• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, September 18, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ব্যৰ্থতা : কেন্দ্ৰীয় নেতৃত্বই আৰম্ভ কৰিছে ৰাজ্যিক বিজেপিৰ নতুন নেতৃত্বৰ সন্ধান

এন ই নাও নিউজ by এন ই নাও নিউজ
June 7, 2018 12:36 pm
l_Ranjit-Das-1502260320

ৰঞ্জিত দাস। ফাইল ফটো।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

আগন্তুক লোক সভাৰ নির্বাচনৰ পূর্বে ৰাজ্যিক বিজেপিৰ নেতৃত্ব সলনিৰ চৰ্চা চলিছে। ২০১৯ চনত অনুষ্ঠিত হ’বলগীয়া  লোক সভাৰ নির্বাচনত ৰাজ্যখনত দলটোক শক্তিশালী নেতৃত্ব দিব পৰা নেতাৰ সন্ধানত নামি পৰিছে বিজেপিৰ কেন্দ্রীয় নেতৃত্ব।

জানিব পৰা মতে বর্তমানৰ ৰাজ্যিক সভাপতি ৰঞ্জিত দাসৰ এগৰাকী যোগ্য উত্তৰসুৰী হিচাপে নেতা এজনৰ সন্ধান কৰাক লৈ দলৰ ভিতৰচ’ৰাত ব্যাপক চৰ্চা আৰম্ভ হৈছে।

অহা অক্টোবৰ মাহত বিজেপিৰ ৰাজ্যিক কার্যনির্বাহখনৰ কার্যকালৰ অন্ত পৰিব যদিও বর্তমানৰ কার্যনির্বাহকক লৈ অসন্তুষ্ট বিজেপিৰ কেন্দ্রীয় নেতৃত্বই কার্যকাল সম্পূর্ণ হোৱাৰ পূর্বেই নতুন নেতৃত্বৰ সন্ধান কৰা বুলি জানিব পৰা গৈছে।

২০১৬ চনৰ বিধানসভাৰ নির্বাচনত চমকপ্রদ সফলতা অর্জন কৰা সত্ত্বেও ৰাজ্যত বিজেপিৰ সাংগঠনিক ভেটিকলৈ গেৰুৱা দলটোৰ ভিতৰচ’ৰাত শংকাৰ সৃষ্টি হৈছে।

মাত্ৰ দুবছৰৰ ভিতৰতে শাসকীয় দলটোৱে গণভিত্তি হেৰুওৱাৰ উপক্ৰম কৰাত  ৰাজ্যিক বিজেপিৰ নেতৃত্বৰ ওপৰত অসন্তুষ্ট ৰাষ্ট্রীয় সভাপতি অমিত শ্বাহ।  তৃণমূল পর্যায়ত বিজেপিয়ে ভেটি হেৰুওৱাত আৰু অতি সময়ৰ ভিতৰতে কংগ্রেছৰ উত্থানৰ ইংগিত দেখি  ৰাষ্ট্রীয় সভাপতি অমিত শ্বাহ বিজেপিৰ ৰাজ্যিক নেতৃত্বৰ ওপৰত নাৰাজ হৈ পৰিছে।

বিজেপিৰ এক সূত্রৰ পৰা জানিব পৰা মতে, লোক সভাৰ নির্বাচনৰ পূর্বে ৰাজ্যিক বিজেপিৰ নেতৃত্ব সলনি সন্দর্ভত ৰাষ্ট্রীয় সভাপতি অমিত শ্বাহে ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক ৰামমাধৱ, সাংগঠনিক সাধাৰণ সম্পাদক ৰামলাল আৰু অসমৰ দায়িত্বত থকা পর্যবেক্ষক অজয় জামোৱালৰ সৈতে ইতিমধ্যে এখন বৈঠকত মিলিত হৈছে।

বিজেপিৰ কেন্দ্রীয় নেতৃত্বৰ উপৰি আৰ এছ এছো ৰাজ্যিক সভাপতি ৰঞ্জিত দাসৰ দুর্বল ভূমিকাক লৈ অসন্তুষ্ট বুলি জানিব পৰা গৈছে। দলক সংগঠিত ৰূপত শক্তিশালী কৰাৰ পৰিৱর্তে ৰঞ্জিত দাসসহ গুৰুত্বপূর্ণ পদবীত থকা ৰাজ্যিক বিজেপিৰ একাংশ বিষয়ববীয়া ব্যক্তি স্বার্থত ব্যস্ত থকাত আৰ এছ এছ নাৰাজ বুলি সূত্রটোৱে প্ৰকাশ কৰিছে।

বিজেপিৰ ৰাজ্যিক সভাপতি ৰঞ্জিত দাসে হাউছফেডৰ অধ্যক্ষ হিচাপে কেবিনেট মর্যাদা আৰু চৰকাৰী সা-সুবিধা লৈ আছে। কিন্তু দলক যিভাৱে নেতৃত্ব দিব লাগিছিল, সেই ক্ষেত্রত দাস সফল নোহোৱাৰ অভিযোগ উঠিছে।

আটাইতকৈ পৰিতাপৰ কথা যে দলৰ সূত্ৰই প্ৰকাশ কৰা মতে  বিগত বিধানসভাৰ নির্বাচনৰ পূর্বে দলৰ সদস্য হোৱা তৃণমূল পর্যায়ৰ ২৫ লাখ কর্মীৰ পঞ্জীয়ন নবীকৰণ কৰা হোৱা নাই। তদুপৰি, ২০১৪ চনৰ লোক সভাৰ নির্বাচনৰ পূর্বে আৰম্ভ কৰা ‘মিছ্ড কল’ৰ ভিত্তিত সদস্যভর্তি অভিযান সম্প্ৰতি সম্পূর্ণৰূপে বন্ধ হৈ পৰিছে।

আনহাতে, কেন্দ্রীয় আৰু ৰাজ্য চৰকাৰৰ জনকল্যাণকামী আঁচনিসমূহ ৰাইজৰ মাজত প্রচাৰৰ ক্ষেত্রতো ৰাজ্যিক নেতৃত্ব সম্পূৰ্ণ ব্যর্থ হোৱাৰ অভিযোগ উঠিছে।  শেহতীয়াকৈ মিত্র দলৰ সৈতেও বিজেপিৰ সম্পর্কৰ অৱনতি ঘটিছে। ৰাজ্যিক বিজেপিৰ নেতৃত্বৰ দুর্বলতা আৰু সাংগঠনিক কূট-কৌশলৰ অভাৱত ৰাজ্যত পুনৰ কংগ্রেছক মূৰ দাঙি উঠাৰ সুযোগ দিছে বুলিও দলটোৰ ভিতৰত চৰ্চা চলিছে।

নাগৰিকত্ব সংশোধনী বিধেয়কক লৈ ৰাজ্যত সৃষ্টি হোৱা উত্তপ্ত পৰিস্থিতিৰ সময়ত চৰকাৰৰ পক্ষত জনমত অটুট ৰখাৰ ক্ষেত্রতো দল ব্যর্থ হোৱাৰ অভিযোগ উঠিছে। ২০১৯ চনৰ লোক সভাৰ নির্বাচনত বিজেপিয়ে উত্তৰ-পূর্বাঞ্চলৰ ২৫খন আসনৰ ভিতৰত ২১খন আসন দখলৰ অংগীকাৰ কৰিছে। তেনে ক্ষেত্রত মিত্র দলৰ সহযোগত অসমৰ ১২খন আসন দখলৰ সপোন দেখা বিজেপিৰ পক্ষে যে এয়া সম্ভৱ নহয়, তাক লৈও দলটোৰ ভিতৰত গুণা গথা চলিছে।

সেয়েহে ৰাজ্যিক বিজেপিৰ নেতৃত্ব সলনিৰ প্ৰতি বিজেপিৰ কেন্দ্ৰীয় নেতৃত্ব তৎপৰ হৈ পৰিছে আৰু শীঘ্ৰেই এজন যোগ্য নেতাৰ নেতৃত্বত দলটো পুনৰুজ্জীৱিত কৰাৰ বাবে অনুশীলন চলিছে বুলিও এক নিৰ্ভৰযোগ্য সূত্ৰই প্ৰকাশ কৰিছে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ট্ৰাম্পৰ পাছত পুটিনে ফোনযোগে মোদীক জনালে জন্মদিনৰ শুভেচ্ছা

ট্ৰাম্পৰ পাছত পুটিনে ফোনযোগে মোদীক জনালে জন্মদিনৰ শুভেচ্ছা

September 17, 2025 9:31 pm
কেগৰ প্ৰতিবেদনত উন্মোচিত হৈছে গুজৰাটৰ শ্ৰমিক কল্যাণ ব’ৰ্ডৰ বৃ্হৎ অনিয়ম

কেগৰ প্ৰতিবেদনত উন্মোচিত হৈছে গুজৰাটৰ শ্ৰমিক কল্যাণ ব’ৰ্ডৰ বৃ্হৎ অনিয়ম

September 17, 2025 8:36 pm
EVM বেলটত এতিয়াৰে পৰা থাকিব প্ৰাৰ্থীৰ ৰঙীণ ফটো! বিহাৰৰ পৰাই আৰম্ভ হ’ব এই ব্যৱস্থা

EVM বেলটত এতিয়াৰে পৰা থাকিব প্ৰাৰ্থীৰ ৰঙীণ ফটো! বিহাৰৰ পৰাই আৰম্ভ হ’ব এই ব্যৱস্থা

September 17, 2025 7:24 pm
ধীৰৌলি কয়লা খনি প্ৰকল্পৰ বিৰুদ্ধে উত্থাপিত অভিযোগ খণ্ডন কৰাৰ বাবে কেন্দ্ৰক তীব্ৰ সমালোচনা জয়ৰাম ৰমেশৰ

ধীৰৌলি কয়লা খনি প্ৰকল্পৰ বিৰুদ্ধে উত্থাপিত অভিযোগ খণ্ডন কৰাৰ বাবে কেন্দ্ৰক তীব্ৰ সমালোচনা জয়ৰাম ৰমেশৰ

September 17, 2025 7:04 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ট্ৰাম্পৰ পাছত পুটিনে ফোনযোগে মোদীক জনালে জন্মদিনৰ শুভেচ্ছা

ট্ৰাম্পৰ পাছত পুটিনে ফোনযোগে মোদীক জনালে জন্মদিনৰ শুভেচ্ছা

September 17, 2025 9:31 pm
কেগৰ প্ৰতিবেদনত উন্মোচিত হৈছে গুজৰাটৰ শ্ৰমিক কল্যাণ ব’ৰ্ডৰ বৃ্হৎ অনিয়ম

কেগৰ প্ৰতিবেদনত উন্মোচিত হৈছে গুজৰাটৰ শ্ৰমিক কল্যাণ ব’ৰ্ডৰ বৃ্হৎ অনিয়ম

September 17, 2025 8:36 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd