বিগত ২০১৩ ত্ৰিপুৰা বিধানসভা নিৰ্বাচনত বিজেপিৰ ৫০জন প্ৰাৰ্থীৰ ৪৯জনেই হেৰুৱাইছিল আমানতৰ ধন

Tripura Election BJP

ত্ৰিপুৰাত প্ৰথমবাৰৰ বাবে চৰকাৰ গঠনৰ বাবে আগ বঢ়া বিজেপি দলৰ এই উত্থানক চমকপ্ৰদ বুলি ক’ব পাৰি। ৰাজ্যখনৰ পৰা বাওঁমৰ্চাক উৎখাত কৰিবলৈ প্ৰাণপণ যুঁজ কৰা দলটোৱে অৰ্ধ শতাধিক নেতাক প্ৰচাৰত নমাইছিল। ইয়াৰ সুফল পালে দলটোৱে।

মন কৰিব লগীয়া যে বিগত ২০১৩ চনৰ ত্ৰিপুৰা বিধানসভা নিৰ্বাচনত বিজেপি দলে ৫০ জন প্ৰাৰ্থী নমাইছিল যদিও তাৰে ৪৯জনেই হেৰুৱাইছিল আমানতৰ ধন। মাত্ৰ ১.৫৪ শতাংশ ভোট পাইছিল দলটোৱে।

সেই পৰিস্থিতিৰ পৰা পৰৱৰ্তী চৰকাৰ গঠন কৰাটো এটা বৃহৎ সাফল্যই নহয়, চমৎকাৰ উত্থান বোলাৰ কোনো বিকল্প ভাষা নাই বুলিব পাৰি।

আনহাতে স্বাভাৱিকতেই বাওঁশক্তিক ৰাজ্যখনৰ পৰা উৎখাত কৰিব পৰাটোত দলটোৰ ৰাষ্ট্ৰীয়-ৰাজ্যিক পৰ্য্যায়ৰ নেতাই এক সুকীয়া বিজয় বুলি গণ্য কৰিছে। কিয়নো দুয়োটা দলৰ মাজত কেৱল নিৰ্বাচনী যুঁজেই নহয়, ই আদৰ্শগত যুঁজতো পৰিণত হৈছিল।কাৰ্য্যতঃ নিজৰ জোৰদাৰ প্ৰচাৰত দলটোৱে শাসনাধিষ্ঠিত বাওঁমৰ্চাই ৰাজ্যখনত বিগত ২৫ বছৰে অপশাসন চলোৱা বুলি ভোটাৰক পতিয়ন নিওৱাত সফল হ’ল।

উল্লেখযোগ্য যে আজি ভোটগণনা চলি থকা ত্ৰিপুৰা বিধানসভা নিৰ্বাচনত বিজেপিয়ে ৪৩ খন আসনত অদমনীয় তথা নিশ্চিত অগ্ৰগতি লাভ কৰি চৰকাৰ গঠনৰ দিশত আগ বাঢ়িছে।

ত্ৰিপুৰাৰ এই নিৰ্বাচনে দেশৰ ৰাজনীতিতো সুদূৰপ্ৰসাৰী প্ৰভাৱ পেলোৱাৰ সম্ভাৱনাই দেখা দিছে। যি সময়ত কেন্দ্ৰত শাসনৰ বাঘজৰী লৈ থকা বিজেপি নেতৃত্বাধীন চৰকাৰখনক জনবিৰোধী অৱস্থান লোৱা বুলি বাওঁ আৰু কংগ্ৰেছৰ লগতে সকলোবোৰ বিৰোধী দলেই অভিযোগ কৰি আহিছে, সেই সময়তে বাওঁমৰ্চা শাসনাধিষ্ঠিত ৰাজ্য এখনত বিজেপিৰ এই চমকপ্ৰদ উত্থানৰ নিঃসন্দেহে গভীৰ ৰাজনৈতিক তাৎপৰ্য্য আছে।