DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, May 19, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

মিনাৰ স্থানান্তৰকৰণৰ বিৰল দৃশ্য চাবলৈ পুৰণিগুদামত ভিৰ বিভিন্ন প্ৰান্তৰ উৎকণ্ঠিত লোকৰ

ইচ্ছুক লোকে সহযোগ কৰিবলৈ একাউণ্ট নম্বৰ মুকলি

ভাৰ্গব হাজৰিকা by ভাৰ্গব হাজৰিকা
April 27, 2019 10:34 am
মিনাৰ স্থানান্তৰকৰণৰ বিৰল দৃশ্য চাবলৈ পুৰণিগুদামত ভিৰ বিভিন্ন প্ৰান্তৰ উৎকণ্ঠিত লোকৰ
1.2k
VIEWS
Share on FacebookShare on Twitter

পুৰণিগুদামত অব্যাহত থকা শতবছৰ গৰকা বৰ মছজিদৰ ঐতিহাসিক মিনাৰ স্থানান্তৰকৰণৰ বিৰল দৃশ্য নিজ চকুৰে প্ৰত্যক্ষ কৰিবৰ বাবে অসমৰ বিভিন্ন প্ৰান্তৰ লোকে  নগাঁৱৰ পুৰণিগুদামত ভিৰ কৰিছেহি।

পূৰ্বতে নোহোৱা এনে পৌৰাণিক কীৰ্তিস্তম্ভ স্থানান্তৰকৰণ প্ৰক্ৰিয়া ওপৰত পৰ্য্যবেক্ষণ কৰিবৰ বাবে চৰকাৰৰ গড়কাপ্তানি বিভাগেও প্ৰেৰণ কৰিছে বিভাগীয় কৰ্মচাৰী তথা কাৰিকৰী অভিযন্তা। এইসূত্ৰে চৰকাৰী নিৰ্দেশ মৰ্মে যোৰহাট গড়কাপ্তানি বিভাগৰ যান্ত্ৰিক ক্ষেত্ৰৰ দুই কাৰিকৰী বিষয়া ইতিমধ্যেই পূৰ্বৰ স্থানৰ পৰা প্ৰায় ৪৫ ফুট স্থানান্তৰ হোৱা মিনাৰটোৰ পুংখানুপুংখ পৰ্য্যবেক্ষণ কৰি তথ্য আহৰণ কৰে যাতে ভৱিষ্যতে অসমত প্ৰয়োজনবসত চৰকাৰী ভাবে কোনো প্ৰাচীন কীৰ্তিস্তম্ভ তথা চৰকাৰী আবাস পুনঃসংস্থাপিত কৰিব পৰা যায়।

ইফালে অসমৰ বিভিন্ন ঠাইৰ বিভিন্ন জনৰ লগতে গুৱাহাটী বিশ্ববিদ্যালয়ৰ প্ৰাক্তন উপাচাৰ্য্য নিৰ্মল চৌধুৰীয়ে গুৱাহাটীৰ পৰা আহি এই বিৰল দৃশ্য পৰিদৰ্শন কৰি উৎফুল্লিত হৈ পৰাৰ লগতে ঐক্য-সম্প্ৰীতিৰ প্ৰতীক স্বৰূপে শতবছৰ ধৰি পুৰণিগুদামত শিৰ উচ্চ কৰি থকা মিনাৰটোৰ উচিত সংৰক্ষণৰ বাবে সমূহ ৰাইজে কৰা ঐক্যান্তিক প্ৰচেষ্টাৰ বাবে অশেষ কৃতজ্ঞতা জ্ঞাপন কৰে।

উল্লেখযোগ্য যে ১৯০২ চনতে স্থানীয় ছাজিদুৰ ৰহমান নামৰ এজন লোকৰ মাতৃৰ আৰ্থিক অনুদানৰে বৰ্তমানৰ বাংলাদেশৰ ঢাকাৰ এজন প্ৰসিদ্ধ ৰাজমিস্ত্ৰীৰ তত্ত্বাৱধানত ৰংঘৰ আৰু কামাখ্যা মন্দিৰৰ আৰ্হিত নিৰ্মাণ হৈছিল মিনাৰটো। কিন্তু এই মিনাৰটোৰ নিৰ্মাণ কাৰ্যত ব্যৱহাৰ হোৱা নাছিল লোৰ ৰদ, চিমেণ্টৰ ঠাইত ব্যৱহাৰ কৰিছিল হাঁহকণী, মাটিমাহ, বৰা চাউল, ধূণা আদিৰ মিশ্ৰন।

অৱশ্যে এতিয়াও প্ৰায় ৩৫ ফুট স্থানান্তৰকৰণৰ প্ৰক্ৰিয়া বাকী যাৰ বাবে প্ৰয়োজন অধিক অৰ্থৰ। গতিকে এই ঐতিহাসিক ঘটনাৰ অংশীদাৰ হ’বৰ বাবে অসমৰ ইচ্ছুক শুভাকাংক্ষীক পুৰণিগুদাম স্থিত UBI-ৰ একাউণ্ট নম্বৰ 0640010335300-ত (IFSC: UTBI0PGMG11) আৰ্থিক অনুদান আগবঢ়াব পৰাকৈও সুবিধা কৰিছে সামগ্ৰিকভাবে মিনাৰ স্থানান্তৰকৰণৰ উদ্যোগ হাতত লোৱা স্থানীয় অঞ্জুমান-ই-ইছলামীয়াৰ কৰ্তৃপক্ষই।

লগতে বতৰ ঠিক থাকিলে আগন্তুক এসপ্তাহৰ ভিতৰতে নিৰ্ধাৰিত স্থানত মিনাৰটো সংস্থাপিত কৰিব পৰা যাব বুলি জানিবলৈ দিয়ে অঞ্জুমান-ই-ইছলামীয়াৰ বিষয়ববীয়াই।

Recent News

শালকোচাত দুই চোৰাং চিকাৰীক আটক, দুটা মৃত কেটেলা পহু উদ্ধাৰ

শালকোচাত দুই চোৰাং চিকাৰীক আটক, দুটা মৃত কেটেলা পহু উদ্ধাৰ

বানৰ সমানে সমানে কৃষ্ণাই নৈৰ খহনীয়াৰ ভয়ংকৰ ৰূপ

বানৰ সমানে সমানে কৃষ্ণাই নৈৰ খহনীয়াৰ ভয়ংকৰ ৰূপ

ফেচবুকত বিপ্লৱী কবিতা লিখি গ্ৰেপ্তাৰ হ’ল যোৰহাটৰ প্ৰতিভাৱান ছাত্ৰী

ফেচবুকত বিপ্লৱী কবিতা লিখি গ্ৰেপ্তাৰ হ’ল যোৰহাটৰ প্ৰতিভাৱান ছাত্ৰী

জনপ্ৰতিনিধিৰ কাণ্ড: সাংবাদিকৰ পিঠিত উঠি গ’ল বান বিধ্বস্ত এলেকা চাবলৈ!

জনপ্ৰতিনিধিৰ কাণ্ড: সাংবাদিকৰ পিঠিত উঠি গ’ল বান বিধ্বস্ত এলেকা চাবলৈ!

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd