মাইবাং কাণ্ডৰ দণ্ডাধীশ পৰ্যায়ৰ তদন্ত ঘোষণা জিলা প্ৰশাসনৰ

Representative-image-1-678x381

প্রতিনিধিত্বমূলক ফটো

যোৱা ২৫ জানুৱাৰীৰ মাইবাং কাণ্ডৰ দণ্ডাধীশ পৰ্যায়ৰ তদন্ত ঘোষণা কৰিছে ডিমা হাচাও জিলা প্ৰশাসনে। কৰিমগঞ্জ জিলাৰ অতিৰিক্ত জিলা দণ্ডাধীশ ৰঞ্জিতকুমাৰ লস্কৰক এই তদন্তৰ দায়িত্ব অৰ্পন কৰা হৈছে।

কাইলৈৰ (৩ ফেব্ৰুৱাৰী) পৰা মাইবাং মহকুমা কাৰ্যালয়ত উপস্থিত হৈ ৰাইজে দিব  সাক্ষ্য দিব পাৰিব। অহা সাত দিনৰ ভিতৰত তদন্তৰ প্ৰতিবেদন জিলা দণ্ডাধীশৰ হাতত জমা দিব লাগিব।

উল্লেখযোগ্য যে মাইবাঙত ডিমা হাচাওক নাগালিমত অন্তৰ্ভুক্ত কৰিব লাগে বুলি এজন আৰ এছ এছৰ নেতাই কৰা মন্তব্যৰ প্ৰতিবাদস্বৰূপে যোৱা ২৫ জানুৱাৰিত স্থানীয় ৰাইজে অৱস্থান ধৰ্মঘট কৰিছিল। কিন্তু অপ্ৰৰোচিতভাৱে আৰক্ষীয়ে শান্তিপূৰ্ণ প্ৰতিবাদকাৰীসকলৰ ওপৰত গুলী চলোৱাত কেইবাজনো লোক আহত হৈছিল, যাৰ মাজৰে দুজনৰ পিছত মৃত্যু হৈছিল।

এই ঘটনাৰ পিছতে সমগ্ৰ ডিমা হাচাও জিলাত বিক্ষোভৰ সৃষ্টি হৈছিল আৰু চৰকাৰৰ বিৰুদ্ধে স্থানীয় ৰাইজে মাৰবান্ধি প্ৰতিবাদ কৰি আহিছে।

ডিমাচা ছাত্ৰ সন্থাৰ উদ্যোগত অলপতে মাইবাঙত আছু আৰু ২৮ টা জনগোষ্ঠীয় ছাত্ৰ সংগঠনৰ প্ৰতিনিধিসকল এখন সভাত মিলিত হৈছিল। উক্ত সভাত সংগঠনসমূহৰ নেতৃত্বই ডিমা হাচাওক অসমৰ অৱিচ্ছেদ্য অংগ বুলি অভিহিত কৰি সকলোৱে ঐক্যবদ্ধভাৱে প্ৰতিবাদ কৰাৰ সংকল্প লৈছিল।

মাইবাঙৰ ঘটনাৰ পিছৰ পৰিস্থিতি ক্ৰমাৎ উত্তপ্ত হৈ পৰাৰ সময়তে অসম চৰকাৰে অসমৰ এক ইঞ্চি মাটিও এৰি নিদিও বুলি ঘোষণা কৰিছিল।

ইয়াৰ মাজতে ডিমা হাচাওৰ বিভিন্ন সংগঠনৰ প্ৰতিনিধিৰ সৈতে দিছপুৰত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ  এখন বৈঠক অনুষ্ঠিত হৈছিল আৰু বিষয়টো সম্পৰ্কত সাময়িক মীমাংসাৰ বাতাবৰণ এটা সৃষ্টি কৰাৰ প্ৰয়াস কৰা হৈছিল।

দণ্ডাধীশ পৰ্যায়ৰ তদন্তৰ প্ৰতিবেদনৰ পিছতহে অঞ্চলটোৰ ৰাইজৰ ক্ষোভ-প্ৰতিবাদৰ অন্ত পৰিৱনে নাই সেয়া ক’ব পৰা যাব।