DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Monday, May 23, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home Popular Stories

বি টি এ’ ডিত চৰকাৰে ৰহস্যজনকভাৱে বাঢ়িবলৈ দিছে সাম্প্ৰদায়িক উত্তেজনা : অজনজাতীয়ৰ ভূমি অধিকাৰক লৈ উৰ্খাও গৌড়া ব্ৰহ্ম

ৰিনয় বসুমতাৰী by ৰিনয় বসুমতাৰী
March 5, 2018 11:56 pm
btad
112
VIEWS
Share on FacebookShare on Twitter

বি টি এ’ ডিত ‘ন্যস্ত ৰাজনৈতিক স্বাৰ্থৰ বাবে বিভিন্ন মহলে সাম্প্ৰদায়িক উত্তেজনা সৃষ্টিৰ চেষ্টা কৰিছে’  আৰু ‘চৰকাৰে ৰহস্যজনকভাৱে এই উত্তেজনা বাঢ়িবলৈ দিছে যাতে ঘোলা পানীত তেওঁলোকে মাছ ধৰিব পাৰে’ বুলি আজি সোমবাৰে গুৰুতৰ অভিযোগ উত্থাপন কৰিছে য়ুনাইটে’ড পীপলছ পাৰ্টি লিবৰেল (United People’s Party Liberal)এ।

অজনজাতীয়ৰ লোকৰ ভূমি অধিকাৰক লৈ হূলস্থূল লাগি থকা সন্দৰ্ভত আজি কোকৰাঝাৰত এক সংবাদমেলত দলটোৰ নেতা উৰ্খাও গৌড়া ব্ৰহ্মই কয় যে সাম্প্ৰদায়িক বিভাজন সক্ৰিয় কৰি ৰখাৰ লক্ষ্যৰে বিভিন্ন শক্তিয়ে জনজাতীয় আৰু অজনজাতীয় ৰাইজৰ মাজত দূৰত্ব বৃদ্ধিৰ চেষ্টা কৰিছে।

‘বিজেপি আৰু বিপি এফ মিত্ৰ চৰকাৰে এই সমস্যা আলাপ-আলোচনাৰ মাজেৰে মোকাবিলা কৰাৰ বাবে কোনো পক্ষৰে লগত যোগাযোগ কৰা নাই’ বুলি তেওঁ অভিযোগ কৰে।

তেওঁ কয় যে ভাৰতৰ সংবিধানৰ ষষ্ঠ অনুসূচীৰ অধীনত বিটিচি আইনে অজনজাতীয় লোকসকলে লাভ কৰি অহা অধিকাৰ আৰু সুবিধাসমূহৰ ক্ষতি নকৰাকৈ জনজাতীয় লোকসকলৰ ভূমি অজনজাতীয় লোকলৈ হস্তান্তৰৰ ক্ষেত্ৰত সুৰক্ষা দিছে।

বিজেপি-বিপিএফ মিত্ৰ চৰকাৰক সংবিধানপ্ৰদত্ত ষষ্ঠ অনুসূচী এলেকা সাংবিধানিক আইনক ৰক্ষা কৰিবলৈ আহ্বান জনাই তেওঁ কয় যে আইনপ্ৰদত্ত অধিকাৰসমূহ নিশ্চিত কৰাটো সেয়ে অসম চৰকাৰ আৰু বিটিচি প্ৰশাসনৰ যুটীয়া দায়িত্ব।

সমস্যাটোৰ শান্তিপূৰ্ণ সমাধানৰ বাবে সংশ্লিষ্ট সকলো পক্ষৰে লগতে আলোচনাত বহিবলৈ তেওঁ ৰাজ্য চৰকাৰ আৰু বিটিচি প্ৰশাসনক আহ্বান জনাইছে।

বৰ্তমানৰ লোকসভা সাংসদ নৱ কুমাৰ শৰণীয়াৰ ভূমিকাক লৈও অসন্তুষ্টি প্ৰকাশ কৰি ব্ৰহ্মই কয় যে সমস্যাৰ সমাধানকাৰীৰ ভূমিকা লোৱাৰ সলনি সাংসদজনে সমস্যা সৃষ্টিকাৰীৰ ভূমিকাহে লৈছে আৰু তেওঁৰ সংকীৰ্ণ ৰাজনৈতিক স্বাৰ্থৰ বাবে সাম্প্ৰদায়িক উত্তেজনাৰ জুইত ইন্ধন যোগাইছে।

‘জনপ্ৰতিনিধি হিচাপে শান্তি স্থাপনকাৰীৰ ভূমিকা ল’বৰ বাবে আৰু সকলো অংশৰ লোককে সমানে ব্যৱহাৰ কৰাৰ বাবে তেওঁ সাংবিধানিক আৰু আইনগতভাৱে দায়বদ্ধ’ বুলি উল্লেখ কৰি নেতাজনে শৰণীয়াৰ বৰ্তমানৰ আচৰণ ৰাজহুৱা শান্তিৰ পক্ষে সম্পূৰ্ণৰূপে প্ৰতিকূল আৰু তেওঁ ইচ্ছাকৃতভাৱে সাংবিধানিক আৰু আইনী নিৰ্দেশনা উলংঘা কৰিছে বুলি অভিযোগ তোলে।

তেওঁ বি টি এ ডি এলেকাত বাস কৰা জনজাতীয়, অজনজাতীয় সকলো লোককে ভাৰতৰ সংবিধান আৰু আইনৰ ওপৰত আস্থা ৰাখিবলৈ আহ্বান জনাইছে আৰু তেওঁলোকৰ ভূমি অধিকাৰক লৈ ন্যস্ত স্বাৰ্থজড়িত মহলে চলোৱা ভুৱা প্ৰচাৰত ভয় নাখাবলৈ আৰু বিপথে পৰিচালিত নহ’বলৈ সকলো লোককে আহ্বান জনাইছে।

‘প্ৰকৃত পৰিৱৰ্তনৰ ৰাজনীতিক বাধা দিবৰ বাবেই এনে সাম্প্ৰদায়িক ৰাজনীতি সদায় খেলি অহা হৈছে আৰু এনে সাম্প্ৰদায়িক ৰাজনীতিয়ে শাসক পক্ষকহে গোপনে সহায় কৰে’ বুলি উল্লেখ কৰি তেওঁ ‘প্ৰকৃত পৰিৱৰ্তনৰ সংগ্ৰাম বাৰেপতি এনে সাম্প্ৰদায়িক ৰাজনীতিৰদ্বাৰা প্ৰভাৱিত হৈছে’ বুলি খেদ প্ৰকাশ কৰে।

বৰ্ণ, ধৰ্ম নিৰ্বিশেষে প্ৰত্যেক ব্যক্তিৰে সাংবিধানিক আৰু আইনী অধিকাৰসমূহ ৰক্ষা কৰাৰ ক্ষেত্ৰত য়ুনাইটে’ড পীপলছ পাৰ্টি লিবৰেলৰ নিষ্ঠাৰ কথা দোহাৰি তেওঁ সকলো লোককে একেলগে কাম কৰিবলৈ আৰু অৰ্থনীতি, শিক্ষা, প্ৰশাসন আৰু সামাজিক নিৰাপত্তাৰ ক্ষেত্ৰত প্ৰকৃত পৰিৱৰ্তন আনিবলৈ  আগবাঢ়ি আহিবলৈ আহ্বান জনায়।

Recent News

Lizard in cold drink in McDonald’s outlet

শীতল পানীয়ৰ গিলাচত ওলাল জেঠী: পৌৰ নিগমে ছীল কৰিলে বিলাসী মেকড’নাল্ডছৰ বিপনী

ডিমা হাচাওৰ জলপ্ৰলয় মানৱ সৃষ্ট: মুখ্যমন্ত্ৰীলৈ পত্ৰ লিখিলে প্ৰাক্তন বিধায়কে

ডিমা হাচাওৰ জলপ্ৰলয় মানৱ সৃষ্ট: মুখ্যমন্ত্ৰীলৈ পত্ৰ লিখিলে প্ৰাক্তন বিধায়কে

অসমত ধাবা ব্যৱসায়ৰ বাটকটীয়া সমাজকৰ্মী জৰ্জ বৰদলৈৰ মৃত্যুত শোকৰ ছাঁ

অসমত ধাবা ব্যৱসায়ৰ বাটকটীয়া সমাজকৰ্মী জৰ্জ বৰদলৈৰ মৃত্যুত শোকৰ ছাঁ

Russia-Ukraine war

যুদ্ধ অপৰাধৰ বিচাৰত ৰুছ সৈন্যক যাৱজ্জীৱন কাৰাদণ্ড বিহিলে ইউক্ৰেইনৰ আদালতে

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd