বোকাখাতত ডাক বিভাগৰ গাফিলতিত সাক্ষাৎকাৰৰ পৰা বঞ্চিত দুজনকৈ প্ৰাৰ্থী

তথ্য প্ৰযুক্তি বিদ্যাৰ  চমকপ্ৰদ সাফল্যৰ দিনটো অসমত ডাক ব্যৱস্থাই পুৰণিকলীয়া ৰূপতে চলি আছে। ইয়াকে প্ৰমাণ কৰি গোলাঘাট জিলাৰ বোকাখাতত ডাক বিভাগৰ গাফিলতিৰ ফলত সাক্ষাৎকাৰৰ পৰা বঞ্চিত হ’ব লগীয়া হয় দুজনকৈ প্ৰাৰ্থাীয়ে। লক্ষণীয় যে গোলাঘাট জিলাৰ বোকাখাত মহকুমাৰ মহুৰা মৌজাৰ বৰটিকা গাঁৱৰ দুজন প্ৰাৰ্থীয়ে ডিফুৰ চতুৰ্থ বৰ্গৰ পদৰ বাবে আবেদন জনাইছিল। জানিব পৰা মতে অভিজিত লইঙ নামৰ প্ৰাৰ্থীজনৰ প্ৰৱেশ পত্ৰ সাক্ষাৎকাৰ হৈ যোৱা এক ঘন্টা পাছত আৰু বিজয় লইঙ নামৰ প্ৰাৰ্থীজনে এদিনৰ পাছতহে প্ৰৱেশ পত্ৰ বংকুৱাল ডাক বিভাগৰ ফালৰ পৰা লাভ কৰে। ইয়াৰ ফলত ডাক বিভাগৰ বিৰুদ্ধে ক্ষুব্ধ হৈ পৰিছে প্ৰাৰ্থী দুজনৰ লগতে অঞ্চলটোৰ বাসিন্দাসকল। জানিব পৰা মতে বংকুৱাল ডাক ঘৰৰ দ্বাৰা পূৰ্বেও এনে কাৰ্য সংঘটিত হৈ আহিছে যদিও বিভাগটোৱে এই ক্ষেত্ৰত কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা পৰিলক্ষিত হোৱা নাই। বিভাগটোৰ এনে ধৰণৰ অৱহেলিত কাৰ্যকলাপৰ ফলত বিভিন্ন সময়ত আবেদনকাৰী প্ৰাৰ্থী সকলৰ গুৰুত্বপূৰ্ণ নথি-পত্ৰ সমূহ বহু পলমকৈ লাভ কৰাত তেওঁলোকৰ ভৱিষ্যৎ জীৱন অন্ধকাৰচ্ছন্ন হৈ পৰিছে। আনহাতে বৰ্তমান সময়ত ডাকঘৰটোৰ পষ্ট মাষ্টৰ গৰাকীৰ বিৰুদ্ধে বিভাগীয় তদন্তৰ দাবী তুলিছে অঞ্চলবাসীয়ে।