• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Thursday, January 21, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব মেঘালয়

বৰ্জিত পানী আৰু আৱৰ্জনা শ্বিলং নদীৰ সুঁতিবোৰত পোনপটীয়াকৈ পেলোৱাত বাধা দিবলৈ মেঘালয় চৰকাৰক আহ্বান

NE NOW NEWS এন ই নাও নিউজ
শ্বিলং , April 16, 2018 7:37 pm

2 min read

Shillong city
242
VIEWS
Share on FacebookShare on Twitter

বৰ্জিত পানী শ্বিলং নদীৰ সুঁতিবোৰত পোনপটীয়াকৈ পেলোৱা বন্ধ কৰিবলৈ মেঘালয় চৰকাৰক অধিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ আহ্বান জনালে কংগ্ৰেছী বিধায়ক চাৰ্লছ পিংৰোপে।

আজি মেঘালয় বিধানসভাৰ মজিয়াত উত্তৰ শ্বিলঙৰ বিধায়ক এডেলবাৰ্ট নংৰামে সোধা এটা প্ৰশ্নৰ উত্তৰত নগৰ উন্নয়ন বিভাগৰ মন্ত্ৰী হামলেটচন ধলিঙে চৰকাৰে শ্বিলং নদীৰ দুটা প্ৰধান সুঁতি উমচাইৰপি আৰু উমখ্ৰাহ অধিক প্ৰদূষিত হোৱা বন্ধ কৰিবলৈ বৰ্তমান গ্ৰহণ কৰা ব্যৱস্থাবোৰৰ কথা অৱগত কৰে।

মন্ত্ৰীজনে কয় যে সুঁতিকেইটাৰ কিছু কিছু অংশত ফেন্সিং দিয়া, সুঁতিকেইটাৰ পাৰত বাস কৰা নাগৰিকসকলে নদীলৈ বৰ্জিত পানী পোনপটীয়াকৈ নিষ্কাশন কৰা ধৰা পৰিলে জাননী দিয়া -এইবোৰো ইয়াৰ ভিতৰত আছে। তেওঁ লগতে কয় যে উমচাইৰপি সুঁতিটোৰ ছটা স্থানত আৱৰ্জনা ধৰি ৰখা প্ৰণালী স্থাপন কৰা হৈছে আৰু উমখ্ৰাহ নদীৰ বাবেও একেই ব্যৱস্থা কৰা হ’ব।

তেওঁ লগতে কয় যে শ্বিলং পৌৰ এলেকা আৰু ইয়াৰ বাহিৰৰ অংশৰ বাবেও জাবৰ সংগ্ৰহ প্ৰণালীটো অধিক বৃদ্ধি কৰা হ’ব, যাতে জাবৰ নদী বা নৰ্দমাত দলিওৱা কমে।

আনহাতে সুঁতি দুটাৰ পানীৰ গুণগত মান সন্দৰ্ভত ধোলিঙে কয় যে মেঘালয় ৰাজ্যিক প্ৰদূষণ নিয়ন্ত্ৰণ পৰিষদে ৰাষ্ট্ৰীয় জল নিয়ন্ত্ৰণ আঁচনিৰ অধীনত এই বিষয়টো চোৱাচিতা কৰি আছে আৰু সুঁতি দুটাৰ পানী ‘ই’ শ্ৰেণীত পৰে, অৰ্থাৎ কেৱল জলসিঞ্চন, ঔদ্যোগিক শীতলীকৰণ প্ৰণালী, আৰু আৱৰ্জনা নিষ্কাশনতবে ইয়াক ব্যৱহাৰ কৰিব পাৰি।

হোটেল, গেষ্ট হাইছ, ৰেস্তোৰাঁ আৰু অন্যান্য প্ৰতিষ্ঠানবোৰত বৰ্জিতজল নিষ্কাশন প্ৰণালী (effluent treatment plants (ETPs)) স্থাপন কৰা সন্দৰ্ভত মন্ত্ৰীজনে কয় যে মেঘালয় ৰাজ্যিক প্ৰদূষণ নিয়ন্ত্ৰণ পৰিষদ আৰু মেঘালয় নগৰ উন্নয়ন প্ৰাধিকৰণৰ নিৰ্দেশমতে ৬৯খন হোটেল, ১৯টা গেষ্ট হাউছ/লজ, ৩৭খন ৰেস্তোৰাঁ, ১৪টা অট’ম’বাইল সেৱা প্ৰতিষ্ঠান আৰু ১১খন হস্পিটেলত বৰ্জিত পানী নিষ্কাশনৰ বাবে ই টি পি স্থাপন কৰা হৈছে।

মন্ত্ৰীজনে জনায় যে ১৮জন লোকলৈ তেওঁলোকে কৰ্তৃত্বহীনভাৱে নিৰ্মাণকাৰ্য্য চলোৱাৰ বাবে কাৰণ দৰ্শোৱাৰ জাননীৰ লগতে সেইবোৰ ভাঙি পেলাবলৈ নিৰ্দেশ জাৰি কৰা হৈছিল। কিন্তু সেইবোৰ উচ্চতম ন্যায়ালয়ৰ দ্বাৰা স্থগিত ৰখা হৈছে আৰু এতিয়া ৰায়ৰ বাবে বাট চোৱা হৈছে। আনহাতে পানীলৈ নিয়মীয়াকৈ জাবৰ দলিওৱা লোকক ধৰা পেলাবলৈ চি চি টি ভিও স্থাপন কৰা বুলিও তেওঁ কয়।

Recent News

মহাজোঁটত জঁট! সাম্প্ৰদায়িক মন্তব্যৰ বাবে আজমলক গৰিহণা-সকীয়নি অজিত ভুঞাৰ

মহাজোঁটত জঁট! সাম্প্ৰদায়িক মন্তব্যৰ বাবে আজমলক গৰিহণা-সকীয়নি অজিত ভুঞাৰ

দেশৰ মাটিত পদাৰ্পন কৰিয়ে প্ৰথমে পিতৃৰ সমাধিত শ্ৰদ্ধাঞ্জলি যুৱ তাৰকা ব’লাৰ মহম্মদ চিৰাজৰ

দেশৰ মাটিত পদাৰ্পন কৰিয়ে প্ৰথমে পিতৃৰ সমাধিত শ্ৰদ্ধাঞ্জলি যুৱ তাৰকা ব’লাৰ মহম্মদ চিৰাজৰ

200001

কৃষি আৰু উদ্যান শস্যৰ তিনিদিনীয়া ৰাষ্ট্ৰীয় প্ৰদৰ্শনীৰ শুভাৰম্ভ: বিদেশৰ প্ৰতিনিধিৰ অংশগ্ৰহণ

Gautam Gambhir

অযোধ্যাত ৰাম মন্দিৰ নিৰ্মাণৰ বাবে ১ কোটি টকাৰ ব্যক্তিগত অনুদান গৌতম গম্ভীৰৰ পৰিয়ালৰ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd