মেঘালয়ত চলি থকা পথ উন্নয়ন প্ৰকল্পৰ অগ্ৰগতিৰ বুজ লয় মুখ্য মন্ত্ৰীয়ে

মেঘালয়ৰ মুখ্য মন্ত্ৰী কনৰাড ছাংমাই পথ যোগাযোগ ব্যৱস্থাৰ উন্নয়নৰ উদ্দেশ্যে ৰাজ্যখনত বৰ্তমান চলি থকা প্ৰকল্পসমূহৰ কামৰ অগ্ৰগতিৰ বুজ লোৱাৰ উদ্দেশ্যে ক্ষেত্ৰসমূহ পৰিদৰ্শন কৰে।

তেওঁ পৰিবহণ বিভাগৰ বিষয়া সকলৰ সৈতে মিলি শ্বিলঙত অৱস্থিত মাওলাই বাইপাছ পৰিদৰ্শন কৰি ইয়াৰ অগ্ৰগতিৰ বুজ লয়। উল্লেখযোগ্য যে ৰাজধানী চহৰখনত যান-বাহনৰ চলাচল সুচল কৰাৰ উদ্দেশ্যে নতুন চৰকাৰখনে উক্ত পথটো সোনকালে সম্পূৰ্ণ হৈ উঠাৰ ওপৰত গুৰুত্ব প্ৰদান কৰিছে।

ইয়াৰ উপৰি তেওঁ উমৰইট অৱস্থিত শ্বিলং বিমানবন্দৰৰো পৰিদৰ্শন কৰে।

জানিব পৰা মতে ৰাজ্য চৰকাৰখনে পাহাৰীয়া ৰাজ্যখনৰ যোগাযোগ ব্যৱস্থাৰ উন্নয়ণ সাধন কৰি আন উন্নত ৰাজ্যৰ সৈতে একে শাৰীত উপনীত কৰাৰ বাবে বিভিন্ন পদক্ষেপ হাতত লৈছে।

এই মাহৰ আৰম্ভণিতে মুখ্য মন্ত্ৰী ছাংমাই কেন্দ্ৰীয় পথ আৰু পৰিবহণ মন্ত্ৰী নীতিন গাডকাৰিক লগ ধৰি ৰাজ্যখনৰ পথ যোগাগৰ উন্নয়নৰ বাবে কেন্দ্ৰীয় চৰকাৰৰ পৰা সহযোগিতা বিচাৰে। তেওঁ কেন্দ্ৰীয় মন্ত্ৰীজনৰ মেঘালয়ত বৰ্তমানে চলি থকা পথ নিৰ্মাণৰ কাম-কাজসমূহৰ বিষয়ে বিস্তৃত ভাবে আলোচনা কৰে।

কেন্দ্ৰীয় মন্ত্ৰী গৰাকীয়ে এই ক্ষেত্ৰত ৰাজ্যখনক সকলো ধৰণৰ সহায়-সহযোগিতা আগবঢ়োৱা হ’ব বুলি আশ্বাস প্ৰদান কৰে।