুদ্ধি, হিংসুক মন্ত্ৰীৰ পৰিনতি, উপযুক্ত শাস্তি, জীৱ-জন্তুৰ সাধু, ৰাক্ষসিণী আৰু বুধিয়ক ৰাজকোঁৱৰ, দুষ্ট গাধৰ পৰিণতি, ধনৰক্ষিনী নিগনি, এজনী জ্ঞানী হৰিণা, মধুমতি, সততা আৰু উদাৰতাৰ সুফল, উৰণীয়া বাকচ, বিপদৰ বন্ধুৱেই আছল বন্ধু, সদাগৰ আৰু দৈত্যৰ সাধু, শিৱৰ বৰ, এফুটীয়া যাদুকৰ, সাপৰূপী ৰাজকোঁৱৰ, মাছমৰীয়া আৰু সমুদ্ৰ দৈত্যৰ সাধু, ভেকুলী ৰাজকোঁৱৰীৰ সাধু, সিংহৰ বিলৈ, এজন দয়ালু মানুহ, মাছমৰীয়াৰ জীয়েকৰ সাধু, পৰোপকাৰী ৰাজা, মেকুৰীৰ ৰজা, যাদুকৰ আৰু ৰজাৰ যুজঁ, সাগৰীয় অপেশ্বৰীৰ সাধু, ভালুকৰূপী ৰাজকোঁৱৰ, দুই ককাই-ভায়েকৰ কাহিনী, এটা চোৰৰ কাহিনী, ভেবেলা যাদুকৰ, দানৰ মহত্ব।

উল্লেখ্য যে লিখক আমিনুৰ ৰহমানে অনুবাদ সাহিত্য, কবিতা পুথিকে ধৰি প্ৰায় সহস্ৰাধিক বিভিন্ন স্বাদৰ গ্ৰন্থ ইতিমধ্যে ৰচনা কৰি পঢ়ুৱৈ সমাজৰ সমাদৰ লাভ কৰিবলৈ সক্ষম হৈছে।

Recent News

অসমত বিজেপিক ৰুধিবলৈ সাজু কংগ্ৰেছ; ছোনিয়া গান্ধীয়ে গঠন কৰি দিলে কেইবাখনো সমিতি

অসমত বিজেপিক ৰুধিবলৈ সাজু কংগ্ৰেছ; ছোনিয়া গান্ধীয়ে গঠন কৰি দিলে কেইবাখনো সমিতি

শিৱসাগৰত ৰাষ্ট্ৰীয় ভোটাৰ দিৱস উদযাপন

শিৱসাগৰত ৰাষ্ট্ৰীয় ভোটাৰ দিৱস উদযাপন

ভাৰত আৰু চীনা সৈন্যৰ মাজত অনুষ্ঠিত হোৱা নৱম লানি বৈঠকক যোগাত্মক, বাস্তৱিক আৰু গঠনমূলক আখ্যা ভাৰতীয় সেনা বাহিনীৰ

ভাৰত আৰু চীনা সৈন্যৰ মাজত অনুষ্ঠিত হোৱা নৱম লানি বৈঠকক যোগাত্মক, বাস্তৱিক আৰু গঠনমূলক আখ্যা ভাৰতীয় সেনা বাহিনীৰ

আই পি এলৰ বাবে টেষ্ট চেম্পিয়নশ্বিপৰ ফাইনেল পিছুৱালে আই চি চিয়ে

আই পি এলৰ বাবে টেষ্ট চেম্পিয়নশ্বিপৰ ফাইনেল পিছুৱালে আই চি চিয়ে

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd