বাংলাদেশত ভয়াৱহ বানপানীৰ আশংকা প্ৰকাশ বতৰ বিজ্ঞান কেন্দ্ৰৰ

Rain

সমাগত বাৰিষাৰ সময়ছোৱাত স্বাভাৱিকতকৈ অধিক পৰিমাণৰ বৰষুণৰ বাবে চুবুৰীয়া ৰাষ্ট্ৰ বাংলাদেশত হ’ব পাৰে ভয়াৱহ বানপানীৰ।— এই আশংকা প্ৰকাশ কৰিছে বতৰ বিজ্ঞান বিভাগে।

বিশেষকৈ বাংলাদেশৰ মৌলবীবজাৰ, হাবিগঞ্জ আৰু কিশোৰগঞ্জত বান পৰিস্থিতি ভয়াৱহ হোৱাৰ আশংকা প্ৰকাশ কৰা হৈছে। বতৰ বিজ্ঞান কেন্দ্ৰৰ আগজাননী অনুসৰি শিলেট, মৌলবীবাজাৰ, হাবিগঞ্জ আৰু ব্ৰাক্ষ্মণবাৰিয়াত নেৰানেপেৰা বৰষুণৰ আশংকা প্ৰকাশ কৰিছে।

ভাৰতীয় বতৰ বিজ্ঞান বিভাগে প্ৰকাশ কৰা অনুসৰি আজি ভাৰতৰ পশ্চিমবংগ, অসম আৰু মেঘালয়ৰ লগতে চুবুৰীয়া ৰাষ্ট্ৰখনত ব্যাপক বৰষুণ হোৱাৰ সম্ভাৱনা আছে।

বাংলাদেশ বতৰ বিজ্ঞান কেন্দ্ৰৰ জ্যেষ্ঠ বিষয়া আব্দুৰ ৰহমান খানে প্ৰকাশ কৰা অনুসৰি এই সময়ছোৱাত বাংলাদেশৰ উল্লিখিত অঞ্চল সমূহত ধুমুহাৰ লগতে ঘণ্টাত ৮৯ মিলিমিটাৰ পৰ্যন্ত বৰষুণ অহাৰ সম্ভাৱনা প্ৰকাশ কৰিছে।

ঝাৰখণ্ড আৰু পশ্চিমবংগত সৃষ্টি হোৱা নিম্নচাপে অসম আৰু বাংলাদেশৰ উত্তৰাঞ্চলক চুই যোৱাৰ পৰিপ্ৰেক্ষিততে এই ধুমুহা- বৰষুণৰ সৃষ্টি হ’ব বুলি প্ৰকাশ কৰিছে বতৰ বিজ্ঞান বিভাগে। সেয়েহে উক্ত অঞ্চলসমূহৰ বাসিন্দা সকলক সতৰ্ক হৈ থকাৰ আহ্বান জনাইছে স্থানীয় প্ৰশাসনে।