• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, August 23, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Uncategorized

বি টি এ ডিত পূৰ্বৰ ভূমি নীতিয়েই বাহাল থাকিব আৰু ইয়াত ভৱিষ্যতেও পৃথক ভূমি নীতি গ্ৰহণ কৰা নহয় : হাগ্ৰামাই জনালে আছুৰ প্ৰতিনিধি দলক

এন ই নাও নিউজ by এন ই নাও নিউজ
March 19, 2018 7:58 am
Pulwama attack: Ready to send 500 Bodo fighters, says BTC chief Hagrama

হাগ্ৰামা মহিলাৰী। ফাইল ছবি।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

‘বি টি এ ডিত পূৰ্বৰ ভূমি নীতিয়েই বাহাল থাকিব আৰু ইয়াত ভৱিষ্যতেও পৃথক ভূমি নীতি গ্ৰহণ কৰা নহয়। জনজাতীয়-অজনজাতীয় লোকৰ মাজত মাটি কিনা-বেচা অব্যাহত থাকিব।’ এই গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে বি টি চিৰ মুৰব্বী হাগ্ৰামা মহিলাৰীয়ে। আজি গুৱাহাটীৰ বড়োলেণ্ড অতিথিশালাত আছুৰ প্ৰতিনিধিয়ে বি টি চিৰ মুখ্য কাৰ্যবাহী বিষয়া হাগ্ৰামা মহিলাৰীক সাক্ষাৎ কৰি সৌহাৰ্দ্যমূলক আলোচনাত বহে আৰু শেষত কেইবাটাও দাবী সম্বলিত স্মাৰক পত্ৰ প্ৰদান কৰাৰ সময়ত মুখ্য কাৰ্য্যবাহীজনে এই নিশ্চয়তা দিছে।

উল্লেখযোগ্য যে যোৱা কিছুদিন ধৰি বি টি চি কৰ্তৃপক্ষৰ প্ৰস্তাৱিত নতুন ভূমিনীতিক কেন্দ্ৰ কৰি সমগ্ৰ বি টি এ ডিৰ পৰিস্থিতি উত্তাল হৈ আছিল। এই প্ৰস্তাৱিত ভূমি নীতি মতে অঞ্চলটোত অবড়ো লোকসকলে মাটিৰ কিনা-বেচাৰ অধিকাৰ হেৰুওৱাৰ লগতে ইমানদিনে অঞ্চলটোত সংৰক্ষিত শ্ৰেণীৰ সুবিধা লাভ কৰি অহা চাওঁতাল, কোচ, আদিবাসী, নেপালী আৰু নাথ-যোগীসকলে সেই বিশেষাধিকাৰৰ পৰা বঞ্চিত হ’ব লগীয়া হ’ল হেঁতেন। কিন্তু প্ৰবল প্ৰতিবাদ আৰু চাৰিওফালৰ পৰা অহা সমালোচনাৰ ফলত হাগ্ৰামাই অৱশেষত এই ধৰণৰ ভূমি নীতিৰ বাবে আগ বঢ়াটো তেওঁৰ ভুল হৈছিল বুলি স্বীকাৰ কৰে।

Apply Now

আজি আছুৰ প্ৰতিনিধিসকলে তেওঁলোকৰ স্মাৰক পত্ৰত উল্লেখ কৰে যে বি টি এ ডিত সকলো জাতি আৰু জনগোষ্ঠীৰ ভূমিৰ অধিকাৰ থকা উচিত। লগতে সকলো জাতি-জনগোষ্ঠীৰ লোকে চাকৰি আৰু ব্যৱসাৰ ক্ষেত্ৰত সমান অধিকাৰ লাভ কৰাটো নিশ্চিত কৰিব লাগে।

আছুৰ প্ৰতিনিধিসকলে লগতে কয় যে অঞ্চলটোত শিক্ষাৰ্থীসকলে উপযুক্ত সমৰ্থন পাব লাগিব। তেওঁলোকে বড়ো মাধ্যমৰ শিক্ষানুষ্ঠানত বড়ো ভাষাৰ শিক্ষক আৰু অসমীয়া মাধ্যমৰ শিক্ষানুষ্ঠানবোৰত অসমীয়া ভাষাৰ শিক্ষক নিযুক্তিৰ ব্যৱস্থা কৰিবলৈ আহ্বান জনায়। বাস্তৱত দুয়োটা ক্ষেত্ৰতে কিছু খেলিমেলি পৰিলক্ষিত হোৱা বুলি আছুৰ প্ৰতিনিধিসকলে জনায়।

প্ৰত্যুত্তৰত হাগ্ৰামাই কয় যে এই বিষয়টোত বড়ো সাহিত্য সভাই প্ৰয়োজনীয় পদক্ষেপ লৈ আছে। বি টি চি কৰ্তৃপক্ষয়ো সেইমতে যথোচিত ব্যৱস্থা ল’ব। আনহাতে বি টি এ ডিত থকা সকলো জাতি-জনগোষ্ঠীৰ লোকৰে ৰাজনৈতিক সম অধিকাৰ নিশ্চিত কৰিবৰ বাবেও আছুৰ প্ৰতিনিধিসকলে হাগ্ৰামাক অনুৰোধ জনায়। ইয়াৰ লগতে অঞ্চলটোৰ সকলো লোকৰে জীৱন আৰু সম্পত্তিৰ নিৰাপত্তা নিশ্চিত কৰা, চিকিৎসাসেৱা উন্নত কৰা আদি বিষয়তো আলোচনা কৰা হয়। আলোচনাৰ শেষত আছুৰ প্ৰতিনিধিসকলে মহিলাৰীক কেইবাটাও দাবী সম্বলিত এখন স্মাৰকপত্ৰ দিয়ে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

মুছলমান সংখ্যাগৰিষ্ঠ দেশত হিন্দু ধৰ্মক অপমান! কাৰাদণ্ডৰ সন্মুখীন ছুইজাৰলেণ্ডৰ পৰ্যটক

মুছলমান সংখ্যাগৰিষ্ঠ দেশত হিন্দু ধৰ্মক অপমান! কাৰাদণ্ডৰ সন্মুখীন ছুইজাৰলেণ্ডৰ পৰ্যটক

August 23, 2026 11:45 am
নাৰ্চিং কলেজত মোবাইল ফোন হেৰুওৱাক লৈ উত্তৰ-পূবৰ শিক্ষাৰ্থীৰ সৈতে স্থানীয় শিক্ষাৰ্থীৰ সংঘৰ্ষ

নাৰ্চিং কলেজত মোবাইল ফোন হেৰুওৱাক লৈ উত্তৰ-পূবৰ শিক্ষাৰ্থীৰ সৈতে স্থানীয় শিক্ষাৰ্থীৰ সংঘৰ্ষ

August 23, 2026 10:09 am
অঘৈয়া হুলঃ নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুন

অঘৈয়া হুলঃ নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুন

August 23, 2026 9:16 am
নিজ্জৰ হত্যাকাণ্ডৰ সৈতে গোল্ডি ব্ৰাৰ জড়িত থকাৰ দাবী কৰা অডিঅ’ ফাদিল, নতুন চাঞ্চল্য

নিজ্জৰ হত্যাকাণ্ডৰ সৈতে গোল্ডি ব্ৰাৰ জড়িত থকাৰ দাবী কৰা অডিঅ’ ফাদিল, নতুন চাঞ্চল্য

August 23, 2026 8:59 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

মুছলমান সংখ্যাগৰিষ্ঠ দেশত হিন্দু ধৰ্মক অপমান! কাৰাদণ্ডৰ সন্মুখীন ছুইজাৰলেণ্ডৰ পৰ্যটক

মুছলমান সংখ্যাগৰিষ্ঠ দেশত হিন্দু ধৰ্মক অপমান! কাৰাদণ্ডৰ সন্মুখীন ছুইজাৰলেণ্ডৰ পৰ্যটক

August 23, 2026 11:45 am
নাৰ্চিং কলেজত মোবাইল ফোন হেৰুওৱাক লৈ উত্তৰ-পূবৰ শিক্ষাৰ্থীৰ সৈতে স্থানীয় শিক্ষাৰ্থীৰ সংঘৰ্ষ

নাৰ্চিং কলেজত মোবাইল ফোন হেৰুওৱাক লৈ উত্তৰ-পূবৰ শিক্ষাৰ্থীৰ সৈতে স্থানীয় শিক্ষাৰ্থীৰ সংঘৰ্ষ

August 23, 2026 10:09 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd