বানপানীত বুৰ গ’ল নামনি মাজুলীৰ ১০ খনতকৈ অধিক গাঁও

বছৰটোৰ দ্বিতীয়টো বানৰ কবলত পৰি হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে নামনি মাজুলীবাসীৰ। ব্ৰহ্মপুত্ৰ আৰু সোৱনশিৰি নদীৰ জলপৃষ্ঠ বৃদ্ধি হোৱাত নামনি মাজুলীৰ ন ন অঞ্চল প্লাৱিত হৈছে।

উল্লেখযোগ্য যে ব্ৰহ্মপুত্ৰৰ বাঢ়নী পানীয়ে আজি পুৱতি নিশা নামনি মাজুলীৰ ১০খনতকৈ অধিক গাঁও বানত বুৰাই পেলায়। নামনি মাজুলীৰ মিছামৰা, বাঘগাঁও, মাজৰ চাপৰি, চাৰিঘৰীয়া, বৰজান, চিৰামপু্ৰীয়া, মলুৱালকলিতা, ওখলচুক আদি গাঁওকেইখন প্লাবিত হোৱাত অসুবিধাৰ সন্মুখীন হ’ব লগা হৈছে সৰ্বসাধাৰণ। আনহাতে কৃষি পথাৰসমূহ পানীৰ তল যোৱাত পশুধনৰ খাদ্যৰ অভাৱ হৈছে ।

ইফালে মাজুলী ৰাওনা গাঁৱৰ দুলাল বৰাৰ বাৰিত কালি নিশা এডাল প্ৰায় ১০ ফুট দীঘল প্ৰকাণ্ড আকৃতিৰ অজগৰ সাপ প্ৰত্যক্ষ কৰাৰ পিছত গাঁৱৰ ৰাইজে মাজুলী বনবিভাগৰ লোকক খবৰ দিয়ে।

পিছে খবৰ দিয়াৰ পিছতো বন বিভাগৰ কোনো কৰ্মচাৰী তাত গৈ উপস্থিত নোহোৱাত শেষত উপায়ান্তৰ হৈ গাঁৱৰ মানুহে নিজেই প্ৰকাণ্ড অজগৰটো ধৰি এটি আঁঠুৱাত আবদ্ধ কৰি ৰাখে। আজি এই পৰ্যন্ত বন বিভাগৰ কোনো লোক অজগৰটো নিবৰ বাবে উপস্থিত নোহোৱাত গাঁওবাসী সমস্যাৰ সন্মুখীন হৈছে ।