DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Monday, July 4, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব নাগালেণ্ড

বৃহত্তৰ নাগালিমৰ বাবে ভৌগোলিকভাৱে নাগাসকলৰ একত্ৰিকৰণ সম্ভৱ নহয় : নেইফিঅ’ ৰিঅ’

এন ই নাও নিউজ by এন ই নাও নিউজ
June 13, 2018 9:41 am
NeiphioRio
78
VIEWS
Share on FacebookShare on Twitter

বৃহত্তৰ নাগালিমৰ বাস্তৱ ৰূপ দিয়াটো কেতিয়া সম্ভৱ হৈ উঠিব সেই লৈ কোনো নিশ্চিত নহয়। এই ভাষ্য নাগালেণ্ডৰ মুখ্য মন্ত্ৰী নেইফিঅ’ ৰিঅ’ৰ। ১২ জুনত নতুন দিল্লীত গৃহ মন্ত্ৰী ৰাজনাথ সিঙক সাক্ষাৎ কৰি ওলাই অহাৰ সময়ত সাংবাদিকৰ আগত এই তাৎপৰ্য্যপূৰ্ণ মন্তব্য কৰিছে নাগালেণ্ডৰ মুখ্য মন্ত্ৰীজনে।

“যদিও নাগা ৰাজনৈতিক সমস্যাটোৰ সমাধান সকলোৱে বিচাৰি আছে আৰু এই লৈ উৎকণ্ঠিত হৈ আছে, চুক্তি কেতিয়াকৈ স্বাক্ষৰিত হ’ব তাৰ তাৰিখ কোনেও ক’ব নোৱাৰে।”  ৰিঅ’ই সাংবাদিকৰ আগত কয়।

তেওঁ লগতে কয় যে নগা শান্তি আলোচনা আৰম্ভ হোৱা ২১ বছৰ হৈ গ’ল যদিও নগা শান্তি চুক্তি স্বাক্ষৰিত নহ’ল।

আনহাতে সাংবাদিকৰ প্ৰশ্নৰ উত্তৰত তেওঁ গুৰুত্বপূৰ্ণ মন্তব্য কৰি কয়, “বৃহত্তৰ নাগালিমৰ ভিতৰত সকলো নাগা বসতিপ্ৰধান অঞ্চলক অন্তৰ্ভুক্ত কৰাটো নাগাসকলে বিচাৰে, এইটো সকলোৱে জনা কথা। কিন্তু এই মুহূৰ্তত আনকেইখন ৰাজ্য নাগা ৰাজনৈতিক সমাধানৰ অংশীদাৰ হ’ব খোজা নাই। গতিকে যদিও দাবীটোৰ যুক্তিযুক্ততা আছে, ভৌগোলিকভাৱে নাগাসকলৰ বসতি থকা অঞ্চলবোৰৰ একত্ৰিকৰণ সম্ভৱ নহয়।”

বিজেপিৰ সৈতে মৰ্চা গঠন কৰি অলপতে মুখ্য মন্ত্ৰী হোৱা ৰিঅ’ই কয় যে নাগা সমস্যা সমাধান সমগ্ৰ উত্তৰ-পূবৰ বাবেই লাভদায়ক হ’ব।

আনহাতে দিল্লীস্থিত নাগালেণ্ড হাউছৰ পৰা দিয়া এটা প্ৰেছ বিবৃতিত মুখ্য মন্ত্ৰীজনে কয় যে নাগা ৰাজনৈতিক সমাধানৰ বিষয়টোৰ লগতে গৃহ মন্ত্ৰীজনক সাক্ষাতৰ সময়ত তেওঁ নাগালেণ্ডত হেলিকপ্তাৰ সেৱা, দুৰ্য্যোগ ব্যৱস্থাপনা পুঁজি মুকলি, প্ৰশাসন, বিশেষকৈ আৰক্ষী প্ৰশাসনৰ আধুনিকীকৰণৰ বিষয়কেইটা আলোচনা কৰিছিল।

সাক্ষাতৰ সময়ত ৰিঅ’ক সংগ দিছিল উপ মুখ্য মন্ত্ৰী ৱাই পেট্টনকে ধৰি আন কেইবাজনো মন্ত্ৰী-বিষয়াই।

Recent News

এলোৰ্ডা কাপত ৰূপৰ পদক অৰ্জন অসমৰ তাৰকা বক্সাৰ যমুনা বড়োৰ

এলোৰ্ডা কাপত ৰূপৰ পদক অৰ্জন অসমৰ তাৰকা বক্সাৰ যমুনা বড়োৰ

মণিপুৰৰ ভূমিস্খলনত অসমৰ ৯ জনৰ মৃত্যুঃ প্ৰধানমন্ত্রী, কেন্দ্ৰীয় ৰেলমন্ত্ৰী আৰু মুখ্যমন্ত্ৰীলৈ পত্ৰ প্ৰেৰণ বিৰোধী দলপতি দেৱব্ৰত শ‍ইকীয়াৰ

মণিপুৰৰ ভূমিস্খলনত অসমৰ ৯ জনৰ মৃত্যুঃ প্ৰধানমন্ত্রী, কেন্দ্ৰীয় ৰেলমন্ত্ৰী আৰু মুখ্যমন্ত্ৰীলৈ পত্ৰ প্ৰেৰণ বিৰোধী দলপতি দেৱব্ৰত শ‍ইকীয়াৰ

বৃহত্তৰ বঙাইগাঁও প্ৰেছ ক্লাবত নবনীতা হাজৰিকাৰ ‘ বহুজন বহুৰূপ’ শীৰ্ষক গল্প সংকলন উন্মোচন

বৃহত্তৰ বঙাইগাঁও প্ৰেছ ক্লাবত নবনীতা হাজৰিকাৰ ‘ বহুজন বহুৰূপ’ শীৰ্ষক গল্প সংকলন উন্মোচন

বঙাইগাঁৱত পুলিচ ৰিপোৰ্ট প্ৰদানৰ নামত আৰক্ষী কনিষ্টবলৰ ধন দাবী, কনিষ্টবল মজিবৰ ৰহমানক গ্ৰেপ্তাৰ

বঙাইগাঁৱত পুলিচ ৰিপোৰ্ট প্ৰদানৰ নামত আৰক্ষী কনিষ্টবলৰ ধন দাবী, কনিষ্টবল মজিবৰ ৰহমানক গ্ৰেপ্তাৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd