মহানগৰীৰ উষানগৰত যুৱকৰ আত্মহত্যাক লৈ চাঞ্চল্য

sd-as.jpg

দীৰ্ঘদিন ধৰি হতাশাত ভুগি থকা মহানগৰীৰ উষানগৰৰ বাসিন্দা প্ৰেমধৰ সন্দিকৈ আৰু গৌতমী সন্দিকৈৰ পুত্ৰ শ্যামলেশ সন্দিকৈয়ে দেওবাৰে নিজ বাসগৃহতে চিপ লৈ আত্মহত্যা কৰাক লৈ তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হোৱা পৰিলক্ষিত হৈছে।

উল্লেখযোগ্য যে যুৱকজনৰ পৰিয়ালৰ লোকে জানিবলৈ দিয়া অনুসৰি দেওবাৰে বিয়লি প্ৰায় ৫ মান বজাত যুবকজনে তেওঁৰ নিজৰ কোঠাত থকা চিলিং ফেনত চিপ লৈ আত্মহত্যা কৰে। মৃত্যুৰ সময়ত যুবকজনৰ বয়স আছিল ২৭ বছৰ।

প্ৰসংগক্ৰমে উল্লেখযোগ্য যে প্ৰথমতে  ককায়েকে খিৰিকীৰে যুৱকজনক ফেনত ওলমি থকা প্ৰত্যক্ষ কৰি হতভম্ব হৈ পৰে। পাছত পৰিয়ালৰ লোকৰ সহায়ত ককায়েকে কোঠাটোৰ দুৱাৰ ভাঙি  প্ৰৱেশ কৰি শ্যামলেশ সন্দিকৈক মৃত অৱস্থাত উদ্ধাৰ কৰে।

পাছত পৰিয়ালৰ লোকে দিছপুৰ আৰক্ষী থানাৰ সৈতে যোগাযোগ কৰাত ঘটনাস্থলীত আৰক্ষী উপস্থিত ঘটনাৰ তদন্ত আৰম্ভ কৰে।

পৰিয়ালৰ লোকে জনোৱা অনুসৰি আৰক্ষীয়ে শ্যামলেশক নমাই অনাৰ সময়লৈকে নাড়ী-স্পন্দন চলি আছিল। সেয়েহে যুৱকজনক ততাতৈয়াকৈ জিএনআৰচি হস্পিতালত ভৰ্তি কৰোৱা হয় যদিও তেওঁৰ মৃত্যু ঘটে।

আৰক্ষী সূত্ৰই জনোৱা অনুসৰি যুৱকজনৰ কোঠাৰ পৰা কোনোধৰণৰ ছুইছাইড নোট লাভ কৰা নাই। দেওবাৰে নিশা প্ৰায় ৮ মান বজাত যুৱকজনৰ মৃতদেহটো  মৰণোত্তৰ পৰীক্ষাৰ বাবে জিএমচিএইচলৈ প্ৰেৰণ কৰা হয়।

উল্লেখযোগ্য যে যুৱকজনে ২২ বছৰ বয়সতে ইঞ্জিনিয়াৰিং উত্তীৰ্ণ হৈ কোনোধৰণৰ চাকৰি নোপোৱাৰ বাবে মানসিকভাবে ভাগি পৰিছিল। আনকি তেওঁ মানসিক অশান্তিৰ পৰা পৰিত্ৰাণ পাবলৈ চিকিৎসকৰো কাষ চাপিছিল ।

পৰিয়ালৰ লোকে জানিবলৈ দিয়া অনুসৰি আজি তেওঁ মঙ্গলদৈস্থিত জনস্বাস্থ্য কাৰিকৰী বিভাগত কাৰ্য্যবাহী অভিযন্তা হিচাপে যোগদান কৰাৰ কথা আছিল শ্যামলেশে । সম্প্ৰতি যুৱকজনৰ আত্মহননে অঞ্চলটোত শোকৰ ছাঁ পেলাইছে।