মাজুলী জিলা উপায়ুক্তৰ ৰোষত পলমকৈ কাৰ্য্যালয়ত উপস্থিত হোৱা বিষয়া-কৰ্মচাৰী

মাজুলী জিলা উপায়ুক্ত পল্লব গোপাল ঝাই জিলাখনৰ বিভিন্ন বিভাগৰ বিষয়াৰ ওপৰত ক্ষুণ্ণ হৈ পৰাটো পৰিলক্ষিত হয়। লক্ষণীয় যে  কাৰ্য্যালয়ৰ বাবে নিৰ্ধাৰিত কৰি দিয়া সময়তকৈ পলমকৈ কাৰ্য্যালয়ত উপস্থিত থকাৰ বাবে মাজুলীৰ উপায়ুক্ত জনে কেইবাটাও বিভাগৰ বিষয়া-কৰ্মচাৰী সকলক শ্বক’জ প্ৰদান কৰে। জানিব পৰা মতে মাজুলী জিলা প্ৰশাসনৰ অন্তৰ্গত ৭ জন বিষয়া আৰু ৭২ জন কৰ্মচাৰীলৈ জিলা উপায়ুক্ত গৰাকীয়ে শ্ব’কজ প্ৰদান কৰিছে। উল্লেখযোগ্য যে জনস্বাস্থ্য কাৰিকৰী বিষয়া,  শ্ৰম পৰিদৰ্শক বিষয়া, মহকুমা পৰিসংখ্যা বিষয়া তথা মাজুলী জিলাৰ অন্তৰ্গত সমবায় সমূহৰ সহ-পঞ্জীয়ককো জিলা উপায়ুক্ত জনে কাৰ্য্যালয়ত পলমকৈ উপস্থিত থকাৰ উপযুক্ত কাৰণ বিচাৰি শ্ব’কজ প্ৰদান কৰিছে বুলি জানিব পৰা গৈছে।

আনহাতে  জলসম্পদৰ কাৰ্য্যবাহী অভিযন্তা, মহকুমা পশু চিকিৎসা বিষয়া আৰু মীন উন্নয়ন বিষয়াকে ধৰি মুঠ ১১ টা কাৰ্য্যালয়ৰ বিষয়া-কৰ্মচাৰীলৈ এই শ্বক’জ প্ৰদান কৰা হৈছে বুলি মাজুলী জিলা প্ৰশাসনে সদৰি কৰে। নৱবৰ্ষৰ পহিলা দিনটোৰ পৰা অসম চৰকাৰে ৰাজ্যিক কৰ্মচাৰীৰ কৰ্মসূচী ১০ বজাৰ পৰিবৰ্তে ৯:৩০ বজা কৰিছিল। এই ক্ষেত্ৰত ৰাজ্যৰ কৰ্মচাৰী সকলৰ মাজৰে কিছুসংখ্যক নিৰ্ধাৰিত সময়ত কাৰ্য্যালয়ত উপস্থিত নথকাৰ এক গুৰুতৰ অভিযোগ উত্থাপিত হৈছিল।

সুত্ৰমতে অহা ৫ জানুৱাৰীৰ ভিতৰত কাৰ্য্যালয়ত পলমকৈ উপস্থিত  হোৱাৰ প্ৰকৃত কাৰণ দৰ্শাবলৈ উপায়ুক্ত জনে এক নিৰ্দেশনা জাৰি কৰে। জানিব পৰা মতে জিলা প্ৰশাসনৰ বিষয়া-কৰ্মচাৰী সকল সময়মতে কাৰ্য্যালয়ত উপস্তিত থাকে নে নাই সেই কথা চোৱা-চিতা কৰিবৰ কাৰণে মাজুলী জিলা উপায়ুক্ত পল্লব ঝাই  কাৰ্য্যবাহী দণ্ডাধীশৰ এটা দলক দ্বায়িত্ব দিছিল ।