বিটিএ’ডি বন্ধত ভয়ানক হিংসা : কোকৰাঝাৰত পে’ট্ৰল ঢালি জুই দিলে অট’চালকৰ গাত

বন্ধত প্ৰতিবাদকাৰী

বিটিএ’ডিত অজনজাতীয় লোকৰ ভূমি অধিকাৰক লৈ শংকা প্ৰকাশ কৰি কেইটামান অনা বড়ো ছাত্ৰ সংগঠনে আজি মঙলবাৰে আহ্বান জনোৱা বিটিএ’ডি বন্ধত কোকৰাঝাৰত ছফিউৰ ৰহমান নামৰ এজন ২১ বছৰীয়া যুৱকক জ্বলাই দিয়াৰ ঘটনা সংঘটিত হৈছে।

বঙাইগাওঁ জিলাৰ অভয়াপুৰীৰ খাইতাপাৰৰ ৰহমানে আন এজন লোকৰ সৈতে ভোলপুৰৰ পৰা কোকৰাঝাৰলৈ গৈ থাকোতে এদল বন্ধ সমৰ্থকে বাট ভেটা দি তেওঁৰ গাত পে’ট্ৰল ঢালি জুই লগাই দিয়ে।

একাংশ প্ৰত্যক্ষদৰ্শীয়ে ৰহমানৰ শৰীৰৰ প্ৰায় ৪০শতাংশই জ্বলি যোৱা বুলি প্ৰকাশ কৰিছে।

অগ্নিদগ্ধ ৰহমানক স্থানীয় ৰূপনাথ ব্ৰহ্ম অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে। তেওঁৰ অৱস্থা বৰ্তমান সংকটজনক বুলি জানিব পৰা গৈছে।

কোকৰাঝাৰৰ ঠায়ে ঠায়ে বন্ধ সমৰ্থকসকলে টায়াৰ জ্বলাই পথ অৱৰোধ কৰাৰ লগতে শিলগুটি দলিউৱাৰ ঘটনা ঘটাৰো বাতৰি আহিছে।

জিলাখনৰ চন্দ্ৰপাৰাত বন্ধ সমৰ্থকে এখন মটৰ চাইকেল আৰু এখন গাড়ীৰ ক্ষতিসাধন কৰিছে। আনহাতে বালাজান তিনিআলি বজাৰত বন্ধ সমৰ্থক আৰু স্থানীয় লোকৰ মাজত বন্ধক লৈ খকাখুন্দা লাগে।

বিটিচি প্ৰশাসনে বিটিএ’ডিত অবড়ো লোকসকলৰ ভূমিৰ অধিকাৰ খৰ্ব কৰা নতুন ভূমি নীতি লৈছে বুলি আক্ৰাছু, এবিএমছু, আগছু, সদৌ আদিবাসী ছাত্ৰ সন্থা, সদৌ চাওতাল ছাত্ৰ সন্থা আৰু সদৌ অসম নাথ যোগী ছাত্ৰ সন্থাই এই বন্ধৰ আহ্বান জনাইছিল।

সংগঠনকেইটাই ‘ভূমি নীতি’ৰ প্ৰতিবাদ কৰিবৰ বাবে যোৱা ২৭ ফেব্ৰুৱাৰিত আক্ৰাছুৰ প্ৰাক্তন সভাপতি হিতেশ্বৰ বৰ্মনক মুখ্য আহ্বায়ক হিচাপে লৈ এক যৌথ মঞ্চ গঠন কৰিছিল।