মিজোৰামৰ এইচ্ছ লালদিনছাংগা বাস্কেটবল ফেডাৰেশ্যন অব ইণ্ডিয়াৰ পুৰুষৰ ৰাষ্ট্ৰীয় কনিষ্ঠ দলৰ প্ৰশিক্ষক নিযুক্ত হৈছে। ১৮ অনূৰ্ধ্ব ফিবা এছিয়ান চেম্পিয়নশ্বিপ, ২০১৮ ৰ কোৱালিফায়িং ৰাউণ্ড আৰু ২০১৮ৰ আগষ্টৰ ৫ৰ পৰা ১১ তাৰিখলৈ অনুষ্ঠিত হ’বলগীয়া ১৮ অনূৰ্ধ্ব ফিবা এছিয়ান চেম্পিয়নশ্বিপ, ২০১৮ৰ বাবে দলটোক প্ৰস্তুত কৰাৰ উদ্দেশ্যেৰে প্ৰশিক্ষকগৰাকীক নিযুক্তি দিয়া হৈছে।
মিজোৰামত মাপুইয়া নামেৰে জনাজাত লালদিনছাংগাই কাইলৈ ১০ জুন তাৰিখে ১৮ অনূৰ্ধ্বৰ ৰাষ্ট্ৰীয় দলটোক বাংগালুৰুৰ প্ৰশিক্ষণ শিবিৰত যোগদান কৰিব। বাস্কেটবল প্ৰশিক্ষণ শিবিৰটো শ্ৰী কান্তীৰাৱা ইনডোৰ ষ্টেডিয়ামত অনুষ্ঠিত কৰা হ’ব।
বৃহস্পতিবাৰে বাস্কেটবল ফেডাৰেশ্যন অব ইণ্ডিয়াৰ সাধাৰণ সম্পাদক চান্দেৰ মুখীয়ে লালদিনছাংগাক প্ৰশিক্ষক হিচাপে নিযুক্তি দিয়াৰ সন্দৰ্ভত মিজোৰাম বাস্কেটবল এছোচিয়েশ্যনক অৱগত কৰিছিল।
এই ৰাষ্ট্ৰীয় প্ৰশিক্ষণ শিবিৰটো হৈছে ২০১৮ৰ ছাবা মণ্ডল (SABA Zone) কোৱালিফাইং ৰাউণ্ড আৰু আগন্তুক ১৮ অনূৰ্ধ্ব ফিবা এছিয়ান চেম্পিয়নশ্বিপ, ২০১৮ আৰু ১৮ অনূৰ্ধ্ব ফিবা এছিয়ান চেম্পিয়নশ্বিপ, ২০১৮ৰ প্ৰস্তুতি আৰু বাচনি শিবিৰ।
এটা সংবাদ টোকাত চান্দেৰ মুখীয়ে কয়, ‘পুৰুষৰ কনিষ্ঠ দলটোক আগন্তুক আন্তঃজাতিক প্ৰতিযোগিতাৰ বাবে প্ৰস্তুত কৰাৰ উদ্দেশ্যে লালদিনছাংগাক প্ৰশিক্ষক হিচাপে নিয়োগ কৰা হৈছে। খেলুৱৈ হিচাপে তেওঁৰ অভিজ্ঞতা চলিত মাহতেই আৰম্ভ হ’বলগীয়া প্ৰশিক্ষণ শিবিৰটোৰ বাবে যথেষ্ট মূল্যবান। আমি তেওঁক প্ৰশিক্ষণ শিবিৰত পাই আনন্দিত।’
মিজোৰাম বাস্কেটবল এছোচিয়েশ্যনৰ কাৰিকৰী কমিটীৰ অধ্যক্ষ ড০ লালৰিনাওমা নামটেই ( Dr. Lalrinawma Hnamte) কৈছে যে কনিষ্ঠ দলটোৰ প্ৰশিক্ষক হিচাপে এইচ্ছ লালদিনছাংগাক প্ৰশিক্ষক হিচাপে নিযুক্তি দিয়াটো একো আচৰিত কথা নহয়। তেওঁ আৰু কয় যে ভাৰতীয় ছিনিয়ৰ বাস্কেটবল দলৰ সহকাৰী প্ৰশিক্ষক হিচাপে লালদিনছাংগাৰ দীৰ্ঘদিনীয়া অভিজ্ঞতা আছে।
লালদিনছাংগাই কয় যে বাস্কেটবল ফেডাৰেশ্যন অব ইণ্ডিয়াৰ কাৰিকৰী বিভাগৰ লোকসকলে তেওঁক ব্যক্তিগতভাৱে প্ৰশিক্ষকৰ দায়িত্ব গ্ৰহণ কৰাৰ বাবে আমন্ত্ৰণ কৰিছিল। তেওঁ দেশখনৰ যুৱ প্ৰতিভাক প্ৰশিক্ষণ প্ৰদান কৰাৰ আগ্ৰহ প্ৰকাশ কৰিছিল।
লালদিনছাংগা ভাৰতৰ বাস্কেটবল জগতখনত এটা চিনাকি নাম। ২০০৪ চনত তেওঁ ভাৰতীয় কনিষ্ঠ বাস্কেটবল দলটোৰ উপ অধিনায়ক আছিল আৰু ২০০৫ চনত প্ৰবীণ শাখাৰ উপ অধিনায়ক আছিল।
মিজোৰামৰ ঘৰুৱা বাস্কেটবলৰ জগতখনৰ শীৰ্ষতম বাস্কেটবল লীগ মিজোৰাম ছুপাৰ লীগৰ প্ৰথম সংস্কৰণত তেওঁক এগৰাকী মূল্যবান খেলুৱৈ হিচাপে বিৱেচনা কৰা হয়। খাটলা টিবিএলত প্ৰথম দুটা সংস্কৰণ তেওঁ খেলুৱৈ আৰু প্ৰশিক্ষক হিচাপে মিজোৰাম ছুপাৰ লীগক তুলি ধৰিছিল।