মাজুলীৰ পৰ্যটন খণ্ডত নতুন সংযোজন; শীঘ্ৰে মাজুলীত নিৰ্মাণ হ’ব ক্ষুদ্ৰ বিমানবন্দৰ

majuli aerodrome

মাজুলীত উপস্থিত বিশেষজ্ঞৰ দল

শীঘ্ৰে নদীদ্বীপ মাজুলীৰ পৰা চলিব জল বিমান, এই উদ্দেশ্যে মাজুলীত অচিৰেই নিৰ্মাণ কৰা হ’ব ক্ষুদ্ৰ বিমানবন্দৰ । এই উদ্দেশ্যে ক্ষেত্ৰ নীৰিক্ষণৰ বাবে মাজুলীত উপস্থিত হয়হি ভাৰতীয় বিমাণ প্ৰাধিকৰণ, স্পাইচ জেট আৰু ৰাজ্যিক জলসম্পদ বিভাগৰ এটি বিশেষজ্ঞৰ দল।

প্ৰধান মন্ত্ৰীৰ নিৰ্দেশত দেশৰ ভিতৰতে গুজৰাটৰ পিছতে অসমৰ মাজুলীত এই ‘চি প্লেন প্ৰজেক্ট’ নিৰ্মাণ কৰা হ’ব বুলি উল্লেখ কৰে দলটিয়ে ।

মাজুলীত উপস্থিত হৈ কমলাবাৰী আৰু চেলেক ঘাট পৰ্যবেক্ষণ কৰি বিশেষজ্ঞৰ দলটোৱে কয় যে এই ব্যৱস্থাৰ জৰিয়তে মাজুলীক কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আৰু মানস অভয়াৰণ্যৰ সৈতে সংযোগ কৰাৰ পৰিকল্পনা কৰা হ’ব।

আনহাতে এই সন্দৰ্ভত আজি মাজুলীত উপস্থিত হোৱা পৰ্যটন মন্ত্ৰী চন্দ্ৰন ব্ৰহ্মই কয় যে এই আচনি ৰূপায়ণ হ’লে মাজুলীৰ পৰ্যটন ক্ষেত্ৰই সুকীয়া মাত্ৰা লাভ কৰিব। মাজুলীয়ে বিশ্ব ঐতিহ্যক্ষেত্ৰৰ স্বীকৃতি পোৱাৰ ক্ষেত্ৰত চৰকাৰে ব্যৱস্থা গ্ৰহণ কৰিব বুলিও উল্লেখ কৰে।

ভাৰতীয় বিমাণ প্ৰাধিকৰণৰ সংগীতা মহাইৰ নেতৃত্বত কালি বিশেষজ্ঞৰ দলটোৱে জিলা উপায়ুক্ত দেৱপ্ৰাসাদ মিশ্ৰৰ সৈতে উপায়ুক্ত কাৰ্যালয়ত এক আলোচনাত মিলিত হৈছিল।