বিগত বৰ্ষত উত্তৰ-পূৰ্বাঞ্চলত হ্ৰাস পাইছে উগ্ৰপন্থী সম্পৰ্কীয় কাৰ্যকলাপ

Manipur_Militant-570x320

প্ৰতিনিধিত্বমূলক ফটো

উগ্ৰপন্থী তথা উগ্ৰপন্থী কাৰ্যকলাপ উত্তৰ-পূৰ্বাঞ্চলত হ্ৰাস পাইছে। কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ৰ এক শেহতীয়া প্ৰতিবেদনত এই কথা প্ৰকাশ পাইছে।

প্ৰতিবেদনখনত লগতে কোৱা হৈছে যে উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যকেইখনৰ ভিতৰত ত্ৰিপুৰা আৰু মিজোৰাম অঞ্চলটোৰ আটাইতকৈ শান্তিপূৰ্ণ ৰাজ্য হিচাপে পৰিগণিত হৈছে।

প্ৰতিবেদনখনৰ অনুসৰি ছিকিমক বাদ দি উত্তৰ-পূৰ্বাঞ্চলৰ সাতখন ৰাজ্যত যোৱাটো বৰ্ষত উগ্ৰপন্থী সম্পৰ্কীয় মুঠ ৩০৮ টা ঘটনা পঞ্জীয়ন হৈছে। ২০১৬ বৰ্ষত এই সংখ্যা আছিল ৪৮৪ টা।

এই ধাৰাটো ক্ৰমান্বয়ে হ্ৰাস পাই অহা দেখা গৈছে। ২০১৫ বৰ্ষত ৫৭৪ টা উগ্ৰপন্থী সম্পৰ্কীয় ঘটনা সংঘটিত হোৱাৰ বিপৰীতে ইয়াৰ পূৰ্বৰ বছৰত ৮২৪ টা উগ্ৰপন্থী সম্পৰ্কীয় ঘটনা পঞ্জীয়ন কৰা হৈছে।

যোৱা বছৰটো ত্ৰিপুৰা আৰু মিজোৰামত কোনো উগ্ৰপন্থী সম্পৰ্কীয় ঘটনা সংঘটিত হোৱা নাই।

১৬৭ টা বিদ্ৰোহী কাৰ্যকলাপৰ ঘটনাৰে যোৱা বছৰ আটাইতকৈ অশান্ত ৰাজ্য হিচাপে পৰিগণিত হৈছে মণিপুৰ।

তাৎপৰ্যপূৰ্ণভাৱে, যোৱা বছৰটোত মুঠ ৬১ টা বিদ্ৰোহী কাৰ্যকলাপৰ ঘটনা সংঘটিত হোৱা অৰুণাচল প্ৰদেশ হৈছে সৰ্বাধিক এনে ঘটনা সংঘটিত হোৱা দ্বিতীয়খন ৰাজ্য।

অৱশ্যে বেছিভাগ ঘটনাই চুবুৰীয়া ৰাজ্য অসমৰ সংযুক্ত মুক্তি বাহিনী,অসম (স্বাঃ) আৰু নেশ্যনেল ডেমক্ৰেটিক ফ্ৰন্ট অফ বডোলেণ্ড (এনডিএফবি) সংবিজিত গোটৰ দৰে উগ্ৰপন্থী গোটসমূহৰ সৈতে সম্পৰ্কিত।

উগ্ৰপন্থী সম্পৰ্কীয় ৩৩ টা ঘটনাৰে তৃতীয় স্থানত আছে অসম।

অহা ২৭ ফেব্ৰুৱাৰিত নিৰ্বাচন অনুষ্ঠিত হ’বলগীয়া মেঘালয় আৰু নাগালেণ্ডত যোৱা বছৰটোত ক্ৰমে ২৮টা আৰু ১৯ টা উগ্ৰপন্থী সম্পৰ্কীয় ঘটনা সংঘটিত হৈছে।