মানাহ ৰাষ্ট্ৰীয় উদ্যানত ৰাষ্ট্ৰীয় পৰ্যায়ৰ চৰাই পৰ্যবেক্ষণ কৰ্মশালা সম্পন্ন

পৰ্যবেক্ষণ

 মানাহ ৰাষ্ট্ৰীয় উদ্যানত দুদিনীয়াকৈ অনুষ্ঠিত হৈ যায় ৰাষ্ট্ৰীয় পৰ্যায়ৰ এক চৰাই পৰ্যবেক্ষণ কৰ্মশালা ৷

মানাহ মাউজিগেন্দ্ৰি ইক’ ট্যুৰিজিম ছচাইটিৰ উদ্যোগত তথা বিটিচিৰ পৰ্যটন বিভাগৰ সহযোগত অনুষ্ঠিত এই কৰ্মশালাৰ কালি নিশা অন্ত পৰে ৷

ৰাষ্ট্ৰীয় পৰ্যায়ৰ এই কৰ্মশালাত ভূটান, কাৰ্বিআংলং, মেঘালয়ৰ উপৰি অসমৰ ভিন্ন প্ৰান্তৰ প্ৰায় পঁচিশ গৰাকী প্ৰকৃতিপ্ৰেমীয়ে মানাহত বিভিন্ন প্ৰজাতিৰ চৰাই পৰ্যবেক্ষণ কৰে ৷ উল্লেখ্য যে মানাহত থকা ৪৬৭ বিধ চৰাইৰ ভিতৰত দুদিনত প্ৰায় এশৰো অধিক চৰাই পৰ্যবেক্ষণৰ সৌভাগ্য হয় অংশগ্ৰহণকাৰী পৰ্যবেক্ষকৰ ৷ চৰাই পৰ্যেবক্ষণৰ তত্বাৱধান কৰে উত্তৰ-পূবৰ এগৰাকী অন্যতম অৰ্নিথ’লজিষ্ট বাক্সাৰ ৰুস্তম বসুমতাৰীয়ে ৷

ইফালে এই কৰ্মশালাক লৈ কালি অনুষ্ঠিত এক সভাত মুখ্য অতিথিৰূপে উপস্থিত থাকে বিটিচিৰ উপ মুখ্য কাৰ্যবাহী কাম্পা বৰগয়াৰী ৷ লগতে বিটিচিৰ পৰ্যটন বিভাগৰ শীৰ্ষ বিষয়ববীয়াৰ উপৰি কলিকতাৰ প্ৰকৃতিবিদ অনিত ঘোষে সমল ব্যক্তিৰূপে উপস্থিত থাকি অসমত চৰাই পৰ্যবেক্ষণৰ গুৰুত্বৰ বিষয়ে ব্যাখ্যা আগবঢ়ায় ৷