• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, May 15, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

বি টি এ ডিত পূৰ্বৰ ভূমি নীতিয়েই বাহাল থাকিব আৰু ইয়াত ভৱিষ্যতেও পৃথক ভূমি নীতি গ্ৰহণ কৰা নহয় : হাগ্ৰামাই জনালে আছুৰ প্ৰতিনিধি দলক

এন ই নাও নিউজ by এন ই নাও নিউজ
March 19, 2018 7:58 am
Pulwama attack: Ready to send 500 Bodo fighters, says BTC chief Hagrama

হাগ্ৰামা মহিলাৰী। ফাইল ছবি।

180
VIEWS
Share on FacebookShare on Twitter

‘বি টি এ ডিত পূৰ্বৰ ভূমি নীতিয়েই বাহাল থাকিব আৰু ইয়াত ভৱিষ্যতেও পৃথক ভূমি নীতি গ্ৰহণ কৰা নহয়। জনজাতীয়-অজনজাতীয় লোকৰ মাজত মাটি কিনা-বেচা অব্যাহত থাকিব।’ এই গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে বি টি চিৰ মুৰব্বী হাগ্ৰামা মহিলাৰীয়ে। আজি গুৱাহাটীৰ বড়োলেণ্ড অতিথিশালাত আছুৰ প্ৰতিনিধিয়ে বি টি চিৰ মুখ্য কাৰ্যবাহী বিষয়া হাগ্ৰামা মহিলাৰীক সাক্ষাৎ কৰি সৌহাৰ্দ্যমূলক আলোচনাত বহে আৰু শেষত কেইবাটাও দাবী সম্বলিত স্মাৰক পত্ৰ প্ৰদান কৰাৰ সময়ত মুখ্য কাৰ্য্যবাহীজনে এই নিশ্চয়তা দিছে।

উল্লেখযোগ্য যে যোৱা কিছুদিন ধৰি বি টি চি কৰ্তৃপক্ষৰ প্ৰস্তাৱিত নতুন ভূমিনীতিক কেন্দ্ৰ কৰি সমগ্ৰ বি টি এ ডিৰ পৰিস্থিতি উত্তাল হৈ আছিল। এই প্ৰস্তাৱিত ভূমি নীতি মতে অঞ্চলটোত অবড়ো লোকসকলে মাটিৰ কিনা-বেচাৰ অধিকাৰ হেৰুওৱাৰ লগতে ইমানদিনে অঞ্চলটোত সংৰক্ষিত শ্ৰেণীৰ সুবিধা লাভ কৰি অহা চাওঁতাল, কোচ, আদিবাসী, নেপালী আৰু নাথ-যোগীসকলে সেই বিশেষাধিকাৰৰ পৰা বঞ্চিত হ’ব লগীয়া হ’ল হেঁতেন। কিন্তু প্ৰবল প্ৰতিবাদ আৰু চাৰিওফালৰ পৰা অহা সমালোচনাৰ ফলত হাগ্ৰামাই অৱশেষত এই ধৰণৰ ভূমি নীতিৰ বাবে আগ বঢ়াটো তেওঁৰ ভুল হৈছিল বুলি স্বীকাৰ কৰে।

আজি আছুৰ প্ৰতিনিধিসকলে তেওঁলোকৰ স্মাৰক পত্ৰত উল্লেখ কৰে যে বি টি এ ডিত সকলো জাতি আৰু জনগোষ্ঠীৰ ভূমিৰ অধিকাৰ থকা উচিত। লগতে সকলো জাতি-জনগোষ্ঠীৰ লোকে চাকৰি আৰু ব্যৱসাৰ ক্ষেত্ৰত সমান অধিকাৰ লাভ কৰাটো নিশ্চিত কৰিব লাগে।

আছুৰ প্ৰতিনিধিসকলে লগতে কয় যে অঞ্চলটোত শিক্ষাৰ্থীসকলে উপযুক্ত সমৰ্থন পাব লাগিব। তেওঁলোকে বড়ো মাধ্যমৰ শিক্ষানুষ্ঠানত বড়ো ভাষাৰ শিক্ষক আৰু অসমীয়া মাধ্যমৰ শিক্ষানুষ্ঠানবোৰত অসমীয়া ভাষাৰ শিক্ষক নিযুক্তিৰ ব্যৱস্থা কৰিবলৈ আহ্বান জনায়। বাস্তৱত দুয়োটা ক্ষেত্ৰতে কিছু খেলিমেলি পৰিলক্ষিত হোৱা বুলি আছুৰ প্ৰতিনিধিসকলে জনায়।

প্ৰত্যুত্তৰত হাগ্ৰামাই কয় যে এই বিষয়টোত বড়ো সাহিত্য সভাই প্ৰয়োজনীয় পদক্ষেপ লৈ আছে। বি টি চি কৰ্তৃপক্ষয়ো সেইমতে যথোচিত ব্যৱস্থা ল’ব। আনহাতে বি টি এ ডিত থকা সকলো জাতি-জনগোষ্ঠীৰ লোকৰে ৰাজনৈতিক সম অধিকাৰ নিশ্চিত কৰিবৰ বাবেও আছুৰ প্ৰতিনিধিসকলে হাগ্ৰামাক অনুৰোধ জনায়। ইয়াৰ লগতে অঞ্চলটোৰ সকলো লোকৰে জীৱন আৰু সম্পত্তিৰ নিৰাপত্তা নিশ্চিত কৰা, চিকিৎসাসেৱা উন্নত কৰা আদি বিষয়তো আলোচনা কৰা হয়। আলোচনাৰ শেষত আছুৰ প্ৰতিনিধিসকলে মহিলাৰীক কেইবাটাও দাবী সম্বলিত এখন স্মাৰকপত্ৰ দিয়ে।

Recent News

“ভাৰতত আইফোন নবনাব…” এপলৰ চিইঅ’ টিম কুকলৈ ড’নাল্ড ট্ৰাম্পৰ বিশেষ অনুৰোধ, কিন্তু কিয়?

“ভাৰতত আইফোন নবনাব…” এপলৰ চিইঅ’ টিম কুকলৈ ড’নাল্ড ট্ৰাম্পৰ বিশেষ অনুৰোধ, কিন্তু কিয়?

বিজেপি চৰকাৰ গণতন্ত্ৰ আৰু সংবিধান বিৰোধীঃ ৰাহুল গান্ধী

বিজেপি চৰকাৰ গণতন্ত্ৰ আৰু সংবিধান বিৰোধীঃ ৰাহুল গান্ধী

অসমত বিলুপ্ত হ’ল ৯৪৪টা নিম্ন স্নাতক শিক্ষকৰ পদ! শিক্ষা বিভাগৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত

অসমত বিলুপ্ত হ’ল ৯৪৪টা নিম্ন স্নাতক শিক্ষকৰ পদ! শিক্ষা বিভাগৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত

কোনো নথকাৰ সুযোগত দিন দোপৰতে চুৰি কাণ্ড গুৱাহাটীত! পবিত্ৰ মাৰ্ঘেৰিটাৰ বাসগৃহৰ পৰা কেবা লাখ টকাৰ সামগ্ৰী লৈ উধাও চুৰ

কোনো নথকাৰ সুযোগত দিন দোপৰতে চুৰি কাণ্ড গুৱাহাটীত! পবিত্ৰ মাৰ্ঘেৰিটাৰ বাসগৃহৰ পৰা কেবা লাখ টকাৰ সামগ্ৰী লৈ উধাও চুৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd