বালিৰ অভাৱৰ সন্মুখীন হোৱা তামিলনাডুক সহায় কৰিব অসমে

বালিৰ অভাৱৰ সন্মুখীন হোৱা তামিলনাডুক সহায় কৰিবলৈ আগবাঢ়িছে অসমে। উত্তৰ-পূবৰ ৰাজ্যখনৰ পৰা বালি আমদানি কৰাৰ সম্ভাৱনা সম্পৰ্কে সমীক্ষা চলাবলৈ তামিলনাডুৰ গড়কপ্তানি বিভাগৰ বিষয়াৰ এটা দলে ৰাজ্যখন ভ্ৰমণ কৰিছে।

পূৰ্বতে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে ৰাজ্যখন ভ্ৰমণ কৰাৰ সময়ত তামিলনাডুক নিৰ্মাণ কাৰ্যৰ বাবে বালি যোগান ধৰাৰ প্ৰস্তাৱ দিছিল।

‘’ ৰাজ্যখনৰ মুখ্যমন্ত্ৰীগৰাকীয়ে আমাক বালি দিবলৈ সাজু আছে বুলি কোৱাৰ পিছত উত্তৰ-পূবৰ ৰাজ্যখনৰ পৰা বালিৰ আমদানিৰ সম্ভাৱনীয়তা পৰ্যবেক্ষণ কৰাৰ উদ্দেশ্যে আহিছো। দলটোৱে ব্ৰহ্মপুত্ৰ নদ আৰু অসমৰ আন কেইখনমান ঠাইলৈ যাব,’’-বিষয়াসকলে এইদৰে কয়।

বৰ্তমান ভ্ৰমণৰ মূল উদ্দেশ্য হৈছে কেৱল ৰাজ্যখনত উপলব্ধ সম্পদৰ পৰ্যাপ্ততা নিৰীক্ষণ কৰা। ‘’ আন এখন ৰাজ্যৰ পৰা বালি আমদানি কৰাৰ ক্ষেত্ৰত সিদ্ধান্ত লোৱাৰ আগতে এক দীঘলীয়া প্ৰক্ৰিয়া জড়িত আৰু কেইবাটাও বিষয় বিবেচনা কৰিবলগীয়া আছে,’’-বিষয়াসকলে জানিব দিয়ে।

ৰাজ্য চৰকাৰে জানিব পৰা মতে এখন জাননী জাৰি কৰিছে যে বালি ভাৰত ক্ৰয় কৰা বা বিক্ৰী কৰাটো কেৱল গড়কপ্তানি বিভাগেহে কৰিব পাৰিব আৰু আন কোনো পক্ষই সেয়া কৰিব নোৱাৰে। কেৱল গড়কপ্তানি বিভাগেহে বাহিৰৰ পৰা বালি আমদানি কৰিব পাৰিব। কনফেডাৰেশ্যন অফ ৰিয়েল ইষ্টেট ডেভেল’পাৰছ এছোচিয়েশ্যন অফ ইণ্ডিয়া (চিআৰইডিএআই) ই কৈছে যে বালি অসমৰ পৰা বেংগল হৈ সাগৰীয়া পথেদি চেন্নাইলৈ নিব পৰা যাব।

পূৰ্বতে মাদ্ৰাছ উচ্চ ন্যায়ালয়ে ৰাজ্যখনৰ সকলো বালিৰ মহল ছমাহৰ বাবে বন্ধ কৰাৰ নিৰ্দেশ দিছিল।