মেঘালয়ত প্ৰথমটো এল পি জি প্ৰকল্প স্থাপন কৰিব কেন্দ্ৰই

কেন্দ্ৰই মেঘালয়ত  এল পি জি চিলিণ্ডাৰ বিতৰণত সুচলতা অনাৰ লক্ষ্যৰে এটা এল পি জি ‘ব’টলিং প্লেন্ট ‘ স্থাপন কৰিব। শনিবাৰে সাংবাদিকৰ আগত এই কথা প্ৰকাশ কৰি কেন্দ্ৰীয় পেট্ৰ’লিয়াম আৰু প্ৰাকৃতিক গেছ বিভাগৰ মন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানে কয় যে কেন্দ্ৰই এই প্ৰকল্পটোৰ বাবে ৭৫ কোটি টকা ব্যয় কৰিব।

এই ক্ষেত্ৰত কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে মেঘালয় চৰকাৰ আৰু ভাৰতীয় তেল নিগমৰ সৈতে এখন বুজাবুজিৰ চুক্তিত স্বাক্ষৰ কৰিছে। এই প্ৰকল্পটো বছৰি ৩০,০০০ মেট্ৰিক টন এল পি জি উৎপাদন ক্ষমতা সম্পন্ন হ’ব।

ইয়াৰ পূৰ্বে চুক্তি স্বাক্ষৰিত কৰাৰ উদ্দেশ্যেৰে প্ৰধানে মুখ্যমন্ত্ৰী মুকুল চাংমাক তেওঁৰ চৰকাৰী বাসভৱনত সাক্ষাৎ কৰিছিল।

উত্তৰ-পূৰ্বাঞ্চলত, মাত্ৰ ২৭ শতাংশ পৰিয়ালে এল পি জিৰ সুবিধা গ্ৰহণ কৰা মেঘালয়েই হৈছে আটাইতকৈ কম ব্যৱহাৰকাৰী ৰাজ্য। এই ক্ষেত্ৰত এল পি জি ব্যৱহাৰকাৰীৰ ৰাষ্ট্ৰীয় গড় হৈছে ৭৭ শতাংশ।

কেন্দ্ৰীয় মন্ত্ৰী প্ৰধানে কয় যে কেন্দ্ৰীয় চৰকাৰে গ্ৰাম্য পৰিয়ালসমূহত এল পি জি সংযোগ আগবঢ়োৱাৰ ক্ষেত্ৰত অত্যন্ত গুৰুত্ব প্ৰদান কৰিছে।

বৰ্তমান গোটেই মেঘালয় ৰাজ্যখনত মাত্ৰ ৪৯ টা বিতৰক প্ৰতিষ্ঠান আছে আৰু আন ২০টা  বিতৰক প্ৰতিষ্ঠান নতুনকৈ যোগ হ’ব। প্ৰস্তাৱিত নতুন প্ৰকল্পটোৱে গোটেই মেঘালয়ৰে চাহিদা পূৰণ কৰিব। বৰ্তমান ৰাজ্যখনে অসমৰ ওপৰত নিৰ্ভৰ কৰিবলগীয়া হৈ আছে।

কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে কয় যে প্ৰধানমন্ত্ৰীয়ে দেশৰ প্ৰান্তীয় অঞ্চলসমূহক প্ৰাথমিকতা প্ৰদান কৰিছে আৰু মেঘালয় হৈছে ইয়াৰ ভিতৰত অন্যতম। ‘’ মেঘালয়ত আমি প্ৰধানমন্ত্ৰী উজলা যোজনাৰ ক্ষিপ্ৰ ৰূপায়ন কৰিব বিচাৰিছো। এইটো প্ৰধানমন্ত্ৰীৰ অভিলাষী ৰাজসাহায্যযুক্ত এল পি জি আচনিৰ অংশ।‘’

সাংবাদিকৰ এক প্ৰশ্নৰ উত্তৰত মন্ত্ৰী প্ৰধানে কয় যে ভাৰতীয় তেল নিগমৰ এটা পুৰণি স্থান আছে য’ত চৰকাৰে নতুন এল পি জি প্ৰকল্পটেো নৰ্মাম কৰিব পাৰে।

পূৰ্বতে ৰিভই জিলাৰ পাইলুনত ভাৰতীয় তেল নিগমৰ এটা কাৰ্যক্ষমহীন ডিপ’ আছে আৰু তাতেই নতুন প্ৰকল্পটো স্থাপনৰ বাবে ভূমি অধিগ্ৰহণৰ পৰিকল্পনা আছে।