মাৰ্ঘেৰিটাত ১০ বছৰীয়া কিশোৰীক যৌন নিৰ্যাতনৰ অপচেষ্টা চলোৱা যুৱকক গ্ৰেপ্তাৰ

আজি মাৰ্ঘেৰিটাৰ বৰগোলাইত এজন যুৱকে এগৰাকী কিশোৰীক যৌন নিৰ্যাতনৰ অপচেষ্টা চলোৱাৰ ঘটনা পোহৰলৈ অহাত অঞ্চলটোত তীব্ৰ চাঞ্চল্যই বিৰাজ কৰিছে। সঞ্জু চুব্বা  নামৰ এজন  ২৪ বছৰীয়া যুৱকৰ দ্বাৰা ১০ বছৰীয়া এগৰাকী কিশোৰীক যৌন নিৰ্যাতন চলোৱাৰ অপচেষ্টা চলোৱা বুলি অভিযোগ উত্থাপন হৈছে।

প্ৰাপ্ত তথ্য অনুসৰি তিনিচুকীয়া জিলাৰ  মাৰ্ঘেৰিটা আৰক্ষী থানাৰ অন্তৰ্গত  বৰগোলাইৰ তেল খাদ বস্তিত সঞ্জু চুব্বাই ঘৰত কোনো নথকাৰ সুযোগ লৈ ১০ বছৰীয়া কিশোৰী গৰাকীক  যৌন নিৰ্যাতন চলোৱাৰ অপচেষ্টা চলাইছিল।

লগে লগে কিশোৰী গৰাকীয়ে চিঞৰ বাখৰ কৰাত স্থানীয় একাংশ  ৰাইজ উপস্থিত হৈ  হাতে- লোটে ধৰি উত্তম মধ্যম সোধাই বিকৃত মানসিকতাৰ যুৱকজনক মাৰ্ঘেৰিটা  আৰক্ষীৰ হাতত  গতাই দিয়ে।

অৱশ্যে ঘটনাটোৰ লগত সাঙুৰ খাই পৰা যুৱক জনে সমগ্র ঘটনাটো অস্বীকাৰ কৰাৰ লগতে তেওঁৰ বিৰুদ্ধে অঞ্চলবাসীয়ে গভীৰ ষড়যন্ত্ৰ ৰচা বুলি অভিহীত কৰিছে।

উল্লেখ্য যে মাৰ্ঘেৰিটা মহকুমাত চলিত বৰ্ষত এনেধৰণৰ কেইবাটাও যৌন নিৰ্যাতনৰ ঘটনা সংঘটিত হৈছে। এই ক্ষেত্ৰত স্থানীয় সচেতন মহল তথা স্থানীয় মহিলা সংগঠন সমূহ ক্ষুণ্ণ হৈ পৰা পৰিলক্ষিত হৈছে।