বিহপুৰীয়া অন্ধ বিদ্যালয়ত লুই ব্ৰেইলৰ জন্ম জয়ন্তী উদযাপন

ব্ৰেইল পদ্ধতিৰ উদ্ভাবক লুই ব্ৰেইলৰ জন্ম দিন উপলক্ষে বিহপুৰীয়াস্থিত অসমৰ দ্বিতীয়খন অন্ধ বিদ্যালয়ত দুদিনীয়া কাৰ্য্যসূচীৰে ব্ৰেইল দিবস উদযাপন কৰা হয়। দৃষ্টিহীন পৰিষদ অসম, প্ৰতিবন্ধী সুৰক্ষা সংস্থা অসম আৰু ৱৰ্কউইচৰ সৌজন্যত এই ব্ৰেইল দিৱসটি অনুষ্ঠিত কৰা হৈছিল।

দুদিনীয়া কাৰ্য্যসূচীৰে আয়োজন কৰা এই ব্ৰেইল দিবসৰ প্ৰথম দিনা বিদ্যালয় খনৰ ছাত্ৰ-ছাত্ৰীৰ মাজত চিত্ৰাংকন, ৰচনা, খেল-ধেমালী ইত্যাদি প্ৰতিযোগিতা সমূহৰ আয়োজন কৰে। আজি বিহপুৰীয়া চহৰৰ মাজেৰে দিব্যাংগ ছাত্ৰ-ছাত্ৰী সকলৰ দ্বাৰা গীত-মাত পৰিবেশনৰ মাধ্যমেৰে সাংস্কৃতিক শোভাযাত্ৰাৰ আয়োজন কৰা হৈছিল।

আনহাতে দিব্যাংগ ছাত্ৰ-ছাত্ৰীসকলে ব্ৰেইল পদ্ধতিৰ উদ্ভাবক লুই ব্ৰেইলক শ্ৰদ্ধাঞ্জলী জ্ঞাপন কৰাৰ লগতে বিহপুৰীয়া অন্ধ বিদ্যালয়খন প্ৰাদেশীকৰণ কৰাৰ বাবে চৰকাৰৰ প্ৰতি আহ্বান জনায়।