‘যদি অসম বিধানসভাই ১৯৫১ চনৰ ভিত্তিত সংৰক্ষণৰ ব্যৱস্থা নকৰে তেন্তে অসমৰ খিলঞ্জীয়া লোকসকল সংখ্যালঘু হোৱাটো নিশ্চিত।’ এই মন্তব্য প্ৰৱজন বিৰোধী মঞ্চৰ আহ্বায়ক উপমন্যু হাজৰিকাৰ।
আজি গুৱাহাটী প্ৰেছ ক্লাৱত অনুষ্ঠিত এক সংবাদ মেলত প্ৰৱজন বিৰোধী মঞ্চৰ আহ্বায়ক উপমন্যু হাজৰিকাই উল্লেখ কৰে যে এন আৰ চিৰ শুদ্ধ পৰীক্ষণ প্ৰক্ৰিয়াৰ মাপকাঠি তেতিয়াহে হ’ব যেতিয়া এন আৰ চিৰ পৰা ৫০ ৰ পৰা ৮০ লাখ লোকৰ নাম বাদ পৰিব।
অসম বিধানসভাৰ দ্বাৰা ১৯৫১ চনৰ ভিত্তিত ভূমি, চৰকাৰী চাকৰি, উচ্চতৰ শিক্ষানুষ্ঠান, বাণিজ্যিক অনুজ্ঞাপত্ৰ ইত্যাদি সংৰক্ষণ হোৱাটোৱেই অসমৰ খিলঞ্জীয়া সকলৰ বাবে বৃহৎ প্ৰত্যাহ্বান বুলি তেওঁ উক্ত সংবাদমেলত সদৰী কৰে।
আনহাতে ১৯৭১ চনৰ পাছত অহা বিদেশীৰ সতি-সন্ততি, যিসকলৰ অসমত জন্ম হৈছে সেই সকলে নাগৰিকত্ব পাবনেকি আৰু এন আৰ চিৰ ভিত্তিবৰ্ষ ১৯৫১ নে ১৯৭১ হ’ব এই দুটা বিষয়ত প্ৰত্যাহ্বান জনাই অসম সন্মিলিত মহা সংঘই উচ্চতম ন্যায়ালয়ৰ ওচৰত আবেদন দাখিল কৰিছে বুলিও সংবাদমেলত প্ৰকাশ কৰা হয়।
ইয়াৰ উপৰি ‘ডিমা-হাছাও’ক অসমৰ মাটিতে ৰখাৰ বাবে কৰা প্ৰতিবাদত দুজনকৈ যুৱকক আৰক্ষীয়ে নিৰ্মমভাৱে গুলিয়াই হত্যা কৰা কাৰ্য্যক মঞ্চই কঠোৰ ভাষাৰে গৰিহণা দিয়ে। উক্ত ঘটনাৰ বাবে চৰকাৰখনক জগৰিয়া কৰি হাজৰিকাই কয় যে বৰ্তমানৰ বিজেপি চৰকাৰৰ হাতত খিলঞ্জীয়া সকলৰ দুৰ্ভাগ্যজনক অৱস্থা প্ৰকাশ পাইছে। তেওঁ লগতে বিজেপি চৰকাৰে হিন্দু বাংলাদেশীক অগ্ৰাধিকাৰ দিয়া তথা খিলঞ্জীয়াৰ বিৰোধী চৰকাৰ হিচাপে আখ্যা দিয়ে।
উল্লেখনীয় যে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুণ বৰাই ছিপাঝাৰৰ বেদখলকাৰী সকলক উচ্ছেদৰ বিৰোধিতা কৰা বুলি অভিযোগ কৰি হাজৰিকাই আজিৰ সংবাদমেলত কয় যে সদৌ অসম ছাত্ৰ সন্থাৰ সহকাৰী সাধাৰণ সম্পাদক হিচাপে ৰাজনৈতিক জীৱন আৰম্ভ কৰা ৰিপুণ বৰাৰ বিদেশীৰ প্ৰশ্নত বৰ্তমানৰ বিপৰীতধৰ্মি স্থিতি লজ্জাজনক।