ভিন্টেজ চার্কোল- গুৱাহাটীৰ নিজস্ব এক আকৰ্ষণীয় সফলতাৰ কাহিনী

vantage-circle-570x320

ফটো : কোৱাৰ্ট্জৰ সৌজন্যত

এইয়া আমেৰিকা বা কোনো বৃহৎ মহানগৰৰ কাহিনী নহয়। সাত বছৰ আগতে আমাৰ গুৱাহাটীতে আৰম্ভ কৰা অসমীয়া যুৱকৰ এটি প্ৰতিষ্ঠানৰ সফলতাৰ কাহিনী এয়া।

২০১১ চনত পাৰ্থ নেওগ আৰু তেওঁৰ স্কুলীয়া বন্ধু অঞ্জন পাঠকে স্থাপন কৰা এই প্ৰতিষ্ঠানটোৱে কৰ্মচাৰীসকলক উৎসাহ আৰু লাভান্বিত কৰাৰ এখন মঞ্চ হিচাপে কাম কৰি আহিছে।

‘ভিন্টেজ চাৰ্কোল’ হিচাপে পৰিচিত এই প্ৰতিষ্ঠানটোৰ সেৱা গ্ৰহণকাৰীসকলৰ তালিকাত আছে ইনফ’ছিছ, উইপ্ৰো, ডেল’ইটি আৰু জে পি মৰগানৰ দৰে সংস্থা। ‘কোৱাৰ্ট্জ’ৰ এক প্ৰতিবেদনত এই কথা প্ৰকাশ পাইছে।

পাৰ্থ নেওগ, ভিন্টেজ চাৰ্কোলৰ মুখ্য কাৰ্যবাহী বিষয়া তথা সহ- প্ৰতিষ্ঠাপক

কোনো মূলধন বিনিয়োগ নকৰাকৈয়ে ইয়াৰ গুৱাহাটীৰ কাৰ্যালয়ৰ পৰা উক্ত সকলোকে সেৱা যোগান ধৰি আহিছে।

গুৱাহাটীত এই দুই বন্ধুৱে ভিন্টেজ চাৰ্কোল গঠন কৰাৰ আগতে নেওগ আছিল ‘ইনফো এজ ইণ্ডিয়া’ৰ এগৰাকী প্ৰডাক্ট মেনেজাৰ আৰু পাঠক আছিল ব্ৰিটেইনত এগৰাকী কনছালটেন্ট।

‘’আমি আমাৰ নিজৰ ৰাজ্য অসমলৈ গুচি আহিছিলো কিয়নো আমি ইয়াৰে বাসিন্দা আৰু অন্যান্য ডাঙৰ মহানগৰৰ তুলনাত অসমত কম দৰমহাত কাম কৰিবলৈ মানুহ পোৱা যায়। এইটো খৰচ কৰ্তন কৰাৰ বাবে নহয় বৰঞ্চ কম খৰচী হিচাপে পৰিকল্পনা কৰা হৈছিল,’’- নেওগৰ উদ্ধৃতিৰে কোৱাৰ্ট্জত এয়া প্ৰকাশ পাইছে।

২০১৭ ৰ মাৰ্চত অন্ত পৰা যোৱাটো বিত্তীয় বৰ্ষত ভিন্টেজ চাৰ্কোলে সংগৃহিত ৪.৩ কোটি টকাৰ ৰাজহৰ পৰা প্ৰায় ৩০ লাখ টকা লাভ কৰিবলৈ সক্ষম হৈছে।

প্ৰতিবেদনখনত প্ৰকাশ পাইছে যে নেওগে ২০১৮ৰ মাৰ্চত অন্ত পৰিবলগীয়া বিত্তীয় বৰ্ষত ৬ কোটি টকা ৰাজহ সংগ্ৰেহেৰে ৫০ লাখ টকাৰ লাভ অৰ্জন কৰাৰ আশা ব্যক্ত কৰিছে।

ভিন্টেজ চাৰ্কোলৰ বৰ্তমানৰ কৰ্মচাৰীসকল

কৰ্মচাৰীসকলক সুবিধা সেৱা আগবঢ়োৱা আৰু বহু কোম্পানী আছে যদিও অসমৰ এই যুৱকে চলোৱা এইটোৰ দৰে ইমান সংগঠিত আৰু সুপৰিচালিত আন কোনোটোৱে  নহয়। দুই যুৱকৰে এতিয়া বয়স ৪০ ৰ ঘৰত।

ভিন্টেজ চাৰ্কোলে ছেমছাঙ বা এইচ পিৰ দৰে প্ৰতিষ্ঠানৰ সেৱা গ্ৰহণ কৰিব বিচৰা কোম্পানীসমূহৰ মাজত সেতু হিচাপে কাম কৰে। এয়া এক ডিছকাউন্ট ভাউছাৰ বা গেজেটৰ ৰূপত কৰ্মচাৰীসকলক আগবঢ়োৱা হয়।

ভিন্টেজ চাৰ্কোলে দুয়োটা পক্ষৰ চুক্তি সম্পন্ন হোৱাৰ পিছত তেওঁলোকৰ ৰাজহ লাভ কৰে। কোম্পানীবোৰে ইয়াৰ ব্ৰেণ্ডসমূহৰ পৰা ৰাজহৰ এটা বুজন অংশ লাভ কৰে আৰু ইয়াৰ কৰ্পোৰেট গ্ৰাহকৰ পৰা সাধাৰণ পৰিমানৰ মাছুল গ্ৰহণ কৰে।

তেওঁৰ প্ৰকল্পটোৰ বৰ্তি থকাৰ বিষয়ে উল্লেখ কৰি নেওগে কোম্পানীটোৰ অৱস্থানক ইয়াৰ সফলতাৰ আন কাৰণসমূহৰ ভিতৰত অন্যতম বুলি দোহাৰে।

ভিন্টেজ চাৰ্কোলত কাম কৰা ৩৬ গৰাকী কৰ্মচাৰীৰ ভিতৰত ৩০ গৰাকীয়ে গুৱাহাটীৰ বাহিৰত কাম কৰি আছে। তদুপৰি, ৬ গৰাকী বিপণন আৰু বিক্ৰী চোৱা-চিতা কৰা কৰ্মচাৰীয়ে বেংগালুৰু তথা দিল্লীৰ পৰা কাম চলাই আছে।