• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, July 6, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব মেঘালয়

মেঘালয়ত মোদীৰ নিৰ্বাচনী ডংকা : মুকুল চাংমা নেতৃত্বাধীন কংগ্ৰেছ চৰকাৰক কঠোৰ সমালোচনা

এন ই নাও নিউজ by এন ই নাও নিউজ
December 17, 2017 8:46 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

নিৰ্বাচন অভিমুখী মেঘালয়ত আজি উপস্থিত হোৱা প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মেঘালয়বাসীলৈ উন্নয়নমূলক আঁচনিৰ টোপোলা উপহাৰ দিয়াৰ লগতে নিৰ্বাচনী সভাতো অংশ গ্ৰহণ কৰে। আজি শ্বিলঙৰ প’ল’ গ্ৰাউণ্ডত এখন নিৰ্বাচনী সভাত অংশ গ্ৰহণ কৰি মোদীয়ে কংগ্ৰেছ চৰকাৰখনে ইয়াৰ সাধাৰণ লোকৰ বাবে কাম কৰাতকৈ কয়লা মাফিয়াৰ হকেহে কাম কৰা বুলি কয়। মোদীয়ে তেওঁৰ ভাষণত তেওঁৰ চৰকাৰে যোৱা তিনি বছৰত মেঘালয়কে ধৰি উত্তৰ-পৰ্বাঞ্চলৰ বাবে কি কি উন্নয়নমূলক কাম কৰিছে তাৰ হিচাপ দাঙি ধৰে আৰু মুকুল চাংমাৰ চৰকাৰখনক কঠোৰ ভাষাৰে সমালোচনা কৰে। মোদীৰ সৈতে ডায়াছত চাৰিজন বিধায়কো উপস্থিত আছিল। নিৰ্বাচনী সভাখনৰ পূৰ্বে এইটো কোৱাকুই চলিছিল যে কংগ্ৰেছী বিধায়ক এ এল হেক, এন চি পিৰ বিধায়ক চেনবৰ চুলেই আৰু আন দুজন নিৰ্দলীয় বিধায়ক ক্ৰমে ৰবিনাছ চিংকন আৰু জাষ্টিন ধাৰে বিজেপিত যোগদান কৰিব আৰু মোদীৰ সৈতে ডায়াছত একেলগে বহিব। মোদীয়ে কয় যে মেঘালয় সৰু সৰু ৰাজ্যবোৰৰ বাবে এক দৃষ্টান্ত হ’ব পাৰে। তেওঁ কয়, যদিও কংগ্ৰেছে যোৱা পোন্ধৰ বছৰ ৰাজ্যখনত শাসন কৰি আছে, তথাপি শ্বিলঙৰ মানুহে পৰিষ্কাৰ খোৱাপানী পোৱা নাই, যানজঁটৰ পৰা মুক্তি পোৱা নাই, স্বাস্থ্য বিভাগৰ অৱস্থা ভাল নহয়, বিদ্যালয়ৰ অৱস্থাও তথৈবচ। তেওঁ অভিযোগ কৰে যে মেঘালয়ৰ বাবে কেন্দ্ৰই যথেষ্ট টকা দিয়াৰ পিছতো ইয়াত আঁচনিবোৰ, প্ৰকল্পবোৰ সম্পূৰ্ণ নহয়। দুৰ্নীতিৰ উপৰি কেগৰ প্ৰতিবেদন মতে যোৱা ছবছৰত ৰাজ্যখনত ৯০৮ কোটি টকা অব্যৱহৃত হৈ পৰি আছে। শিক্ষা বিভাগতো তেওঁ অযোগ্যজনক নিযুক্ত দিয়া বুলি অভিযোগ কৰে। শিশুৰ খাদ্যবস্তুৰ বাবে দিয়া টকাও চুৰি হয় বুলি তেওঁ মন্তব্য কৰে। তেওঁ নিজৰ দলটোৰ প্ৰতি সমৰ্থন বিচাৰি উপস্থিত দৰ্শকক কয় যে তেওঁৰ চৰকাৰৰ বিকাশৰ আঁচনি, দ্ৰুত বিকাশ আৰু সামগ্ৰিক বিকাশৰ প্ৰতিশ্ৰুতিৰ বাদে দিবলৈ একো নাই। তাৎপৰ্য্যপূৰ্ণভাৱে মোদীয়ে বাট-পথ, ৰেইল আৰু বিমানসেৱাৰ উন্নয়ন তথা পৰ্য্যটনৰ দিশত দলটোৱে শাসনলৈ আহিলে ৰাজ্যখনৰ বাবে কৰিব খোজা কামবোৰৰ কথা কওঁতে মিজোৰামত দিয়া ভাষণৰে পুনৰাবৃত্তি কৰে। তেওঁ মিজোৰামত কোৱাৰ দৰে ইয়াতো কয় যে দেশৰ ভিতৰতে পৰ্য্যটনৰ ক্ষেত্ৰত মেঘালয়ক এক শীৰ্ষস্থানলৈ নিয়া হ’ব আৰু লগতে ক্ৰীড়াক্ষেত্ৰতো। তেওঁ মেঘালয়ে অহা ২০২২ চনত ৰাষ্ট্ৰীয় গেইমছ পতাৰ সুযোগ পোৱাটোতো আনন্দিত বুলি কয় আৰু ই ৰাজ্যখনৰ প্ৰতিষ্ঠাৰ ৫০ বছৰ পূৰ্তিৰ সৈতে ৰজিতা খাই পৰিব বুলি কয়। তেওঁ ভাষণত ৰাজ্যখনৰ কেইবাজনো উল্লেখযোগ্য খেলুৱৈৰ নাম লয়।

আনহাতে আজি নিৰ্বাচনী সভাত ভাষণ দিয়াৰ পূৰ্বে মোদীয়ে মেঘালয়ত নতুনকৈ নিৰ্মিত শ্বিলং-নংষ্টইন-ৰংজেং-তুৰা সংযোগী পথটো মুকলি কৰে। তাৎপৰ্য্যপূৰ্ণভাৱে মুখ্য মন্ত্ৰী মুকুল চাংমা আৰু মেঘালয়ৰ গড়কাপ্তানি মন্ত্ৰী এই উদ্বোধনী অনুষ্ঠানটোৰ পৰা আঁতৰি আছিল।

Apply Now
এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

গুৱাহাটীৰ কৃত্ৰিম বান ৰোধৰ বাবে বিস্তৃত কাৰ্যপন্থা, জনতা ভৱনত উচ্চস্তৰীয় পৰ্যালোচনা বৈঠক

গুৱাহাটীৰ কৃত্ৰিম বান ৰোধৰ বাবে বিস্তৃত কাৰ্যপন্থা, জনতা ভৱনত উচ্চস্তৰীয় পৰ্যালোচনা বৈঠক

July 5, 2026 8:47 pm
কাজিৰঙাত শোকৰ ছাঁ! ৩৪ বছৰ সেৱা আগবঢ়োৱা বনবিভাগৰ নিৰ্ভৰযোগ্য হাতী জয়মালা আৰু নাই

কাজিৰঙাত শোকৰ ছাঁ! ৩৪ বছৰ সেৱা আগবঢ়োৱা বনবিভাগৰ নিৰ্ভৰযোগ্য হাতী জয়মালা আৰু নাই

July 5, 2026 7:48 pm
ইংলেণ্ডৰ বিৰুদ্ধে দ্বিতীয় টি-২০ ত অভিষেক বৈভৱ সূৰ্যবংশীৰ, সামাজিক মাধ্যমত অনুৰাগীলৈ কৃতজ্ঞতা জ্ঞাপন

ইংলেণ্ডৰ বিৰুদ্ধে দ্বিতীয় টি-২০ ত অভিষেক বৈভৱ সূৰ্যবংশীৰ, সামাজিক মাধ্যমত অনুৰাগীলৈ কৃতজ্ঞতা জ্ঞাপন

July 5, 2026 6:08 pm
খামেনেইৰ শেষকৃত্যত তিনি সন্তান উপস্থিত, নাই কেৱল উত্তৰাধিকাৰী মোজতবা

খামেনেইৰ শেষকৃত্যত তিনি সন্তান উপস্থিত, নাই কেৱল উত্তৰাধিকাৰী মোজতবা

July 5, 2026 6:01 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

গুৱাহাটীৰ কৃত্ৰিম বান ৰোধৰ বাবে বিস্তৃত কাৰ্যপন্থা, জনতা ভৱনত উচ্চস্তৰীয় পৰ্যালোচনা বৈঠক

গুৱাহাটীৰ কৃত্ৰিম বান ৰোধৰ বাবে বিস্তৃত কাৰ্যপন্থা, জনতা ভৱনত উচ্চস্তৰীয় পৰ্যালোচনা বৈঠক

July 5, 2026 8:47 pm
কাজিৰঙাত শোকৰ ছাঁ! ৩৪ বছৰ সেৱা আগবঢ়োৱা বনবিভাগৰ নিৰ্ভৰযোগ্য হাতী জয়মালা আৰু নাই

কাজিৰঙাত শোকৰ ছাঁ! ৩৪ বছৰ সেৱা আগবঢ়োৱা বনবিভাগৰ নিৰ্ভৰযোগ্য হাতী জয়মালা আৰু নাই

July 5, 2026 7:48 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd