বাদুলী আৰু মৌ মাখিৰ আৱাসস্থলীত পৰিণত হৈছে ওদালগুৰিৰ পানেৰী আৰক্ষী থানাৰ চৌহদ

অসমৰ ওদালগুৰি জিলাৰ পানেৰী আৰক্ষী থানাৰ চৌহদৰ গছবোৰত বহু সংখ্যক মৌবাহৰ লগতে হেজাৰ সংখ্যক কণা বাদুলীৰ উপস্থিতিয়ে জিলাখনৰ প্ৰকৃতিপ্ৰেমী ৰাইজৰ দৃষ্টি আকৰ্ষণ কৰিছে। এয়া প্ৰকৃতিৰ এক অনাবিল ৰহস্য হিচাপেই পৰিগণিত হৈছে।

আজিৰে পৰা বহু বছৰ আগৰে পৰাই এই জীৱসমূহে গছত বাস কৰি তেওঁলোকৰ সুৰক্ষিত ঘৰখন যেন বিচাৰি পাইছে। জীৱিকাৰ বাবে সিঁহতৰ চিকাৰ কৰা একাংশ লোভী মানুহৰ পৰা পৰিত্ৰাণ পোৱাৰ স্বস্তি বিচাৰি পাইছে ইয়াতে।

আনকি সংগীতৰ জনপ্ৰিয় শিল্পী জুবিন গাৰ্গেও এই স্থান টুকুৰাত মোহিত হৈছে আৰু এই সৃষ্টিৰ এপলক উপভোগ কৰি গৈছে।

কাষেৰে পাৰ হৈ যোৱা লোকসকলে চৌহদটোত হেজাৰ সংখ্যক কণা বাদুলী গছত ওলমি থকা আৰু আকাশৰ পিনে পাখি মেলি থকা দেখিবলৈ পাব।

আমাৰ পৰিৱেশৰ স্বাস্থ্যৰ বাবে উত্তম  বুলি বিবেচিত বাদুলীৰ এই ঘন বসতিয়ে অঞ্চলটোক স্বাস্থ্যসন্মত আৰু সন্তুলিত প্ৰাকৃতিক পৰিৱেশৰ কথাকে সূচায়। কিয়নো এইটো জনা যায় যে বাদুলীয়ে য’ত প্ৰাকৃতিক পৰিৱেশ স্বাস্থ্যকৰ আৰু সুস্থিৰ তালৈহে উৰা মাৰে।

তাৎপৰ্যপূৰ্ণ  কথাটো হ’ল যে মৌ মাখি আৰু বাদুলীয়ে গছৰ প্ৰজননৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। বাদুলীয়ে বিভিন্ন ধৰণৰ ফলৰ প্ৰজনন বৃদ্ধিত সহায় কৰে। এইবোৰৰ ভিতৰত কল আৰু আম অন্যতম।

বাদুলীবোৰ অতি শান্ত আৰু স্বাভাৱিকতে মানুহক এৰাই চলে। বাদুলীয়ে উগ্ৰ গোন্ধ নথকা বা উজ্জ্বল ৰঙ নোহোৱা ফুলৰ প্ৰতিহে আকৰ্ষিত হ’ব বিচাৰে।

মৌ মাখিক আকৌ বিপৰীত গুণবোৰেহে আকৰ্ষণ কৰে। বহুতো বিশেষজ্ঞই বিশ্বাস কৰে যে চ’ৰাই আৰু মৌ মাখিয়ে দিনৰ ভাগত জাগি থাকে আৰু বাদুলীয়ে ৰাতি জাগে।

আৰক্ষী থানাৰ চৌহদটো আৱৰি থকা এই প্ৰাণীবিধৰ যিকাৰণেই নহওক কিয় আৰক্ষীয়ে থানাখন পহৰা দি থাকে আৰু অঞ্চলটোৰ প্ৰকৃতিপ্ৰেমীয়ে সদায় এবাৰ সিঁতক চাই নয়ন জুৰাই যায়।