বৰডুমচাৰ ঘটনাৰ দায়িত্ব স্বীকাৰ আলফা (স্বা)ৰ

আজি সংবাদ মাধ্যমলৈ প্ৰেৰণ কৰা এটা ইমেইলত আলফা (স্বাধীন)ই বৰডুমচাৰ সোণজান গাৱঁৰ পিতা-পুত্ৰক হত্যা কৰা ঘটনাৰ দায়িত্ব স্বীকাৰ কৰিছে। আলফা (স্বা)ৰ সহকাৰী প্ৰচাৰ সম্পাদক অৰুণোদয় দহোটীয়াই এই মেইলটোত কয় যে আৰক্ষী তথা সেনাৰ হৈ চোৰাংচোৱাগিৰি কৰাৰ অপৰাধত এই দুজন লোকক হত্যা কৰা হ’ল। ‘তেওঁলোকে সেনা আৰু অসম আৰক্ষীৰ বাবে আমাৰ ওপৰত চোৰাংচোৱাগিৰি কৰিছিল। তেওঁলোকে আমাৰ সদস্যসকলক আত্মসমৰ্পণ কৰিবলৈও উদগনি দি আহিছিল। তেওঁলোকক আমি তিনিবাৰকৈ সকীয়াই দিছিলো। কিন্তু তেওঁলোকে নিজকে সলনি নকৰিলে। আমি এনেকুৱা কাৰ্য্যৰ বিৰুদ্ধে শূন্য সহনশীল।’ এয়াই হ’ল ইমেইলটোৰ পোনপটীয়া বক্তব্য। উল্লেখযোগ্য যে কালি গধূলি ৮ বজাত সোণজান গাৱঁৰ পিতা-পুত্ৰ ক্ৰমে অন্তেশ্বৰ মহন্ত আৰু কৰুণ মহন্তক তেওঁলোকৰ নিজা ঘৰতে সন্দেহজনক উগ্ৰপন্থীয়ে গুলীয়াই হত্যা কৰিছিল। আৰক্ষীয়ে এই ঘটনা আলফাৰ দ্বাৰা সংঘটিত বুলি কৈছিল, যিটো পিছত সংগঠনটোৰ তৰফৰ পৰা দায়িত্ব স্বীকাৰৰ লগে লগে সত্য প্ৰমাণিত হ’ল। আনহাতে নিৰাপত্তাৰ সূত্ৰসমূহে আজি এই কথা স্বীকাৰ কৰে যে আলফাৰ সঘন বিচৰণ থকা এই অঞ্চলটোত নিৰাপত্তাৰ কিছু ত্ৰুটি ৰৈ গৈছে, যাৰ বাবে এই ঘটনা সংঘটিত হ’বলৈ পালে। ‘কালিৰ ঘটনাত জড়িতসকলক আমি চিনাক্ত কৰি উলিয়াইছো। এই চাৰিজনীয়া গোটটোৱেই কেইদিন মানৰ পূৰ্বে কোণাপথাৰ বাগিচাত ধন দাবী কৰিছিল।’ এইদৰে কয় সঞ্চালক প্ৰধান (বিশেষ শাখা) পল্লব ভট্টাচাৰ্য্যই।

আনহাতে কালিৰ ঘটনাটোৰ বিভিন্ন দল-সংগঠন তথা বিভিন্ন পক্ষই গৰিহণা দিয়াৰ লগতে আজি কাকপথাৰত মৰাণ ছাত্ৰ সন্থা, অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ আৰু আছুৱে প্ৰতিবাদী কাৰ্য্যসূচী পালন কৰে। তেওঁলোকে চৰকাৰৰ বিৰুদ্ধে সাধাৰণ নাগৰিকক সুৰক্ষা দিব নোৱৰাৰ অভিযোগ তুলি শ্ল’গান দিয়ে আৰু তাৎক্ষণিকভাৱে অপৰাধীক ধৰিবলৈ সকীয়াই দিয়ে। আছুৱে আজি ঘটনাৰ প্ৰতিবাদত আজি ১২ ঘণ্টীয়া কাকপথাৰ বন্ধ দিছিল। আনহাতে সদৌ মৰাণ ছাত্ৰ সন্থাই কাইলৈ (বুধবাৰ) তিনিচুকীয়া জিলা বন্ধৰ আহ্বান দিছে। অন্যহাতে আজিৰ ঘটনাটোৰ মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু বিজেপিৰ ৰাজ্যিক সভাপতি ৰঞ্জিত কুমাৰ দাসেও গৰিহণা দিয়ে। মুখ্য মন্ত্ৰীয়ে মৃতকৰ পৰিয়াললৈ ৫ লাখ টকাৰ এককালীন সাহায্য ঘোষণা কৰিছে।

ঘটনাটোৰ শেহতীয়া খবৰ মতে আৰক্ষী আৰু নিৰাপত্তা বাহিনীয়ে আজি দিনত অসম-অৰুণাচল সীমান্ত অঞ্চলটো ব্যাপক অভিযান চলায় আৰু তিনিজন আলফাৰ সন্দেহযুক্ত লিংকমেনক গ্ৰেপ্তাৰ কৰে।