বলিউদ গায়ক সিদ্ধাৰ্থ মহাদেৱনে সংগীত পৰিৱেশন কৰিব জি আই এম টি ফে’স্ত ‘ইউফুইজম’ত

GIMT

জি আই এম টি ‘ইউফুইজম’ৰ সংবাদমেল

বলিউদ গায়ক সিদ্ধাৰ্থ মহাদেৱন আৰু অসমৰ গায়ক ধীৰাজ কুমাৰে ক্ৰমে অহা ১৫ আৰু ১৬ ফেব্ৰুৱাৰিত জি আই এম টি ফে’স্ত ইউফুইজমত সংগীত পৰিৱেশন কৰিব। এই বছেৰেকীয়া সাংস্কৃতিক কাৰিকৰী অনুষ্ঠানটোৰ আয়োজন কৰে গিৰিজানন্দ চৌধুৰী গ্ৰুপ অৱ ইনষ্টিটিউচনজে।

বৃহস্পতিবাৰে এক সংবাদমেলত ছাত্ৰ সমন্বয়ক ভৰত কলিতাই কয়, ‘অসমৰ গায়ক কুমাৰ ধীৰাজে আমাৰ অনুষ্ঠানত স্ংগীত পৰিৱেশন কৰিব। বলিউদ গায়ক সিদ্ধাৰ্থ মহাদেৱনে শেষৰ দিনা অনুষ্ঠান পৰিৱেশন কৰিব।’

এই দশম সংখ্যক ইউফুইজমভাগ ১৪ ফেব্ৰুৱাৰিৰ পৰা তিনিদিনীয়াকৈ অনুষ্ঠিত হ’ব। অনুষ্ঠানটোত তৰ্ক, গায়ন আৰু কুইজকে ধৰি বিভিন্ন আন্তঃ মহাবিদ্যালয় প্ৰতিযোগিতা অনুষ্ঠিত হ’ব।

এই বৃহৎ অনুষ্ঠানটোত অসমৰ বিভিন্ন ঠাইৰ ছাত্ৰ-ছাত্ৰীয়ে ভাগ লৈ নিজৰ প্ৰতিভা প্ৰদৰ্শন কৰিব পাৰিব বুলি আয়োজকসকলে জনাইছে। প্ৰতিযোগিতাৰ বিজয়ীসকলক ধনেৰে পুৰস্কৃত কৰা হ’ব।

কলিতাই ‘এই বছৰ আমাৰ কাৰ্য্যসূচীৰ মূল বিষয় ‘ইউনইয়া- এক সুন্দৰ পৃথিৱীৰ পথ’। আমি বিশ্বাস কৰো যে এটা সুন্দৰ মনেৰেহে আমি এখন উন্নততৰ পৃথিৱী গঢ়িব পাৰিম’ বুলি মন্তব্য কৰে।

তেওঁ লগতে কয়, ‘আমাৰ আয়োজনৰ অংশ হিচাপে শুকুৰবাৰে আমি মাদাৰ তেৰিজা ফাউণ্ডে’চনৰ সৈতে এক দান সংগ্ৰহ কাৰ্য্যসূচী গ্ৰহণ কৰা হৈছে।’

ছাত্ৰ-ছাত্ৰীসকলৰ বাবে অনুষ্ঠানটোৰ প্ৰথম দুদিনৰ প্ৰৱেশ বিনামূলীয়া হ’ব। তৃতীয় দিনাৰ কাৰ্য্যসূচীৰ বাবে গুৱাহাটীৰ বিভিন্ন কলেজসমূহত প্ৰৱেশপত্ৰ ভগাই দিয়া হৈছে।