বেলেগ থানাৰ লক-আপত থকা অভিযুক্তক কোবাই ৰঙাঘৰৰ আলহী হ’ল খোদ এ এছ আই

ৰঙাঘৰৰ আলহী হোৱা এ এছ আই মুকুট আলী।

আজি এটা ব্যতিক্ৰমী ঘটনাত খোদ আৰক্ষী বিভাগৰে এজন এ এছ আই পৰ্য্যয়ৰ বিষয়াই গ্ৰেপ্তাৰ হৈ ৰঙা ঘৰৰ আলহী হ’ব লগীয়া হৈছে দৰঙত। দৰং আৰক্ষীৰ এটা সূত্ৰই জনোৱা মতে ওদালগুৰি জিলাৰ কলাইগাওঁ আৰক্ষী থানাৰ ভকতপাৰা আৰক্ষী চকীত কৰ্মৰত এ এছ আই মুকুট আলীয়ে আজি পুৱাৰ ভাগত দৰং জিলাৰ ছিপাঝাৰ আৰক্ষী থানাত উপস্থিত হয়। থানাখনত সেই সময়ত জ্যেষ্ঠ বিষয়াৰ অনুপস্থিতিৰ সুযোগ লৈ থানাত থকা কনিষ্টবলৰ ওপৰত নিজৰ পদবীৰ প্ৰভাৱ খটুৱাই লক-আপত প্ৰৱেশ কৰে আৰু লক আপত সোমাই থকা এজন অভিযুক্ত জুলহাছ আলীক বেয়াকৈ মাৰধৰ কৰে। মাৰধৰ কৰাত জুলহাছ আলীয়ে চিঞৰ-বাখৰ কৰিবলৈ ধৰে আৰু তেতিয়া তৎক্ষণাত জ্যেষ্ঠ বিষয়া আহি এ এছ আই আলীক ধৰা পেলায় আৰু ভাৰতীয় দণ্ডবিধিৰ 448 / 353/ 506 ধাৰাৰ অধীনত 1060 / 2017 নম্বৰৰ এটা গোচৰ ৰুজু কৰি তেওঁক গ্ৰেপ্তাৰ কৰে। তেওঁক পিছত মঙলদৈ আদালতৰ জৰিয়তে ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰা হৈছে বুলি সূত্ৰটোৱে জনায়। অভিযোগ মতে গ্ৰেপ্তাৰ হোৱা এ এছ আই আলীৰ হৈতে জুলহাছ আলীৰ পূৰ্বৰ পৰা কিবা সংঘাত আছিল। জুলহাছ আলীক ছিপাঝাৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা বুলি খবৰ পাই আৰু লক আপত থকা বুলি জানিব পাৰি নিজৰ পদবীৰ অপব্যহাৰ কৰি হ’লেও এ এছ আই আলীয়ে প্ৰহাৰ কৰাৰ সুবিধা লৈছিল।