• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Thursday, January 21, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

বিশ্ব নাট্য দিৱসত সমাহাৰ নাট্য গোষ্ঠীয়ে প্ৰদৰ্শন কৰিব বহু সমাদৃত নাট ‘বিপ্লৱী বিবেকানন্দ’

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , March 25, 2018 1:40 pm

2 min read

মানৱেন্দ্ৰ ভট্টাচাৰ্য্য

মানৱেন্দ্ৰ ভট্টাচাৰ্য্য

118
VIEWS
Share on FacebookShare on Twitter

বিশ্ব নাট্য দিৱস উপলক্ষে, অহা ২৭ মাৰ্চত গুৱাহাটীৰ জিলা পুথিভঁৰাল প্ৰেক্ষাগৃহত প্ৰখ্যাত নাট্যদল সমাহাৰ নাট্য গোষ্ঠীয়ে পৰিবেশন কৰিব বিশিষ্ট নাট্যকাৰ ড° সীতানাথ লহকৰৰ বিপুলভাবে সমাদৃত নাট ‘বিপ্লৱী বিবেকানন্দ’।

সন্ধিয়া ৬:৪৫ বজাৰ পৰা আৰম্ভ হ’বলগীয়া উক্ত নাট্যানুষ্ঠানটো সমাহাৰৰ সক্ৰিয় সদস্য আৰু দৈনিক অসম কাকতৰ জ্যেষ্ঠ সাংবাদিক মানৱেন্দ্ৰ ভট্টাচাৰ্য্যৰ সোঁৱৰণত উচৰ্গা কৰাৰ লগতে তাৰ পৰা সংগৃহীত সমস্ত ধনৰাশি প্ৰয়াত ভট্টাচাৰ্য্যৰ পৰিয়াললৈ আগবঢ়োৱাৰ সিদ্ধান্ত লোৱা হৈছে বুলি নাট্য গোষ্ঠীটোৱে সংবাদ মাধ্যমলৈ প্ৰেৰণ কৰা এক প্ৰেছ বিবৃতিত জানিবলৈ দিয়ে।

উল্লেখযোগ্য যে চলিত বৰ্ষৰ ১৯ জানুৱাৰিত সংঘটিত এটা দুৰ্ভাগ্যজনক ঘটনাত বহুকেইখন মঞ্চ তথা বাটৰ নাটৰ লগতে চলচ্চিত্ৰটো নিজৰ অভিনয় প্ৰতিভাৰ চিন ৰাখি যোৱা মানৱেন্দ্ৰ ভট্টাচাৰ্য্যই অতি কম বয়সতে মৃত্যুক সাৱটি ল’ব লগা হৈছিল।

নাট্য সন্ধ্যাটি সম্পৰ্কে সমাহাৰৰ সভাপতি ললিত শৰ্মাই কয়, ‘মানৱেন্দ্ৰৰ মৃত্যু দলটোৰ বাবে এক অপূৰণীয় ক্ষতি। এই সময়ত, আমি কেৱল তেওঁৰ শোকসন্তপ্ত পৰিয়ালটোৰ ওচৰত থিয় দিব বিচাৰিছোঁ। সেই উদ্দেশ্যতে কিছু অৰ্থ সংগ্ৰহৰ বাবে এই প্ৰদৰ্শনীটোৰ আয়োজন কৰা হৈছে। আমি সকলোকে আগুৱাই আহি আমাৰ এই প্ৰচেষ্টাক সহায় কৰাৰ বাবে আহ্বান জনাইছোঁ।”

নাটকখনৰ বিষয়ে প্ৰেছ বিবৃতিটোত কোৱা হয় যে ড° সীতানাথ লহকৰৰ দ্বাৰা ৰচিত-পৰিচালিত নাট ‘বিপ্লৱী বিবেকানন্দ’ৰ মূল ভেটি হৈছে মহৰ্ষিজনাৰ আদৰ্শ আৰু দৰ্শন।

বিবৃতিটোত লগতে উল্লেখ কৰা হয় যে উক্ত নাটকখন স্বামী বিবেকানন্দক এক গোড়া হিন্দুত্ববাদী নেতা হিচাবে প্ৰতিষ্ঠা কৰিব খোজা অশুভ শক্তিসমূহৰ বিৰুদ্ধে এক প্ৰত্যাহ্বান।

Recent News

বিশ্বনাথত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ প্ৰতিবাদকাৰীক আৰক্ষীৰ বাধা

বিশ্বনাথত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ প্ৰতিবাদকাৰীক আৰক্ষীৰ বাধা

নাগ্ৰীজুলিত পাঁচ শতাধিক লোকৰ বিজেপিত যোগদান

নাগ্ৰীজুলিত পাঁচ শতাধিক লোকৰ বিজেপিত যোগদান

ডেমকেয়াৰ ৰঞ্জিত! টেনশ্যন নলৈ, প্ৰত্যাহ্বান নোহোৱাকৈ ২১ ত CONG-AIUDF ক ৰুধিবলৈ সাজু

ডেমকেয়াৰ ৰঞ্জিত! টেনশ্যন নলৈ, প্ৰত্যাহ্বান নোহোৱাকৈ ২১ ত CONG-AIUDF ক ৰুধিবলৈ সাজু

স্মিথক অব্যাহতি, সঞ্জু ছেমছন ৰাজস্থান ৰোয়েলছৰ নতুন অধিনায়ক

স্মিথক অব্যাহতি, সঞ্জু ছেমছন ৰাজস্থান ৰোয়েলছৰ নতুন অধিনায়ক

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd