• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, September 18, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ উপাচাৰ্যই নিজৰ বিৰুদ্ধে উঠা অভিযোগৰ বিচাৰিলে তদন্ত

অনিৰ্বাণ পাঠক by অনিৰ্বাণ পাঠক
August 8, 2018 11:48 pm
Bodoland university
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ উপাচাৰ্যৰ বিৰুদ্ধে উত্থাপিত বিভিন্ন অভিযোগ সন্দৰ্ভত তদন্ত বিচাৰিছে স্বয়ং উপাচাৰ্য ড০ হেমন্ত কুমাৰ বৰুৱাই। বুধবাৰে ৰাজ্যপাল তথা বিশ্ববিদ্যালয়খনৰ আচাৰ্যলৈ পত্ৰ প্ৰেৰণ কৰি বিশ্ববিদ্যালয়খনত সংঘটিত দূৰ্নীতি আৰু অনিয়মৰ অভিযোগ সন্দৰ্ভত তদন্ত কৰাৰ অনুৰোধ জনায় উপাচাৰ্য ড০ বৰুৱাই।

উল্লেখ্য যে, বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ড০ হেমন্ত কুমাৰ বৰুৱাৰ বিৰুদ্ধে দূৰ্নীতি আৰু অনিয়মৰ বিভিন্ন অভিযোগ উত্থাপন কৰি এখন অসমীয়া বাতৰি কাকতে ধাৰাবাহিকভাৱে বাতৰি প্ৰকাশ কৰি আছে। ইয়াৰ পাছতেই বৰুৱাই ৰাজ্যপাললৈ সমগ্ৰ বিষয়টোৰ তদন্ত কৰবলৈ ‘ভিজিলেন্স কমিতি’ প্ৰেৰণ কৰাৰ অনুৰোধ জনাই পত্ৰ প্ৰেৰণ কৰা কাৰ্যই নিশ্চিতভাৱে তাৎপৰ্য বহন কৰিছে।

এই সন্দৰ্ভত উপাচাৰ্য ড০ বৰুৱাৰ সৈতে নৰ্থ-ইষ্ট নাওৰ এক টেলিফোনিক বাৰ্তালাপত তেওঁ কয়, ‘বাতৰি কাকতখনে কোনো ভিত্তি নথকাকৈ মোৰ বিৰুদ্ধে যিবিলাক অভিযোগ আনিছে তাত মই অত্যন্ত দুখ পাইছো। মোৰ ‘কেৰিয়াৰ’ত দাগ লগাবলৈ তেওঁলোকে এনেদৰে ধাৰাবাহিকভাৱে লিখি আছে। অৱশেষত মই মানসিক অশান্তিত ভুগি থকা হেতুকেই এই পত্ৰ প্ৰেৰণ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিলো।’

তেওঁ লগতে কয় যে এই অভিযোগ সন্দৰ্ভত চৰকাৰৰ ফালৰ পৰা প্ৰতিবেদন বিচাৰিলে প্ৰতিবেদন দাখিল কৰিবলৈ তেওঁ সাজু আছে। কিন্তু চৰকাৰে প্ৰতিবেদন বিচৰাৰ আগতেই তেওঁ নিজেই সমগ্ৰ অভিযোগৰ তদন্ত কৰাৰ বাবে অনুৰোধ জনোৱাটো বিবেচনা কৰিলে।

উপাচাৰ্য ড০ হেমন্ত কুমাৰ বৰুৱাৰ ফাইল ফটো

‘চৰকাৰে তদন্তৰ বাবে ‘ভিজিলেন্স কমিতি’ প্ৰেৰণ কৰক। ভিজিলেন্স কমিতিয়ে বাতৰি কাকতত এতিয়া ওলোৱা কথাৰেই নহয় বৰং আৰম্ভণীৰ পৰাই সকলো কথাৰ তদন্ত কৰক। তেতিয়াহে কথাবিলাক স্পষ্টভাৱে ওলাই পৰিব। যদি তদন্তত মোৰ কিবা দূৰ্নীতি ওলায় তেতিয়াহ’লে ওলাওক’, উপাচাৰ্য ড০ বৰুৱাই কয়।

তেওঁৰ বিৰুদ্ধে বিশ্ববিদ্যালয়খনৰ বিভিন্ন নিৰ্মাণ কাৰ্যৰ নামত ধনৰ অনিয়ম সংঘটিত কৰাৰ অভিযোগ উত্থাপন কৰি কাকতখনে বাতৰি প্ৰকাশ কৰা বুলি উল্লেখ কৰি তেওঁ কয় যে বিশ্ববিদ্যালয়খনৰ বিত্তীয় দিশটো চোৱাচিতাৰ বাবে এখন ‘টেণ্ডাৰ কমিতি’ আছে, কিন্তু তেওঁ সেই ‘টেণ্ডাৰ কমিতি’ৰ  সদস্যই নহয়। গতিকে তেওঁ বিত্তীয় কেলেংকাৰী সংঘটিত কৰাৰ কোনো কথাই আহি নপৰে বুলি মন্তব্য কৰে।

আনহাতে সহযোগী অধ্যাপকৰ পদ অৱনমিতকৰণ সম্পৰ্কত প্ৰকাশিত বাতৰিৰ প্ৰসংগ উত্থাপন কৰি বৰুৱাই কয় যে বিশ্ববিদ্যালয়ৰ কাৰ্যবাহী পৰিষদৰ পূৰ্বৰ নীতি অনুসৰিয়েই সহযোগী অধ্যাপকৰ পৰা সহকাৰী অধ্যাপকৰ পদলৈ অৱনমিত কৰা হৈছে। অতিথি অধ্যাপকৰ চাকৰি নিয়মীয়াকৰণো কাৰ্যবাহী পৰিষদৰ বিবেচনা অনুসৰিয়ে নিয়মীয়াকৰণ কৰা হৈছে বুলি উল্লেখ কৰি তেওঁ কয় যে ইয়াত তেওঁ নতুনকৈ একো পৰিৱৰ্তন কৰা নাই।

ড০ বৰুৱাই আক্ষেপেৰে কয়, ‘কাকতখনত যিবোৰ লিখি আছে তাৰ কোনো আগো নাই গুৰিও নাই। তেনেকৈ কিছুমান অভিযোগ আনিব নালাগে। বিশ্ববিদ্যালয়খনৰ বাবে মই যিখিনি কৰিছো মই তাৰ কৃতিত্ব বিচৰা নাই’।

তেওঁ উপাচাৰ্য হিচাপে যোগদান কৰাৰ পাছৰে পৰা যিবিলাক কাম হৈছে তাৰ শলাগ লওঁতা কোনো নাই বুলি নৰ্থ-ইষ্ট নাওৰ আগত প্ৰকাশ কৰে।

‘আঠটা কৈ বিভাগ খুলিলো, এম ফিল আৰম্ভ কৰিলো, পি এইচ ডিৰ পঞ্জীয়ণ কৰালো, বি এড, এম এড খুলিলো, মই ২০১৩ চনত যোগদান কৰাৰ আগতেই নামভৰ্তী হোৱা ছাত্ৰ-ছাত্ৰীসকলৰ বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ পঞ্জীয়ণ কৰালো, অসমৰ কোনো ৰাজ্যিক বিশ্ববিদ্যালয়তে এতিয়ালৈ স্নাতকোত্তৰৰ ফলাফল ঘোষনা হোৱা নাই, কিন্তু আমাৰ বিশ্ববিদ্যালয়ত ইতিমধ্যে পাঁচটা বিভাগৰ ফলাফল ঘোষণা হৈ গ’ল। এই বিলাক কথাৰটো কোনেও শলাগ লোৱা নাই’, ড০ বৰুৱাই কয়।

তেওঁ বিশ্ববিদ্যায়ৰ কামত ভ্ৰমন কৰিলেও তাৰ বাবত কোনো ভাট্টা নোলোৱা বুলিও প্ৰকাশ কৰি এই অভিযোগ সমুহে যথেষ্ট দুখ দিয়া বুলি মন্তব্য কৰে।

অনিৰ্বাণ পাঠক

অনিৰ্বাণ পাঠক

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ট্ৰাম্পৰ পাছত পুটিনে ফোনযোগে মোদীক জনালে জন্মদিনৰ শুভেচ্ছা

ট্ৰাম্পৰ পাছত পুটিনে ফোনযোগে মোদীক জনালে জন্মদিনৰ শুভেচ্ছা

September 17, 2025 9:31 pm
কেগৰ প্ৰতিবেদনত উন্মোচিত হৈছে গুজৰাটৰ শ্ৰমিক কল্যাণ ব’ৰ্ডৰ বৃ্হৎ অনিয়ম

কেগৰ প্ৰতিবেদনত উন্মোচিত হৈছে গুজৰাটৰ শ্ৰমিক কল্যাণ ব’ৰ্ডৰ বৃ্হৎ অনিয়ম

September 17, 2025 8:36 pm
EVM বেলটত এতিয়াৰে পৰা থাকিব প্ৰাৰ্থীৰ ৰঙীণ ফটো! বিহাৰৰ পৰাই আৰম্ভ হ’ব এই ব্যৱস্থা

EVM বেলটত এতিয়াৰে পৰা থাকিব প্ৰাৰ্থীৰ ৰঙীণ ফটো! বিহাৰৰ পৰাই আৰম্ভ হ’ব এই ব্যৱস্থা

September 17, 2025 7:24 pm
ধীৰৌলি কয়লা খনি প্ৰকল্পৰ বিৰুদ্ধে উত্থাপিত অভিযোগ খণ্ডন কৰাৰ বাবে কেন্দ্ৰক তীব্ৰ সমালোচনা জয়ৰাম ৰমেশৰ

ধীৰৌলি কয়লা খনি প্ৰকল্পৰ বিৰুদ্ধে উত্থাপিত অভিযোগ খণ্ডন কৰাৰ বাবে কেন্দ্ৰক তীব্ৰ সমালোচনা জয়ৰাম ৰমেশৰ

September 17, 2025 7:04 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ট্ৰাম্পৰ পাছত পুটিনে ফোনযোগে মোদীক জনালে জন্মদিনৰ শুভেচ্ছা

ট্ৰাম্পৰ পাছত পুটিনে ফোনযোগে মোদীক জনালে জন্মদিনৰ শুভেচ্ছা

September 17, 2025 9:31 pm
কেগৰ প্ৰতিবেদনত উন্মোচিত হৈছে গুজৰাটৰ শ্ৰমিক কল্যাণ ব’ৰ্ডৰ বৃ্হৎ অনিয়ম

কেগৰ প্ৰতিবেদনত উন্মোচিত হৈছে গুজৰাটৰ শ্ৰমিক কল্যাণ ব’ৰ্ডৰ বৃ্হৎ অনিয়ম

September 17, 2025 8:36 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd