বিটিএডিৰ ভিচিডিচি নিৰ্বাচনত অকলে প্ৰতিদ্বণ্ডিতা আগবঢ়াব বি পি এফে

Pulwama attack: Ready to send 500 Bodo fighters, says BTC chief Hagrama

হাগ্ৰামা মহিলাৰী। ফাইল ছবি।

ৰাজ্যত এতিয়া পঞ্চায়ত নিৰ্বাচনৰ ঢৌ। পঞ্চায়ত নিৰ্বাচনৰ বাবে সকলো ৰাজনৈতিক দলে অকলে প্ৰতিদ্বণ্ডিতা কৰাৰ বাবে বিভিন্ন সভা সমিতি পাতি তৎপৰ হোৱা পৰিলক্ষিত হৈছে। অসম চৰকাৰে ৰাজ্যত পঞ্চায়ত আৰু বিটিএডিত ভিচিডিচি নিৰ্বাচন অনিষ্ঠিত কৰিব বুলি ঘোষণা কৰাৰ পিছতে চৰকাৰৰ অংশীদাৰী দল বিপিএফৰ প্ৰধান হাগ্ৰামা মহিলাৰীয়ে বিটিএডিত ভিচিডিচি নিৰ্বাচনত অকলে প্ৰতিদ্বণ্ডিতা আগবঢ়াব বুলি তাৎপৰ্যমূলক মন্তব্য কৰে।

নিৰ্বাচনৰ উদ্দেশ্য আগত ৰাখিয়েই হাগ্ৰামা মহিলাৰীৰ লগতে অন্য নেতা সকলে বিটিএডিৰ বিভিন্ন অঞ্চলত ৰাজহুৱা সভা তথা আধাৰশিলাৰ জৰিয়তে সৰ্বসাধাৰণ ৰাইজক চমক দিয়াৰ কুচকাৱাজ ইতিমধ্যেই আৰম্ভ কৰিছে। বিপিএফ দলে নিৰ্বাচনী ইস্তাহাৰত দিয়া প্ৰতিশ্ৰুতি সমূহ বাস্তৱায়িত ৰূপ দিয়াত ব্যৰ্থ হোৱাৰ অভিযোগ সততে উত্থাপন হৈ অহা পৰিলক্ষিত হয়। কিন্তু বৃহস্পতিবাৰে অচম্বিতে বাক্সা জিলাৰ গোৰেশ্বৰৰ শিঙিমাৰী হাইস্কুল খেলপথাৰত আয়োজিত এখন সভাত বিটিচি প্ৰধান হাগ্ৰামা মহিলাৰী উপস্থিত হয়। ইয়াৰ পাছতে দুই কোটি টকাৰে নিৰ্মান হ’বলগীয়া গোৰেশ্বৰ-খৈৰাবাৰী আৰু শিঙিমাৰী-কেৰপাভিঠা সংযোগী পথ দুটাৰ আধাৰশিলা স্থাপন কৰে।

আধাৰশিলা অনুষ্ঠানৰ পাছত বিটিচিৰ ই এম মহেশ্বৰ বসুমতাৰীৰ সভাপতিত্বত এখন উদ্বোধনী সভা অনুষ্ঠিত হয়। এই সভাত বিটিচি প্ৰধানজনে নিৰ্বাচনী ইস্তাহাৰত দিয়া সকলো প্ৰতিশ্ৰুতি পালন কৰা হ’ব বুলি পুনৰ ৰাইজৰ আগত দোহাৰে। তেওঁ ভাষণ প্ৰসংগত কয় যে প্ৰতিটো পৰিষদীয় সমষ্টিৰ দুশ দুখীয়া লোকক আই ডি নম্বৰ অবিহনে বাসগৃহ দিয়া হ’ব। ইয়াৰ উপৰি ২০১৯চনৰ ভিতৰত গোসাঁইগাঁও, টংলা, গোৰেশ্বৰ, বাসুগাঁও আৰু ওদালগুৰিত পাচখন উৰনীয়া সেতু নিৰ্মান কৰা হ’ব বুলিও মত ব্যক্ত কৰে।