ভোটবেংকৰ স্বাৰ্থত বিজেপিয়ে নাগৰিকত্ব সংশোধনী বিধেয়ক আনিব খুজিছে : মুছলিম ছাত্ৰ সন্থা অসম

Muslim Student's Union Assam Press Meet

নাগৰিকত্ব সংশোধনী বিধেকৰ জৰিয়তে বিজেপি চৰকাৰে নতুনকৈ ভোটবেংক মুকলি কৰাৰ ষড়যন্ত্ৰত লিপ্ত হৈছে, এই মন্তব্য মুছলিম ছাত্ৰ সন্থাৰ ৰাজ্যিক সভাপতি জালাল উদ্দিনৰ।

আজি মহানগৰীৰ প্ৰেছ ক্লাৱত অনুষ্ঠিত এক সংবাদ মেলত উক্ত মন্তব্য কৰাৰ লগতে তেওঁ কয় যে হিন্দু বাংলাদেশীৰ ভোট বেংকৰ স্বাৰ্থতে বিজেপি চৰকাৰখনে এই নাটক ৰচনা কৰিছে।

নাগৰিকত্ব সংশোধনী বিধেয়ক গৃহীত বিষয়টো এক ঘৃণনীয় পদক্ষেপ বুলি সদৰী কৰি সংস্থাৰ নেতৃবৃন্দই অসম তথা কেন্দ্ৰীয় চৰকাৰক এই নাগৰিকত্ব সংশোধনী বিধেয়ক কোনো কাৰণতে গৃহীত নকৰিবৰ বাবে সকিয়নী প্ৰদান কৰে।

এন আৰ চিৰ প্ৰথম খচৰাত প্ৰকাশ পোৱা নামৰ ক্ষেত্ৰত বহু বিসংগতি থকাৰ অভিযোগ তুলি সভাপতিজনে কয় যে ৰাজ্যিক সমন্বয়ক তথা অসম চৰকাৰৰ চৰম গাফিলতিৰ বাবে এনে পৰিস্থিতিৰ সৃষ্টি হৈছে।

এই ক্ষেত্ৰত তেওঁ অসম চৰকাৰ তথা এন আৰ চিৰ ৰাজ্যিক সমন্বয়কক উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশনা মানি শুদ্ধ তথা বিদেশীমুক্ত এন আৰ চি প্ৰস্তুত কৰিবলৈ আহ্বান জনায়।

তদুপৰি ধৰ্মীয় সংখ্যালঘু কিছুসংখ্যক লোকক দ্বি-ভোটাৰ সজাই অত্যাচাৰ চলোৱা বুলি সদৰী কৰি জালাল উদ্দিনে কয় “শীঘ্ৰে দ্বি-ভোটাৰ সকলৰ সকলো তথ্য নিৰীক্ষণ কৰাৰ বাবে দল গঠন কৰি নথি পৰীক্ষা-নিৰীক্ষা কৰি ৬ মাহৰ ভিতৰত দ্বি মুক্ত কৰিব লাগে।”

এই সন্দৰ্ভত ভাৰতৰ নিৰ্বাচন আয়োগলৈ মুছলিম ছাত্ৰ সন্থা, অসমে স্মাৰক পত্ৰ প্ৰদান কৰিব বুলি সন্থাৰ নেতৃবৰ্গই জানিবলৈ দিয়ে।

ইয়াৰোপৰি তেওঁ আজিৰ সমবাদমেলৰ জৰিয়তে ৰাজ্যত বানপীৰিত লোকসকলৰ যিসকল বৰ্তমানো ভূমিহীন তথা গৃহহীন হৈ আছে সেইসকল লোকক ভূমি প্ৰদান কৰিবৰ বাবে চৰকাৰক আহ্বান জনায়।

লক্ষণীয় যে বন মন্ত্ৰী প্ৰমীলা ৰাণী ব্ৰহ্মই সীমান্তত নগাৰ আগ্ৰাসন বৰ্তমানো চলি আছে বুলি কৰা মন্তব্য সন্দৰ্ভত তেওঁ অসম চৰকাৰক সমালোচনা কৰি শীঘ্ৰে অসমৰ ভূমি নগাৰ আগ্ৰাসনৰ পৰা বেদখলমুক্ত কৰিবৰ বাবে আহ্বান জনায়।