• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Monday, April 19, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

বিধানসভাৰ মজিয়াত মেঘালয়ৰ খাচী বিধায়কসকলে খাচী ভাষা ক’ব লাগেঃ কেএছইউ

NE NOW NEWS এন ই নাও নিউজ
ছিলং , December 19, 2017 9:56 am

2 min read

বিধানসভাৰ মজিয়াত মেঘালয়ৰ খাচী বিধায়কসকলে খাচী ভাষা ক’ব লাগেঃ কেএছইউ

কেএছইউৰ কৰ্মীসকলে সোমবাৰে ছিলঙত প্ৰসিদ্ধ খাচী কবি ছছো থামৰ মৃত্যু বাৰ্ষিকী দিনটোতে খাচী বাষাক সংবিধানৰ অষ্টম অনুসূচীত অন্তৰ্ভুক্তিৰ দাবীত মেঘালয় সচিবালয়ৰ বেনাৰ অঁৰা দেখা গৈছে। ফটোঃ ইউ বি

103
VIEWS
Share on FacebookShare on Twitter

মেঘালয়ৰ প্ৰভাৱশালী ছাত্ৰ সংগঠন খাচী ষ্টুডেন্টছ ইউনিয়ন(কেএছইউ) য়ে সোমবাৰে দাবী কৰে যে ৰাজ্যৰ খাচী বিধায়কসকলে তেওঁলোকৰ মাতৃভাষা খাচী ভাষাত কথা কোৱাৰ সময় আহি পৰিছে। এইটোৱে ভাষাটোক সংবিধানৰ অষ্টম অনুসূচীত অন্তৰ্ভুক্ত কৰাৰ পথ মুকলি কৰিব।

কেএছইউৰ সভাপতি লাম্বোকষ্টাৰৱেল মাৰ্নগাৰে সোমবাৰে ছিলঙৰ বৰ্তমান ইউ ছছো থাম অডিটেৰিয়াম হিচাপে পৰিচিত পূৰ্বৰ ষ্টেট চেন্ট্ৰেল লাইব্ৰেৰীত খাচী কবি ছছো থামৰ ৭৭ সংখ্যক মৃত্যু বাৰ্ষিকী উপলক্ষে অনুষ্ঠিত শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ ভাষণত এই দাবী উত্থাপন কৰে। মাৰ্নগাৰে খাচী ভাষালৈ কবিগৰাকীয়ে আগবঢ়োৱা বৰঙণিৰ কথা শ্ৰদ্ধাৰে সোঁৱৰে।

‘’ আমি খাচী ভাষাক ভাৰতীয় সংবিধানৰ অষ্টম অনুসূচীত অন্তৰ্ভুক্ত কৰাৰ বাবে খাচী লিখক সমাজৰ দাবীক সমৰ্থন কৰিম,’’- কেএছইউৰ সভাপতিগৰাকীয়ে কয়।

ছিলঙৰ কংগ্ৰেছ সাংসদ ভিনচেন্ট পালাই অলপতে জনাইছিল যে ইউপিএ চৰকাৰৰ প্ৰাক্তন বিত্তমন্ত্ৰী পি চিদাম্বৰমে তেওঁক পৰামৰ্শ দিছিল যে খাচী ভাষাই ইয়াৰ স্বীকৃতিৰ দিশত প্ৰথম পদক্ষেপ হিচাপে মেঘালয় বিধানসভাত খাচী ভাষা কোৱাৰ প্ৰচেষ্টা ল’ব লাগে।

হাইনিউট্ৰেপ যুৱ পৰিষদৰ সাধাৰণ সম্পাদক ৰবাৰ্ট খাৰজাহৰিনে কয় যে খাচী সম্প্ৰদায়ে ছছো থামক অনুপ্ৰেৰণা হিচাপে গ্ৰহণ কৰি তেওঁলোকৰ ভাষাটোক ভাল পাবলৈ তথা সংৰক্ষণ কৰিবলৈ  চেষ্টা কৰিব লাগে। পিপুলছ্ ডেম’ক্ৰেটিক ফ্ৰন্টৰ সদস্যসকলেও ছছো থামলৈ শ্ৰদ্ধাঞ্জলি জনায়।

সোমবাৰৰ কবিগৰাকীৰ মৃত্যু বাৰ্ষিকীত সাহিত্য একাডেমীৰ প্ৰতিনিধি হিচাপে উপস্থিত থাকি ছিলভানুছ লামাৰে কবিগৰাকীয়ে অংকন কৰি থৈ যোৱা ছবিৰ লগত বৰ্তমান আধুনিক সময়ৰ লগত থকা সম্পৰ্ক আৰু হেৰাই যাবলৈ ধৰা পৰম্পৰাগত মূল্যবোধৰ ওপৰত আলোকপাত কৰে।

‘’আমাৰ ভৌগলিক সীমা সংকুচিত হৈ আহিছে আৰু সীমা সমস্যা অমীমাংসিত হৈ ৰৈছে। আমাৰ ৰীতি-নীতি আৰু পৰম্পৰা প্ৰত্যাহ্বানৰ সন্মুখীন হৈছে আৰু তাৰ কোনো প্ৰকৃত সুৰক্ষা ব্যৱস্থা হোৱা নাই,’’-লামাৰে এইদৰে নিজৰ চিন্তা ব্যক্ত কৰে।

Recent News

Schools_during_COVID19_16

ক’ৰ’ণাৰ ভয়াৱহ সংক্ৰমণ : গুৱাহাটীত বন্ধ কৰা হ’ল বহুকেইখন বিদ্যালয়

Covid-test-image-1-1

স্তব্ধ হোৱা নাই অসমত কৰ’নাৰ সংক্ৰমণ; আজি ৰাজ্যখনত পুনৰ ১৩৬৭গৰাকী লোক আক্ৰান্ত

Forest-Department-750x375

ৰহস্য কি? নতুন চৰকাৰ গঠন নোহোৱাকৈয়েই বন বিভাগত বিষয়াক পদোন্নতিৰ জোৱাৰ! একাধিকক বদলি

a-vac-640x375

কৰ’নাৰ সংক্ৰমণ ৰোধ কৰিবলৈ এইবাৰ ১৮ বছৰৰ ওপৰৰ সকলোকে দিয়া হ’ব ভেকচিন

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd