মেঘালয়ত শুকুৰবাৰে কেন্দ্ৰীয় শক্তি মন্ত্ৰী আৰ কে সিঙে মুকলি কৰিব ‘সৌভাগ্য’ আঁচনি   

modielectricity7

কেন্দ্ৰীয় চৰকাৰৰ নতুন আঁচনি প্ৰধান মন্ত্ৰী চহজ বিজলী হৰ ঘৰ য়োজনা-‘সৌভাগ্য’ৰ অধীনত ভাৰতৰ যি সকল পৰিয়াল এতিয়াও অন্ধকাৰত আছে সেই পৰিয়ালক বিজুলী যোগান ধৰাৰ প্ৰয়াসেৰে আৰম্ভ কৰা ‘সৌভাগ্য’ আঁচনিখন শুকুৰবাৰে আনুষ্ঠানিকভাবে শুভাৰম্ভ হ’ব মেঘালয়ত। শুকুৰবাৰে কেন্দ্ৰীয় শক্তি মন্ত্ৰী আৰ কে সিঙ মেঘালয়ত উপস্থিত হৈ আনুষ্ঠানিকভাবে শুভাৰম্ভণি কৰিব সৌভাগ্য আঁচনি।

ৰাজ্যখনৰ ৰাজধানী শ্বিলঙস্থিত চেণ্ট্ৰেল লাইব্ৰেৰীৰ য়ু ছছো থাম প্ৰেক্ষাগৃহত আয়োজন কৰিবলগীয়া এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত মুখ্য মন্ত্ৰী কনৰাড ছাংমা, শক্তি মন্ত্ৰী জেমছ কে ছাংমাৰ লগতে বহুতো গণ্য মান্য ব্যক্তিৰ উপস্থিতিত কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে উক্ত আঁচনিৰ শুভাৰম্ভণি কৰিব।

ইয়াৰ পাছতে কেন্দ্ৰীয় মন্ত্ৰী সিঙে মুখ্য মন্ত্ৰী ছাংমাৰ লগত এখন গুৰুত্বপূৰ্ণ আলোচনাত মিলিত হ’ব।

আনহাতে কেন্দ্ৰীয় শক্তি মন্ত্ৰীগৰাকীয়ে মেঘালয়ৰ পৰা ২১ এপ্ৰিলৰ দিনা গুৱাহাটী অভিমুখে ৰাওনা হ’ব। আৰু শণিবাৰে মন্ত্ৰীগৰাকীয়ে গুৱাহাটীত অসমৰ সৌভাগ্য আঁচনি সম্পৰ্কে এক পৰ্যালোচনামূলক আলোচনা কৰিব।

উল্লেখ্য যে যোৱা বছৰ ২৫ ছেপ্তেম্বৰত প্ৰধান মন্ত্ৰী চহজ বিজলী হৰ ঘৰ য়োজনা চমুকৈ ‘সৌভাগ্য’ আঁচনিখন আনুষ্ঠানিকভাবে কেন্দ্ৰীয় শক্তি মন্ত্ৰীগৰাকীয়ে উদ্বোধন কৰিছিল।

সৌভাগ্য আঁচনিৰ অধীনত গ্ৰাম্যাঞ্চল তথা চহৰাঞ্চলৰ প্ৰকৃত দুখীয়া পৰিয়াল সমূহক বিনামূলীয়াকৈ বিজুলি বাতি যোগান ধৰাৰ বাবে কেন্দ্ৰীয় চৰকাৰে এই আঁচনিখন মুকলি কৰে।