বেহাৰবাৰীৰ চিমেন্টৰ গুদামৰ পৰা চুৰি কৰা ট্ৰাক মুকালমুৱাত উদ্ধাৰ

truck

প্ৰতিনিধিত্বমূলক চিত্ৰ

ৰাজ্যত সঘনাই গাড়ী চুৰিৰ ঘটনা পোহৰলৈ অহা সময়তে শণিবাৰে সন্ধিয়া মহানগৰীৰ বেহাৰবাৰীস্থিত জে. কে. হোৱাইট চিমেন্ট গুদামৰ পৰা চুৰি কৰা ট্ৰাক খন দেওবাৰে নিশা প্ৰায় ৯ মান বজাত মুকালমুৱা আৰক্ষী থানাৰ সমীপৰ পৰা আৰক্ষীয়ে উদ্ধাৰ কৰে।

ঘটনা সংক্ৰান্তত ট্ৰাকখনৰ মালিক চামিম আহমদে নৰ্থ ইষ্ট নাওক জনোৱা অনুসৰি শ্ৰমিক-কৰ্মচাৰীসকল গুদামত নথকাৰ সুযোগ লৈয়ে শণিবাৰে নিশা গুদামৰ চৌহদত ৰখাই থোৱা ট্ৰাক এখন কোনো দুৰ্বৃত্তই চুৰ কৰি লৈ যায়।

জানিব পৰা মতে হোৱাইট চিমেন্ট ভৰ্তি ট্ৰাকখনৰ নম্বৰটো হৈছে এএছ ২৫এ ৭০৪০। ট্ৰাকখনৰ ড্ৰাইভাৰজনে ট্ৰাকখন গুদামত দেখা নাপাই মালিকক খবৰ দিয়ে। মালিকে লগে লগে বশিষ্ঠ আৰক্ষী থানাত এক গোচৰ ৰুজু কৰে। বশিষ্ঠ আৰক্ষীয়ে ট্ৰাকখনৰ সন্ধান কৰে যদিও উক্ত দিনটোত ট্ৰাকখনৰ কোনো সন্ধান উলিয়াব নোৱাৰিলে।

দেওবাৰে নিশা প্ৰায় ৯:৩০ মান বজাত বশিষ্ঠ আৰক্ষীয়ে ফোনযোগে হোৱাইট চিমেন্ট ভৰ্ত্তি ট্ৰাকখন মুকালমুৱা আৰক্ষীয়ে উদ্ধাৰ কৰা বুলি মালিকক জনায়।

মুকালমুৱা আৰক্ষী সূত্ৰই বশিষ্ঠ আৰক্ষীক জনোৱা অনুসৰি ট্ৰাকখন মুকালমুৱা থানাৰ সমীপতে গাড়ীচোৰ চক্ৰই এৰি থৈ যায়। লগতে গাড়ী চুৰি ঘটনাটোৰ সৈতে জৰিত কেইজনৰ  সন্ধান বৰ্তমানলৈকে পোৱা নাই বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে।

বৰ্তমান মুকালমুৱা আৰক্ষীৰ জিম্মাত থকা ট্ৰাকখন কাইলৈ পুৱাই মুকালমুৱা থানাৰ পৰা গুৱাহাটীলৈ লৈ অনা হ’ব বুলি ট্ৰাকখনৰ মালিক চামিম আহমদে আমাক জানিবলৈ দিয়ে।