• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, September 18, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

বিজেপি চৰকাৰখনে ভোটৰ অংকত সহনশীল থলুৱা সংস্কৃতিৰ ঠাইত উগ্ৰ হিন্দুত্বাবাদী সংস্কৃতি জাপি দিব বিচাৰিছে : ড০ হীৰেন গোহাঁই

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
December 28, 2017 7:36 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

আজি মহানগৰস্থিত লক্ষীধৰ বৰা ক্ষেত্ৰত নাগৰিকত্ব সংশোধনৰ বিৰোধিতাৰে বহু বিশিষ্ট বুদ্ধিজীৱি তথা জ্যেষ্ঠ নাগৰিক সকলৰ এখন অভিবৰ্তন অনুষ্ঠিত হয়। এই নাগৰিক অভিবৰ্তন অনুষ্ঠানত ৰাজ্যৰ বিভিন্ন দল সংগঠনকে ধৰি বহু জ্যেষ্ঠ নাগৰিক উপস্থিত থাকে। ইন্দিবৰ দেউৰীয়ে উদ্বোধন কৰা এই অভিবৰ্তনত বিশিষ্ট বুদ্ধিজীৱি হীৰেন গোহাঁয়ে বৰ্তমানৰ বিজেপি চৰকাৰ খনৰ বিৰুদ্ধে সৰব হৈ পৰে আৰু তেওঁৰ বক্তৃতাৰ জৰিয়তে চৰকাৰে গ্ৰহণ কৰিব খোজা নাগৰিকত্ব বিধেয়কৰ বিৰোধীতা কৰাটো পৰিলক্ষিত হয়।  এই নাগৰিক অভিবৰ্তন সভাত বুদ্ধিজীৱি গৰাকীয়ে কয় যে বাংলাদেশৰ পৰা ভাৰতলৈ অহা প্ৰবজনকাৰীৰ সংখ্যা বহুতেই বৃদ্ধি পাইছে আৰু সেয়েহে বাংলাদেশত হিন্দু লোকসকলৰ জনসংখ্যা দ্ৰুতগতিত হ্ৰাস পাইছে। ইয়াৰ উপৰি এই প্ৰবজনকাৰী সকলৰ হেঁচাই অসমৰ ৰাজনৈতিক, অৰ্থনৈতিক আৰু সামাজিক ক্ষেত্ৰত  বেয়া প্ৰভাৱ পেলাইছে বুলি তেওঁ ক্ষোভ প্ৰকাশ কৰে। আনহাতে এচাম মানুহে চৰকাৰৰ পক্ষপাতিত্বৰ ওপৰত ভৰসা কৰি অসমৰ থলুৱা লোকসকলৰ বিৰুদ্ধে হুংকাৰ দিয়া আৰম্ভ কৰে বুলি উক্ত সভাত সদৰী কৰে। কথা প্ৰসংগত তেওঁ পাকিস্তানত মাজে সময়ে হিন্দু বিৰোধী বিক্ষিপ্ত ঘটনা ঘটিলেও সামগ্ৰিকভাবে হিন্দুক অত্যাচাৰ চলোৱাৰ প্ৰমাণ নাই বুলি তেওঁ মন্তব্য প্ৰকাশ কৰে। বক্তব্যৰ মাজতে তেওঁ কেন্দ্ৰীয় চৰকাৰৰ কাম-কাজক সমালোচনা কৰি কয় যে কেন্দ্ৰীয় চৰকাৰে নাগৰিকত্ব সংশোধনী বিধেয়ক গ্ৰহণ কৰিব ওলোৱা পদক্ষেপে অসমৰ থলুৱা ৰাইজক ঘোৰ বৈষম্য আৰু নীপিড়নৰৰ কবলত পেলাব । ইফালে বিজেপি নেতৃত্বাধীন চৰকাৰখনে ভোটৰ অংকৰ বাবে থলুৱা ৰাইজৰ অস্তিত্বক বিসৰ্জন দি সহনশীল থলুৱা সংস্কৃতিৰ ঠাইত উগ্ৰ হিন্দুবাদী সংস্কৃতি জাপি দিব বিচাৰিছে বুলি অভিযোগ স্থাপন কৰে। আনহাতে বুদ্ধিজীৱি গৰাকীয়ে সভাপতি ৰঞ্জিত দাসক কটাক্ষ্য কৰি তেওঁৰ নেতৃত্বত যোৱা এটা সজাতি দলে শীঘ্ৰে হিন্দু বাংলাদেশীক নাগৰিকত্ব প্ৰদানৰ বাবে প্ৰধানমন্ত্ৰী আৰু গৃহমন্ত্ৰীক সাক্ষাৎ কৰাৰ কথা উল্লেখ কৰে। আনহাতে সভাখনত ক্ষোভিত হৈ পৰা বুদ্ধিজীৱি জনে ৰাইজৰ স্বাৰ্থত কাম কৰি যোৱা বুলি সঘনাই কৈ থকা চৰকাৰৰ মুৰব্বী সকলক প্ৰকৃততে ৰাইজ কোন বুলি প্ৰশ্ন কৰে। উল্লেখযোগ্য যে অগপই নাগৰিকত্ব  বিধেয়ক আইনত পৰিণত হ’লে মিত্ৰজোঁট ভংগ কৰিম বুলি কোৱা কথাৰ বিৰোধীতা কৰি কৰি কয় যে বিধেয়ক গৃহীতৰ পিছত অগপৰ পদত্যাগে অসমৰ ৰাইজৰ কোনো উপকাৰ কৰিব নোৱাৰে। এনে পৰিপ্ৰেক্ষিতত অগপই ল’ব বিচৰা সিদ্ধান্তক লাজ ঢাকিবলৈ লোৱা পদক্ষেপ হ’ব বুলি অগপৰ নেতৃত্বক সমালোচনা কৰে।

সভাখনত ঘোষকৰ ভূমিকা পালন কৰা মনজিৎ মহন্তই সভাত মানুহৰ উপস্থিতি কম হোৱাৰ বাবে দুখ প্ৰকাশ কৰে। তেওঁ উল্লেখ কৰা অনুসৰি অগপ, আছুকে ধৰি বহুকেইটা সংগঠনক আমন্ত্ৰণ জনাইছিল যদিও উপস্থিত নথকাৰ বাবে তেওঁ দুখিত বুলি জানিব দিয়ে। আনহাতে তেওঁৰ এই প্ৰত্যুত্তৰত মাৰ্ক্সবাদী নেতা হেমেন দাসে কয় যে মানুহৰ উপস্থিতি কম হোৱা কথাষাৰে তেওঁৰ অন্তৰত দুখ দিয়া নাই আৰু যি কেইজন ব্যক্তি সভাত উপস্থিত আছে তেওঁলোক অসমৰ বিবেক। ইয়াৰ উপৰি তেওঁ ভাল কামৰ আৰম্ভণি কম মানুহৰ পৰাই হয় বুলি তাৎপৰ্য্যপূৰ্ণ মন্তব্য কৰে।এই কথাৰ উপৰি তেওঁ অগপ দলৰ নাগৰিকত্ব সংশোধনীৰ বিৰুদ্ধে গ্ৰহণ কৰিব বিচৰা সিদ্ধান্তক হাস্যকৰ বুলি উল্লেখ কৰে।

উক্ত নাগৰিক অভিবৰ্তন সভাত অসম যুৱ পৰিষদৰ সাধাৰণ সম্পাদক পলাশ চাংমাইয়ে বিজেপি দলৰ বিৰুদ্ধে সৰব হৈ তেখেতৰ বক্তব্য ডাঙি ধৰে। তেওঁ উল্লেখ কৰা অনুসৰি বিগত নিৰ্বাচনত বিজেপি দলক ভোট দি জয়ী কৰোৱাটো অসমৰ ৰাইজৰ বাবে এটা ঐতিহাসিক ভূল আছিল। নিৰ্বাচনৰ পূৰ্বে হীৰেন গোহাঁইকে ধৰি যি সকল বুদ্ধিজীৱিয়ে বিজেপিক ভোট প্ৰদান নকৰিবলৈ কৰা আহ্বানৰ প্ৰতিফলন বৰ্তমান অসমৰ ৰাইজে পাইছে বুলি ছাত্ৰ নেতাগৰাকীয়ে মন্তব্য কৰে। ভাষণৰ প্ৰসংগত ছাত্ৰনেতাজনে মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালক ক্ষুৰধাৰ সমালোচনা কৰি কয় যে এসময়ৰ ছাত্ৰনেতা হিচাপে বাংলাদেশীৰ বিৰোধীতা কৰা মুখ্যমন্ত্ৰীয়ে বৰ্তমান বিদেশী নাগৰিকক ৰঙা দলিচা পাৰি দিয়াটো লজ্জাজনক।

উল্লেখযোগ্য যে প্ৰায় ১০৫ দিন কাৰাগাৰত আবদ্ধ হৈ থকা কৃষক নেতা অখিল গগৈয়ে কালি মুক্তি লাভ কৰি আজি এই অভিবৰ্তন সভাত সকলোকে সাক্ষাৎ কৰে। সাক্ষাৎ কালতে পূৰ্বৰ সতীৰ্থ কমল মেধিক লগ পাই তেখেতে কথা বতৰা পতাৰ লগতে তেওঁৰ প্ৰতি ব্যক্তিগত একো শত্ৰুতা নাই বুলি সংবাদ মাধ্যমক জানিবলৈ দিয়ে। আনহাতে সেই সভাত ভাষণৰ মাজতে তেওঁ বিজেপি দলৰ আদৰ্শ ব্যক্তি হিচাপে গণ্যিত চৰ্দাৰ বল্লভ ভাই পেটেলৰ কথা সদৰি কৰি পেটেলে ১৯৪৮ চন মানত কোনো ধৰ্মৰ ভিত্তিত নাগৰিকত্ব প্ৰদানৰ ব্যৱস্থা নাই বুলি উল্লেখ কৰিছিল বুলি এক তথ্য দাঙি ধৰে।

প্ৰখৰ ৰ’দকো নেওচি মুকলি আকাশৰ তলত হোৱা এই অভিৱৰ্তনত এশৰো অধিক লোক সমাবেত হোৱাটো পৰিলক্ষিত হয়। এই নাগৰিক অভিৱৰ্তনৰ জৰিয়তে সভাই জাতীয় স্বাভিমান, অধিকাৰ আৰু সংস্কৃতি ৰক্ষাৰ বাবে সংগ্ৰাম কৰি যোৱাৰ এক সিদ্ধান্ত গ্ৰহণ কৰে। অৱশ্যে এই নাগৰিক অভিৱৰ্তন সভাত বিশিষ্ট সাংবাদিক অজিত কুমাৰ ভূঞা, হাইদৰ হুছেইনকে ধৰি বহুকেইজন গণ্য মান্য ব্যক্তি উপস্থিত থাকে।

 

কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

এটাৰ পিছত আনটো ধৰ্ষণৰ ঘটনা, ভাঙি পৰিছে আইন-শৃংখলা! ওড়িশা চৰকাৰৰ বিৰুদ্ধে অনাস্থা প্ৰস্তাৱ আনিব কংগ্ৰেছে

এটাৰ পিছত আনটো ধৰ্ষণৰ ঘটনা, ভাঙি পৰিছে আইন-শৃংখলা! ওড়িশা চৰকাৰৰ বিৰুদ্ধে অনাস্থা প্ৰস্তাৱ আনিব কংগ্ৰেছে

September 18, 2025 3:06 pm
ভিত্তিহীনঃ মুখ্য নিৰ্বাচনী আয়ুক্ত জ্ঞানেশ কুমাৰৰ বিৰুদ্ধে ৰাহুল গান্ধীৰ অভিযোগ সন্দৰ্ভত নিৰ্বাচন আয়োগৰ প্ৰতিক্ৰিয়া

ভিত্তিহীনঃ মুখ্য নিৰ্বাচনী আয়ুক্ত জ্ঞানেশ কুমাৰৰ বিৰুদ্ধে ৰাহুল গান্ধীৰ অভিযোগ সন্দৰ্ভত নিৰ্বাচন আয়োগৰ প্ৰতিক্ৰিয়া

September 18, 2025 2:18 pm
তিনি বছৰৰ মূৰত শ্ৰীলংকাৰ প্ৰতি দয়াবান চীন! আন্তঃগাঁথনি উন্নয়নৰ বাবে বেইজিঙে দিলে ৪ হাজাৰ কোটি টকাৰ ঋণ

তিনি বছৰৰ মূৰত শ্ৰীলংকাৰ প্ৰতি দয়াবান চীন! আন্তঃগাঁথনি উন্নয়নৰ বাবে বেইজিঙে দিলে ৪ হাজাৰ কোটি টকাৰ ঋণ

September 18, 2025 1:49 pm
নীপকোৰ পানীত ডুব গ’ল সৰুপথাৰৰ ২৫ খনকৈ গাঁও! হাহাকাৰ বন্যাৰ্তৰ…

নীপকোৰ পানীত ডুব গ’ল সৰুপথাৰৰ ২৫ খনকৈ গাঁও! হাহাকাৰ বন্যাৰ্তৰ…

September 18, 2025 1:47 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

এটাৰ পিছত আনটো ধৰ্ষণৰ ঘটনা, ভাঙি পৰিছে আইন-শৃংখলা! ওড়িশা চৰকাৰৰ বিৰুদ্ধে অনাস্থা প্ৰস্তাৱ আনিব কংগ্ৰেছে

এটাৰ পিছত আনটো ধৰ্ষণৰ ঘটনা, ভাঙি পৰিছে আইন-শৃংখলা! ওড়িশা চৰকাৰৰ বিৰুদ্ধে অনাস্থা প্ৰস্তাৱ আনিব কংগ্ৰেছে

September 18, 2025 3:06 pm
ভিত্তিহীনঃ মুখ্য নিৰ্বাচনী আয়ুক্ত জ্ঞানেশ কুমাৰৰ বিৰুদ্ধে ৰাহুল গান্ধীৰ অভিযোগ সন্দৰ্ভত নিৰ্বাচন আয়োগৰ প্ৰতিক্ৰিয়া

ভিত্তিহীনঃ মুখ্য নিৰ্বাচনী আয়ুক্ত জ্ঞানেশ কুমাৰৰ বিৰুদ্ধে ৰাহুল গান্ধীৰ অভিযোগ সন্দৰ্ভত নিৰ্বাচন আয়োগৰ প্ৰতিক্ৰিয়া

September 18, 2025 2:18 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd