• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, September 18, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

বিগত ৩৬৫ দিনৰ বাতৰি কাকত মেলি চাওক, অসমত হত্যা-গুলীয়াগুলীৰ দৰে বাতৰি দেখা নাপায় : অমিত শ্বাহ

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
May 20, 2018 9:23 pm
গুৱাহাটীত ২০ মে'ত অনুষ্ঠিত নেডাৰ তৃতীয় অভিৱৰ্তনত অমিত শ্বাহ। ফটো : য়ু বি।

গুৱাহাটীত ২০ মে'ত অনুষ্ঠিত নেডাৰ তৃতীয় অভিৱৰ্তনত অমিত শ্বাহ। ফটো : য়ু বি।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

“সকলোৱে চকু মুদি ২০১৪ চনৰ আগৰ উত্তৰ-পূবৰ অৱস্থাটো মনলৈ আনক । কিমান ধামাকা চলিছিল, কিমান গুলীয়াগুলী হৈছিল, কিন্তু নৰেন্দ্ৰ মোদী চৰকাৰ শাসনলৈ অহাৰ চাৰি বছৰ পিছত আপোনালোকে এনেকুৱা ধৰণৰ বাতৰি দেখা পাই নেকি যোৱা ৩৬৫ দিনৰ বাতৰিকাকত মেলি চাওক। এয়া কেৱল নৰেন্দ্ৰ মোদী চৰকাৰ শাসনলৈ অহাৰ বাবে সম্ভৱ হৈছে।”

শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আজি অনুষ্ঠিত নেডাৰ তৃতীয়খন অভিৱৰ্তনত ভাষণ প্ৰদান কৰি বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি অমিত শ্বাহে এইদৰে কয়।

এই ক্ষেত্ৰত নেডাৰ সহযোগিতা শলাগিব লগীয়া বুলি উল্লেখ কৰি কয় যে সকলো দলৰে নেতাসকলক লৈ নেডা গঠিত হোৱা বাবে সকলোৱে সমস্যাসমূহ মুকলিভাৱে ক’বৰ বাবে মঞ্চ এখন বিচাৰি পাইছে। ভৌগোলিক আধাৰত সকলোকে এটা জোঁট বন্ধনত বান্ধিব বিচৰা হৈছে নেডাৰ জৰিয়তে। উত্তৰ-পূবৰ সকলো দল-সংগঠনক একত্ৰিত কৰাৰ উদ্দেশ্যে নেডাৰ জন্ম দিয়া হৈছে। কিন্তু ইয়াক সাংস্কৃতিক জোঁটবন্ধন হিচাপে ভবিষ্যতে গঢ় দিয়া হ’ব।

লগতে তেওঁ কয়, “২১৭টা জনজাতিয়ে উত্তৰ-পূবত বসবাস কৰে। মই ভাবো ২১৭টা জনজাতিয়েই নেডাক প্ৰতিনিধিত্ব কৰিব লাগে। মই আজি সুখী অনুভৱ কৰিছো এই কাৰণেই যে উত্তৰ-পূবৰ ৮খন ৰাজ্যৰ ৭ ৰাজ্যৰে নেডাৰ প্ৰতিনিধিৰ লগতে মুখ্য মন্ত্ৰীসকলক একেখন মঞ্চতে দেখিবলৈ পাইছো।”

নেডাৰ জৰিয়তে উত্তৰ-পূবৰ সংকীৰ্ণতা দূৰ কৰাত মোদীৰ অৱদান অপৰিহাৰ্য্য বুলি  উল্লেখ কৰি বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি অমিত শ্বাহে কয়, “নৰেন্দ্ৰ মোদীৰ ‘সবকা সাথ সবকা বিকাশ’ নীতিৰ জৰিয়তে উত্তৰ-পূবক সম্পূৰ্ণ অন্ধকাৰমুক্ত হিচাপে গঢ়ি তুলিছে। উত্তৰ-পূবৰ লোকসকলে ঠেক গণ্ডীৰ চিন্তাৰ ঠাইত বহল দিশৰ পৰা নিজৰ ৰাজ্যৰ লগতে সমগ্ৰ উত্তৰ-পূবৰ ৰাজ্যৰ কেনেকৈ বিকাশ কৰিব পাৰি সেই কথা আলোচনা কৰা হৈছে। ইয়াকেই বুজা যায় যে নেডাই তেওঁলোকৰ কামত সফল হৈছে।

“উত্তৰ-পূৰ্বাঞ্চলত কংগ্ৰেছৰ ভ্ৰষ্টাচাৰৰ অন্ত পৰিল” বুলি মন্তব্য কৰি  অমিত শ্বাহে কয় যে কংগ্ৰেছৰ দিনৰ ব্ৰীফ কেছ পলিচিৰ পৰা পৰিত্ৰাণ পাই এতিয়া সমগ্ৰ উত্তৰ-পূব উন্নয়নৰ দিশে আগুৱাই গৈছে। এনেকুৱা গতিত উন্নয়ন হৈ গৈ থাকিলে এটা দশকৰ পিছত বিকাশৰ দৌৰত সমগ্ৰ ভাৰতৰ ভিতৰত উত্তৰ-পূৰ্বাঞ্চল সকলোতকৈ আগত থাকিব। এই ক্ষেত্ৰত তেওঁৰ মনত কোনো সন্দেহৰ অৱকাশ নাই বুলিও তেওঁ কয়।

উত্তৰ-পূবত বিজেপি নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰে কৰা বিকাশৰ সন্দৰ্ভত তেওঁ মত প্ৰকাশ কৰি কয়, “গুৱাহাটী বিশ্ববিদ্যালয়ত ব্ৰহ্মপুত্ৰ অধ্যয়ন কৰিবৰ বাবে কেন্দ্ৰ স্থাপন কৰা হৈছে, নৰ্থ-ইষ্টৰ ভিতৰত উন্নত প্ৰযুক্তিৰে ড০ বি. বৰুৱা কেন্সাৰৰ প্ৰতিষ্ঠানৰ কাম সম্পন্ন হৈছে, যিসকল উত্তৰ-পূবৰ ছাত্ৰ-ছাত্ৰীয়ে উচ্চ শিক্ষা লাভ কৰাৰ বাবে দেশৰ বিভিন্ন প্ৰান্তলৈ যায়, সেইসকলৰ বাবে আবাসিক গৃহ নিৰ্মাণ কৰাৰ কাম আৰম্ভ হৈছে, জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয়ত অধ্যয়নৰত উত্তৰ-পূবৰ ৪২৫গৰাকী ছাত্ৰ-ছাত্ৰীৰ বাবে  আৱাসিক গৃহ নিৰ্মাণ কৰাৰ কাম ইতিমধ্যে আৰম্ভ হৈ গৈছে। উত্তৰ-পূবৰ সংস্কৃতিক দূৰ-দূৰণিলৈ লৈ যোৱাৰ মানসেৰে দ্বাৰকাত উত্তৰ-পূব সাংস্কৃতিক তথ্য কেন্দ্ৰ নিৰ্মাণৰ সংকল্প লোৱা হৈছে। ইয়াৰোপৰি মণিপুৰত ক্ৰীড়া বিশ্ববিদ্যালয় নিৰ্মাণ কৰা হৈছে, উত্তৰ-পূবত বিমানসেৱা উন্নত কৰা হৈছে। লগতে ছিকিমক পৃথিৱীৰ ভিতৰতে এখন জৈৱিক কৃষি ৰাজ্য হিচাপে গঢ় দিয়াৰ চেষ্টা কৰা হৈছে। আই আই টি গুৱাহাটীৰ বাবে ৫৬৩০ কোটি টকা দূৰ সঞ্চাৰ যোগাযোগ কেন্দ্ৰ স্থাপনৰ বাবে কেন্দ্ৰীয় চৰকাৰে প্ৰদান কৰিছে। ৩২০০ কিল’মিটাৰ ভাৰত-থাইলেণ্ড সংযোগী পথ নিৰ্মাণৰ কামো আৰম্ভ কৰা হৈছে।”

“স্বাধীনতাৰ পূৰ্বে অসমৰ ঘৰুৱা উৎপাদন সকলো ৰাজ্যতকৈ ওপৰত আছিল। কাৰণ সেইসময়ত সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চল অসমৰ অন্তৰ্গত আছিল। কিন্তু কিয় এতিয়া পিছ পৰি গ’ল? ইয়াৰ কাৰণ এটাই যে ৬০ বছৰ ধৰি কংগ্ৰেছৰ ৰাজত্ব চলি আছিল সমগ্ৰ উত্তৰ-পূবত। তেওঁলোকে সমগ্ৰ উত্তৰ-পূবখন ধ্বংস কৰি পেলালে। কিন্তু বিজেপি শাসনলৈ অহাৰ পিছৰে পৰা উত্তৰ-পূবৰ ঘৰুৱা উৎপাদন স্বাধীনতাৰ আগৰ দৰেই বৃদ্ধি পাবলৈ ধৰিছে।” এনেদৰে বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতিপতিগৰাকীয়ে মত প্ৰকাশ কৰে।

অৰুণাচলত ভাৰতীয় জনতা পাৰ্টিৰ চৰকাৰ শাসনলৈ অহাৰ পিছৰে পৰা ৰাজ্যখনৰ ৰাজহ ৯০০ কোটিৰ পৰা ১৬০০ কোটিলৈ বৃদ্ধি পাইছে বুলি তেওঁ ভাষণ প্ৰসংগতে উল্লেখ কৰে।

তদুপৰি বাংলাদেশৰ সৈতে হোৱা  ভূমি হস্তান্তৰ চুক্তিখনে ৫-১০ বছৰৰ পিছত বাংলাদেশৰ বন্দৰৰ পৰা উত্তৰ-পূবত উৎপাদন হোৱা সামগ্ৰী বিশ্বৰ সকলো প্ৰান্তলৈ ৰপ্তানি হোৱাত সহায় কৰিব বুলি তেওঁ মত প্ৰকাশ কৰাৰ লগতে কয় যে বাংলাদেশৰ বজাৰ উত্তৰ-পূবৰ ব্যৱসায়ীৰ বাবে সম্পূৰ্ণৰূপে মুকলি হ’ব আৰু স্বাধীনতাৰ আগৰ দৰে সমৃদ্ধিশালী হৈ পৰিব। কাৰণ স্বাধীনতাৰ আগতে বাংলাদেশৰ দুটা বন্দৰৰ পৰা উত্তৰ-পূবলৈ সামগ্ৰী আমদানি-ৰপ্তানিৰ ব্যৱস্থা আছিল।

“য়ু পি এ চৰকাৰৰ দিনত উত্তৰ-পূবে ৮৭,৬০৮ কোটি টকা লাভ কৰাৰ বিপৰীতে এন ডি এ চৰকাৰৰ দিনত ৩,১৩,৩৭৫ কোটি টকা লাভ কৰিছে।” শ্বাহে কয়।

লগতে তেওঁ কয় ‘ বিকাশৰ বাবে কেন্দ্ৰই অধিক ধন প্ৰেৰণ কৰাৰ ক্ষেত্ৰতো এন ডি এ চৰকাৰে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে বুলি কয়। য়ু পিএ চৰকাৰৰ দিনত আঠখন ৰাজ্যই ২,৫৩,৫৭৫ কোটি টকা লাভ কৰাৰ বিপৰীতে চতুৰ্দশ বিত্তীয় আয়োগৰ পিছত ৪,৩৯,৭৮৬ কোটি টকা পাইছে বুলি তথ্য দাঙি ধৰে শ্বাহে।

আনহাতে আজি বৈঠকৰ পূৰ্বে অমিত শ্বাহ উপস্থিত হোৱাৰ সময়তে প্ৰাক্তন কংগ্ৰেছী তথা বৰ্তমানৰ বিজেপি মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই ৰাষ্ট্ৰীয় সভাপতিজনক ভৰি চুই সেৱা কৰাৰ আলোকচিত্ৰ ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰে। ছ’চিয়েল মিডিয়াত এই ফটোখনক লৈ সৰস আলোচনা হোৱা দেখা গৈছে।

কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ট্ৰাম্পৰ পাছত পুটিনে ফোনযোগে মোদীক জনালে জন্মদিনৰ শুভেচ্ছা

ট্ৰাম্পৰ পাছত পুটিনে ফোনযোগে মোদীক জনালে জন্মদিনৰ শুভেচ্ছা

September 17, 2025 9:31 pm
কেগৰ প্ৰতিবেদনত উন্মোচিত হৈছে গুজৰাটৰ শ্ৰমিক কল্যাণ ব’ৰ্ডৰ বৃ্হৎ অনিয়ম

কেগৰ প্ৰতিবেদনত উন্মোচিত হৈছে গুজৰাটৰ শ্ৰমিক কল্যাণ ব’ৰ্ডৰ বৃ্হৎ অনিয়ম

September 17, 2025 8:36 pm
EVM বেলটত এতিয়াৰে পৰা থাকিব প্ৰাৰ্থীৰ ৰঙীণ ফটো! বিহাৰৰ পৰাই আৰম্ভ হ’ব এই ব্যৱস্থা

EVM বেলটত এতিয়াৰে পৰা থাকিব প্ৰাৰ্থীৰ ৰঙীণ ফটো! বিহাৰৰ পৰাই আৰম্ভ হ’ব এই ব্যৱস্থা

September 17, 2025 7:24 pm
ধীৰৌলি কয়লা খনি প্ৰকল্পৰ বিৰুদ্ধে উত্থাপিত অভিযোগ খণ্ডন কৰাৰ বাবে কেন্দ্ৰক তীব্ৰ সমালোচনা জয়ৰাম ৰমেশৰ

ধীৰৌলি কয়লা খনি প্ৰকল্পৰ বিৰুদ্ধে উত্থাপিত অভিযোগ খণ্ডন কৰাৰ বাবে কেন্দ্ৰক তীব্ৰ সমালোচনা জয়ৰাম ৰমেশৰ

September 17, 2025 7:04 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ট্ৰাম্পৰ পাছত পুটিনে ফোনযোগে মোদীক জনালে জন্মদিনৰ শুভেচ্ছা

ট্ৰাম্পৰ পাছত পুটিনে ফোনযোগে মোদীক জনালে জন্মদিনৰ শুভেচ্ছা

September 17, 2025 9:31 pm
কেগৰ প্ৰতিবেদনত উন্মোচিত হৈছে গুজৰাটৰ শ্ৰমিক কল্যাণ ব’ৰ্ডৰ বৃ্হৎ অনিয়ম

কেগৰ প্ৰতিবেদনত উন্মোচিত হৈছে গুজৰাটৰ শ্ৰমিক কল্যাণ ব’ৰ্ডৰ বৃ্হৎ অনিয়ম

September 17, 2025 8:36 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd