বুলগেৰিয়াত অনুষ্ঠিত বক্সিং প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিছে উত্তৰ-পূব ভাৰতৰ বক্সাৰে

sarita-mary-kom-570x320

এল ছৰিতা দেৱী আৰু মেৰীকম। ফাইল ফটো

মণিপুৰৰ বক্সাৰ এল ছৰিতা দেৱীয়ে বুলগেৰিয়াত পুৰুষ আৰু মহিলা দুয়োটা শাখাতে অনুষ্ঠিত  ষ্ট্ৰেণ্ডজা সোৱৰণি বক্সিং প্ৰতিযোগিতাৰ প্ৰথম দিনটোতে কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰিছে।

এল ছৰিতা দেৱী (৬০ কেজি শাখা) প্ৰাক্তন বিশ্ব তথা এছিয়ান শ্বেম্পিয়ন। যোৱা মাহত ভাৰতীয় অ’পেনত ৰূপৰ পদক অৰ্জন কৰা ছৰিতা দেৱীয়ে ষ্ট্ৰণ্ডজাত ইটালীৰ মানচীজ কনচেহাক ৩-২ৰ ব্যৱধানত হৰুৱাই কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰিছে।

মেৰীকমে (৪৮কেজি শাখা) তেওঁৰ প্ৰথমখন খেলত ৰোমানিয়াৰ ষ্টেলুটা ডুটাৰ সৈতে মুখামুখি হ’ব। মেৰীকমে এছিয়ান শ্বেম্পিয়নশ্বিপ আৰু যোৱা মাহত অনুষ্ঠিত ভাৰতীয় অ’পেনত একেৰাহে স্বৰ্ণ পদক অৰ্জন কৰিছে। আনহাতে তেওঁৰ প্ৰতিদ্বন্দ্বী ষ্টেলুটাই বিশ্ব শ্বেম্পিয়নশ্বিপনত তিনিবাৰকৈ ৰূপৰ পদক লাভ কৰাৰ লগতে ইউৰোপীয়ান শ্বেম্পিয়নশ্বিপত চাৰিবাৰ স্বৰ্ণ পদক অৰ্জন কৰিছে।

আমোদজনকভাৱে, ষ্টেলুটাই বিশ্ব শ্বেম্পিয়নশ্বিপত ৰূপৰ পদক লাভ কৰা প্ৰতিবাৰেই প্ৰতিপক্ষ আছিল মেৰীকম। ২০০৬,২০০৮ আৰু ২০১০ত ফাইনেলত মেৰীকমৰ হাতত পৰাজিত হৈছিল ষ্টেলুটা।

পুৰুষৰ শাখাত বিশ্ব শ্বেম্পিয়নশ্বিপত ব্ৰঞ্জৰ পদক লাভ কৰা এছিয়ান শ্বেম্পিয়নশ্বিপত ৰূপ অৰ্জন কৰা শিৱ থাপাই (৬০ কেজি শাখা) বুধবাৰে প্ৰথমখন খেলত কাজাখস্তানৰ এডিলেট কুৰ্মেটভৰ মুখামুখি হ’ব।

ভাৰতীয় অ’পেনত স্বৰ্ণ অৰ্জন কৰা পুইলাও বসুমতাৰীয়ে (৬৪ কেজি শাখা) ছেমিফাইনেলত উপনীত হোৱাৰ পূৰ্বে নৰৱেৰ এলিজাবেথ এঞ্জেলছনৰ মুখামুখি হ’ব। লভলিনা বৰগোঁহাইয়ে (৬৯ কেজি শাখা) প্ৰথমখন খেলত মুখামুখি হ’ব আমেৰিকাৰ অ’শে জ’নছৰ।

ষ্টেণ্ডজা মেম’ৰিয়েল বক্সিং টুৰ্নামেন্ট খন বুলগেৰিয়াত প্ৰতিবছৰে অনুষ্ঠিত হোৱা এখন অপেশাদাৰী বক্সিং প্ৰতিযোগিতা। ষ্টেণ্ডজা কাপ ইউৰোপৰ আটাইতকৈ পুৰণি আন্তৰ্জাতিক অপেশাদাৰী বক্সিং প্ৰতিযোগিতা।